ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্যঃ নামনি অসমত ত্ৰাস সৃষ্টিকাৰী দুই চিলনী চোৰক গুৱাহাটীৰ পৰা আটক

প্ৰতিবেদক, ৰঙিয়া ২৬ এপ্ৰিলঃ সমগ্ৰ ৰঙিয়া মহকুমা সহ নামনি অসমত ত্ৰাস সৃষ্টি কৰি  আৰক্ষীৰ নিদ্ৰা হৰণ কৰা ৰঙিয়াৰ দুই চিলনী চোৰক ৰঙিয়া আৰক্ষীয়ে গুৱাহাটী হাতীগাৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ধৰ্ষ ডকাইত দুজনক ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি সোমবাৰে গুৱাহাটী হাতীগাঁৱৰ পৰা আটক কৰে । তেওঁ লোকৰ পৰা নডাল সোনৰ চেইন, বৃহৎ পৰিমাণৰ নগদ ধন, এ টি এম কাৰ্ড, মোবাইল ফোন আৰু এখন বিলাসী গাড়ী (নম্বৰ এ এছ ০১ এটি ১৪৪৯ )  উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আটকাধীন দুজনক ৰঙিয়া মলোখাতৰ চৰিফুল আলী ওৰফে টিকলা আৰু ৰঙিয়া চহৰৰ তৈয়াবুৰ ৰহমান ওৰফে পাকু বুুুুলি চিনাক্ত কৰা হৈছে। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াা ৰতন দাসৰ নেতৃত্ববত যোৱা এদল আৰক্ষীয়ে তেওলোকক  আটক কৰাৰ ৰঙিয়ালৈ লৈ আনে ।   আৰক্ষীয়ে ধৃত দুয়োজনৰ স্বীকাৰোক্তিিৰ ভিত্তিত ইতিমধ্যে ৰঙিয়াৰ বিভিন্ন ঠাইত অভিযান আৰম্ভ কৰিছে । গুৰুত্বপুৰ্ণ বিষয়টো হল যে ধৃত টিকলা আৰু পাকুয়ে ইতিমধ্যে মহিলাৰ  ডিঙিৰ পৰা সোনৰ চেইন  কাঢ়ি নিয়াৰ পিচত অৰ্ধ শতাধিক মহিলাই ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ।  দুদিন পুৰ্বে এগৰাকী শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোনৰ চেইন কাঢ়ি নিয়াৰ পিচত শিক্ষয়িত্ৰী গৰাকীয়ে ৰঙিয়াা মলখাতৰ  চৰিফুল ওৰফে টিকলা জৰিত থকা বুলি গোচৰ ৰুজু কৰিছিল । তাৰ পিচতহে আৰক্ষীয়ে টিকলাক আটক কৰিবলৈ সক্ৰিয় হৈ পৰে । ইফালে তিনিদিন পুৰ্বে ৰঙিয়া ব্ৰিকফিল্ড কলণিত এটা চুৰি কাৰ্য্য সংঘটিত হৈছিল । ধৃত দুয়োজনে উক্ত ঘটনাৰ লগত জৰিত থকাবুলি স্বীকাৰ কৰাত উক্ত ঠাইৰ পৰা চুৰি হোৱা কলা ৰংঙৰ পালচাৰ এখন লুকাই থোৱা ঠাইৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে  ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা