এথলেথিকচ্ প্ৰশিক্ষকত উজলিল মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ফিৰোজ আহমেদ

 মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান, ২২ এপ্ৰিল :* ভাৰতীয় এথলেথিকচ্ ফেডাৰেচন অফ ইণ্ডিয়াৰ অধীনত ক্ষন্তেকতে হৈ যোৱা Pre-Level 1 Coach পৰীক্ষা অনুষ্ঠিত কৰা এথলেথিকচ্ প্ৰশিক্ষকত উজলিল মৰিগাঁৱৰ এথলেট ফিৰোজ আহমেদ। উল্লেখ্য যে চলিত বৰ্ষৰ ৩ এপ্ৰিলত অনুষ্ঠিত হোৱা সমগ্ৰ ভাৰতৰ প্ৰতিটো ৰাজ্যৰ কেইবা শতাধিক খেলুৱৈ, প্ৰশিক্ষক সকলৰ লগতে অসমৰ ৩১ গৰাকী প্ৰশিক্ষাৰ্থী উক্তিৰ্ণ হোৱাৰ লগতে মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় এথলেট ফিৰোজ আহমেদে উক্তিৰ্ণ হৈ সমগ্ৰ অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈ গৰাকীয়ে এইদৰে কয় যে- ক্ৰীড়াৰ এক দীঘলীয়া যাত্ৰাৰ এয়া যেন আধাবাটৰ এক সফলতা, ক্ৰীড়াৰ যাত্ৰা অব্যাহত থাকিব আৰু যুৱ প্ৰজন্মক আগুৱাই আহিবলৈ কাতৰ আহ্বান জনায়। উক্ত পৰীক্ষাৰ ফলাফল চলিত মাহৰ ১৬ তাৰিখে আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে জিওফ গাৰ্ডনাৰ, উপ-সভাপতি বিশ্ব এথলেথিকচ্ সন্থা , সভাপতি বিশ্ব এথলেথিকচ্ উন্নয়ন সমিতি, আদিল জে ছুমাৰীৱালা- সভাপতি অথলেটিক ফেডাৰেচন অফ ইণ্ডিয়া, ডঃ ললিত কুমাৰ ভানুত- সভাপতি পৰিকল্পনা সমিতি, এথলেথিকচ্ ইণ্ডিয়া আৰু বহু ৰাষ্ট্ৰীয় সদস্য সম্পাদক।। খেলুৱৈ ফিৰোজৰ লগতে তেওঁৰ দুজনকৈ প্ৰশিক্ষকো উক্তিৰ্ণ হয়, ক্ৰমে ৱাহিদুজ জামান- এথলেথিকচ্ সম্পাদক, নুৰুল আমিন ষ্টেডিয়াম নগাওঁ, শৈলেন ভূঞা- প্ৰশিক্ষক নগাওঁ এথলেথিকচ্।

নছিদুৰ ৰহমান মৈৰাবাৰী,,9864257096

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা