কোৰোণা : কাইলৈৰ পৰা ৰাজ্যত কঠোৰ হব নীতি-নিৰ্দেশনা!

দীপজ্যোতি ডেকা : কোৰোণা ভাইৰাছক কেন্দ্ৰ কৰি ৰাজ্যবাসী শংকিত হোৱাৰ মাজতে কাইলৈৰ পৰা কঠোৰ নীতি নিয়ম জাৰি হোৱাৰ সম্ভাৱনাই দেখা দিছে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱন ব্ৰহ্মপুত্ৰ গেষ্ট হাউছত এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। এই 
বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই 
সকলোকে সতৰ্ক হ’বলৈ আহ্বান জনায়। ৰাজ্যত যাতে পুনৰ লকডাউন দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰবাবে সকলোকে সচেতন হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। আনপিনে এই জৰুৰী বৈঠক হোৱাৰ পিছত কাইলৈ ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে  সংবাদমেল সম্বোধন কৰিব। এই সংবাদমেলত কেতবোৰ নতুন নীতিনিয়ম জাৰি কৰাৰ সম্ভাৱনাই দেখা দিছে। চৰকাৰ প্ৰশাসনে বাৰে বাৰে জনতাক সচেতন আহ্বান জনাই আহিচৱে যদিও অধিকাংশ জনতাই সজাগ হোৱা নাই। তেনেস্থলত কাইলৈ অৰ্থাৎ মঙলবাৰৰ সংবাদমেলৰ পিছত কেতবোৰ নতুন তথা কঠোৰ নীতি-নিৰ্দেশনা জাৰি হোৱাৰ সম্ভাৱনা আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা