বৰহোলা জুনিয়ৰ কলেজত কৃৰ্তিমান আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক অভিনন্দন

বৰহোলা =১২ এপ্ৰিল ঃ
বৰহোলাৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান বৰহোলা জুনিয়ৰ কলেজত কালি ১০ এপ্ৰিলৰ দিনা ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তিন হবলৈ সক্ষম হোৱা আৰু মহাবিদ্যালয় খনৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱা হয়।দেশত চলি যোৱা ক'ভিড মহামাৰীৰ বাবে নিৰ্দিষ্ট সময়তকৈ পলমকৈ মহাবিদ্যালয় খনৰ নিজা গৃহত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানটি পৰিচালনা কৰে কলেজ খনৰ পৰিচালনা সমিতিৰ সভাপতি তাৰা নাথ বৰাই আৰু উদ্দেশ্য বাখ্যা কৰে পৰিচালনা সমিতিৰ সহকাৰী সম্পাদকৰ ৰাজু শইকীয়াই।কলেজ খনৰ পৰা বিজ্ঞান শাখাত ২১ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ৩ জন, দ্বিতীয় ১৬ জনে আৰু ২ জনে তৃতীয় বিভাগত আৰু কলা শাখাৰ ৩০ জনৰ ভিতৰত প্ৰথম বিভাগত ৮ জন ,দ্বিতীয় ১৯ জনে আৰু তৃতীয় বিভাগত ৩ জনে ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণহৈ শতকৰা এশ শতাংশ উত্তীৰ্ণ হবলৈ সক্ষম হয় ।আনহাতেদি এই বৰ্ষত মহাবিদ্যালয় খনত শিক্ষা গ্ৰহণ কৰিবলৈ অহা নতুন ছাত্ৰ-ছাত্ৰী সকলকো সভাতে অভিনন্দন জনোৱা হয়। সভা খনিত বিশিষ্ট অতিথি হিচাবে তিতাবৰ জিলা মইনা পাৰিজাতৰ সম্পাদক ৰবীন মহন্ত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক পুথিগত শিক্ষাৰ উপৰিও সহবিদ্যায়তনিক দিশৰ শিক্ষাৰে শিক্ষিত হৈ আগুৱাই যাবলৈ আহ্বান জনাই। সভাত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ দ্বয় লীলা বৰা আৰু অভয় ভাগৱতীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।সভাত মহাবিদ্যালয়খনৰ যুতিয়া সম্পাদক মুকুট বৰা উপস্থিত থাকি মহাবিদ্যালয় খনৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কলা শাখাত শতকৰা ৮৭ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা জ্যোতি ৰেখা শইকীয়াক নগদ বিশ হাজাৰ টকা আগবঢ়াই। মহাবিদ্যালয়খনৰ স্বত্বাধিকাৰী ইব্ৰা হুছেইনৰ মাতৃ নুৰেজা বেগমক মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিয়ে তেখেতৰ মহানুভৱতাৰ বাবে সম্বৰ্ধনা জনাই।
ৰবীন মহন্ত।

Comments