নগাঁও জিলাৰ দগাঁৱত 'দগাঁও চেন্ট্ৰেল স্কুল' নামেৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শুভাৰম্ভণিঃ

:নগাঁও জিলাৰ দগাঁও স্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপতে 'দগাঁও চেন্ট্ৰেল স্কুল' নামেৰে এখনি ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ দেওবাৰে আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰা হয়। ডাঃ ৰিয়াজ উদ্দিন আহমেদৰ ঐকান্তিক প্ৰচেষ্টাত 'দগাঁও চেন্ট্ৰেল স্কুল' নামেৰে স্থাপিত হোৱা শিক্ষানুষ্ঠান খনৰ চৌহদত আজি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কান্ধুলিমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তফাইল উদ্দিন ফাৰুক আহমেদ, আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তালেব আলী, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তৰুণ চন্দ্ৰ গোস্বামী, জুৰীয়া উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ  লগতে বহুকেইজন   শিক্ষাবিদ উপস্থিত থাকি  শিক্ষাৰ প্ৰয়োজনীয়তা বিশ্লেষণ কৰাৰ লগতে শিক্ষানুষ্ঠান খনৰ উত্তৰোত্তৰ কামনা কৰি ভাষন প্ৰদান কৰে। উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ বাবে, উচ্চ শিক্ষাসম্পন্ন শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান, অনলাইন, অফলাইন দুয়োটা পদ্ধতিৰে পাঠদান আদি বিভিন্ন লক্ষ্য উদ্দেশ্যৰে বৃহত্তৰ অঞ্চলৰ নৱ প্ৰজন্মক সঠিক পথ প্ৰদৰ্শৰ বাবে শুভাৰম্ভ হোৱা 'দগাঁও চেন্ট্ৰেল স্কুল' শীৰ্ষক ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান খনিয়ে বৃহত্তৰ অঞ্চলত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে শৈক্ষিক জগতত এক  আশাৰ বতৰা কঢ়িয়াই আনিছে ।
মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা