Posts

Showing posts from October, 2021

নগাঁও মহকুমাৰ অ’ বি চি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া অনুশীলনৰ বহী বিতৰণ

Image
# নগাঁও মহকুমাৰ অ’ বি চি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া অনুশীলনৰ বহী বিতৰণ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ অক্টোবৰঃ নগাঁও মহকুমা অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ ব’ৰ্ডৰ দ্বাৰা মহকুমাটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত অধ্যয়ণৰত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ অ’ বি চি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ অনুশীলন বহী বিতৰণৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে । মহকুমাটোৰ অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে গ্ৰহন কৰা এই কাৰ্যসূচীৰ শনিবাৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হয় ৷ এই মৰ্মে, মহকুমাটোৰ হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি লোকেন্দ্ৰ কুমাৰ নাথে ৷ নগাঁও মহকুমা অ’ বি চি ব’ৰ্ডৰ অধ্যক্ষ মনোৰঞ্জন নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত শিক্ষাবিদ তথা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা প্ৰকাশ বৰা, হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন কুমাৰ নাথ, নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধী, সমাজকৰ্মী গোপাল বৰা, জোনালী দেৱী, গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শি

বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ বিশেষ জৰুৰী পাৰমাৰ্থিক সভা

Image
 বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ বিশেষ জৰুৰী পাৰমাৰ্থিক সভা# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়া পালনাম থানত অসমৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজ, অসমৰ বিশেষ জৰুৰী পাৰমাৰ্থিক সভাখনি শনিবাৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰাদেশিক পালনাম আচাৰ্য বালী আতাৰ সঞ্চালনতাত অনুষ্ঠিত হোৱা সভাখনিৰ আৰম্ভণিতে অসমৰ বিভিন্ন প্ৰান্তত শেহতীয়াভাবে পৰলোকপ্ৰাপ্তি ঘটা সমাজৰ ভকতসকলৰ আত্মাৰ চিৰশান্তি আৰু সদগতিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ সমাজৰ প্ৰধান সচিব জীৱন আতাই আঁত ধৰা সভাখনিত সদ্য প্ৰয়াত সমাজৰ উপাচাৰ্য অনুৰাম আতাৰ অনুপস্থিতি সমাজৰ বাবে বৃহৎ ক্ষতি বুলি উপস্থিত সকলোয়ে দুখ প্ৰকাশ কৰি সমাজৰ সেই গুৰুত্বপূৰ্ণ পদটি পূৰণৰ ক্ষেত্ৰত সভাই বিস্তৃতভাবে আলোচনা কৰে ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলৰ লগতে নগাঁও জিলা পালনাম আচাৰ্য হীৰেণ আতা, মূহিধৰ আতা, জিলা কাৰ্যালয় সম্পাদক মুৰুলী ধৰ দাস, জিলাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাক্তন সম্পাদক বিক্ৰমজীত দাস, সভাপতি ভুৱনেশ্বৰ দাস, জিলা সম্পাদক উমা কান্ত দাস আদি উপস্থিত থাকে বুলি একশৰণ ভাগৱতী সমাজৰ প্ৰচ

দেৰগাঁৱৰ দিচৈ চাৰিআলিত "ইনফিনিতি" শীৰ্ষক শীত তাপ নিয়ন্ত্ৰিত অত্যাধুনিক চেলুন উন্মোচনশিক্ষিত যুৱকৰ কৰ্ম সংস্কৃতিৰ সুন্দৰ নিদৰ্শন

Image
ৰাজপথৰ আন্দোলন বহুত হ'ল, এইবাৰ ৰাজপথৰ আন্দোলন নহয়, কৰ্মসংস্কৃতিয়ে আন্দোলন গঢ়িছে দেৰগাঁৱৰ এজন অসমীয়া যুৱকে।  উচ্চশিক্ষাৰে শিক্ষিত ফৰিদ আলি নামৰ  এই গৰাকী যুৱকে আজিৰ পৰা দুবছৰ পূৰ্বে দেৰগাঁৱৰ দিচৈ চাৰিআলিত এখন সৰু চেলুন খুলি আৰম্ভ কৰিছিল জীৱন সংগ্ৰাম। যি সময়ত অসম মূলকৰ পৰা কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ বছৰি আমাৰ শিক্ষিত নিবনূৱাই ঢাপলি মেলিছে ।তেনে সময়তে দেৰগাঁৱৰ এইজন যুৱকে দেখুৱাইছে কৰ্মসংস্কৃতিৰ এক সুন্দৰ নিৰ্দশন। শুকুৰবাৰে বিয়লি  ফৰিদে দেৰগাঁৱৰ দিচৈ চাৰিআলিত যথেষ্ট সংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত পিতৃ ফজিলত আলিৰ দ্বাৰা উম্মোচন কৰে "ইনফিনিতি" নামৰ শীততাপ নিয়ন্ত্ৰিত অত্যাধুনিক  চেলুন খনি।  এই চেলুনখনৰ পৰা নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু কেইবাগৰাকীও শিক্ষিত নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে ফৰিদে। নিশ্চয়কৈ দেৰগাঁৱৰ দিচৈ চাৰিআলিৰ এই ফৰিদ আলি হব পাৰে  শিক্ষিত নিবনুৱাৰ বাবে এক আৰ্দশ স্বৰূপ। দেৰগাঁৱৰ পৰা কুমুদ বৰা

সমাগত দীপাৱলীলৈ ব্যস্ত পলোকাটাৰ মৃৎ শিল্পীসকল৷পূৰ্বৰ বজাৰ পোৱা নাই মৃৎ শিল্পয়ে

Image
*সমাগত দীপাৱলীলৈ ব্যস্ত পলোকাটাৰ মৃৎ শিল্পীসকল৷পূৰ্বৰ বজাৰ পোৱা নাই মৃৎ শিল্পয়ে৷ নলবাৰী আৰু বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পলোকাটাৰ গাঁৱৰ বহুকেইটা পৰিয়ালে প্ৰায় পঞ্চাশটা বছৰ ধৰি জড়িত হৈ আছে মৃৎশিল্পত ৷আৰু মৃৎ শিল্পৰ যোগেদি স্বাৱলম্বী হৈছে এই পৰিয়াল কেইটা৷ পলোকাটা গাঁওৰ মৃৎ শিল্পৰ লগত জড়িত বহুকেইটা পৰিয়াল এতিয়া সমাগত দীপাৱলীকলৈ ব্যস্ত মাটিৰ সামগ্ৰী নিৰ্মাণ কৰাত৷কিন্ত ক’ৰণা অতিমাৰী আৰু আধুনিকতাৰ পৰশত চাকিৰ সলনি ক্ৰেতাই ৰঙ বিৰঙৰ বিজুলী বাতি ব্যৱহাৰ কৰা বাবে এতিয়া তেওঁ লোকে পোৱা নাই  পূৰ্বৰ বজাৰ । প্ৰায় ৫০ টা বছৰে মৃৎ শিল্পৰ যোগেদি এই পৰিয়ালকেইটিয়ে চাকি নিৰ্মাণকে ধৰি আন্যান্য মৃৎ শিল্পত ব্যস্ত আছে যদিও  কি বিটিআৰ চৰকাৰ,কি অসম চৰকাৰ কোনো এখন চৰকাৰৰ পৰা পোৱা নাই কোনো চৰকাৰী সহায়ৰ হাত৷ নলবাৰী পৰা শংকৰ দাস

বঙাইগাঁও জিলা উপায়ুক্তৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

Image
বঙাইগাঁও,২৭অক্টোবৰ : বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই আজি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ লগতে জিলাখনৰ ডাংতল, সৃজনগ্ৰাম, টাপাট্টাৰী,বইটামাৰী আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ), এম জি এনৰেগা আদি আঁচনিৰ অধীনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে। জিলাখনত ২০১১ বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতিগত পিয়ল অনুসৰি অতিৰিক্ত তালিকাৰ লগতে সংশোধিত কেচাঘৰৰ সূত্ৰ অনুসৰি ৫৪,৫২৩ গৰাকী কেচাঘৰ থকা দুখীয়া লোকক পকীঘৰ দিয়াৰ লক্ষ্য বান্ধি দিয়া হৈছে চৰকাৰৰ দ্বাৰা আৰু তেওঁলোকৰ পৰিসংখ্যাটো ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ কাম বৰ্তমানলৈকে ৯৯.৭ শতাংশ সম্পূৰ্ণ হৈছে। বাকীখিনি অতি শীঘ্ৰে পৰিদৰ্শন কৰি হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত পকীঘৰ দিয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব। ইয়াৰ উপৰিও ইতিমধ্যে ৩৮৩ গৰাকী দুখীয়া হিতাধিকাৰীক মাটি প্ৰদান কৰি পকীঘৰ দিয়াৰ বাবে তালিকাভুক্ত কৰা হৈছে আৰু ৩৭৬ টা ভূমিহীন পৰিয়ালক অতি কমেও ১০ লেচা মাটি প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ

কালী পূজা আৰু ষট্ পূজা উদযাপন সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনৰ সভা

Image
বঙাইগাঁওঃ ২৯অক্টোবৰঃ আগন্তুক কালী পূজা আৰু ষট্ পূজা উদযাপন সন্দৰ্ভত আজি বঙাইগাঁৱৰ পূজা কমিটীসমূহৰ সৈতে জিলা প্ৰশাসনে এক সভাত মিলিত হয় ৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ সভাপতিত্বত কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থসাৰথি জহৰী,চক্ৰ বিষয়া ৰুনাভ ৰামছিয়াৰী, ৰীতিমনি দাস, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পুৰুষোত্তম দাস, অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱা বিভাগৰ বিষয়া অমিত বৰ্মন, মহকুমা চিকিৎসা তথা স্বাস্থ্য বিষয়া ডা: মহিবুল ইছলাম আদি কৰি বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয় ৷ সভাত কালী পূজা আৰু ষট্ পূজা উদযাপন সন্দৰ্ভত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই কমিটীসমূহক কয় যে দুৰ্গা পূজা উদযাপনৰ সময়ত যিবিলাক কোভিড-১৯ বিধি মানি কমিটীসমূহে দুৰ্গা পূজা উদযাপন কৰিছিল সেইবিলাক বিধি কালী পূজা আৰু ষট্ পূজা উদযাপনতো মানিব লাগিব।সামাজিক দূৰত্ব মানিব লাগিব। কোভিড টিকা গ্ৰহণ কৰা প্ৰমাণপত্ৰ লগত নিব লাগিব। শিশুসকলক পূজা থলীলৈ নিয়াৰ পৰা বিৰত থাকিব লাগিব।স্বেচ্ছসেৱক নিয়োগ কৰিব লাগিব।পূজা থল

নগাঁৱৰ দেওবালি জাকৰুৱাত চেমনীয়াৰ ফুটবল≈≈কামপুৰ ষ্টুডেণ্ট ক্লাৱ এফ এ চেম্পিয়ন#

Image
# নগাঁৱৰ দেওবালি জাকৰুৱাত চেমনীয়াৰ ফুটবল≈≈কামপুৰ ষ্টুডেণ্ট ক্লাৱ এফ এ চেম্পিয়ন#                        নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দেওবালি জাকৰুৱা খেলপথাৰত চানৰাইজ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত চেমনীয়া খেলুৱৈৰ ফুটবল প্ৰতিযোগিতাত কামপুৰ ষ্টুডেণ্ট ক্লাৱ ফুটবল একাডেমী চূড়ান্ত বিজয়ী হৈছে । প্ৰতিযোগিতাৰ ফাইনেলত কামপুৰ ষ্টুডেণ্ট ক্লাৱ এফ এ দলে ডিমৌ চাৰিআলি ফুটবল একাডেমীক ২-১ গ'লত পৰাজিত কৰে ।আকষৰ্ণীয় খেলখনত ঘনশ্যাম দাসৰ প্ৰশিক্ষণৰে পুষ্ট কামপুৰ ষ্টুডেণ্ট ক্লাৱ একাডেমীৰ হৈ মৃদপৱন ডেকা আৰু বিশাল দাসে গ'ল দুটা দিয়াৰ বিপৰীতে প্ৰাক্তন খেলুৱৈ গনেশ ডেকাৰ প্ৰশিক্ষণৰে পুষ্ট ডিমৌ চাৰিআলি ফুটবল একাডেমীৰ হৈ গ'লটো দিয়ে প্ৰিয়ম ডেকাই । চেমি ফাইনেলত ডিমৌ চাৰিআলি ফুটবল একাডেমীয়ে চাংচকী বৰচোং ফুটবল কোচিং চেণ্টাৰক ৪-১ গ'লত আৰু কামপুৰ ষ্টুডেণ্ট ক্লাব ফুটবল একাডেমীয়ে ডিমৌ চাৰিআলি ফুটবল একাডেমী 'বি' দলক ১-০ গ'লত হৰুৱাই ফাইনেলত উপনীত হৈছিল ।প্ৰতিযোগিতাখনৰ খেলসমূহ পৰিচালনা কৰে মহিলা ৰেফাৰী লিপিকা লস্কৰ, জচী কৌৰ আৰু অনামিকা ডেকাৰজা আদিয়ে। কামপুৰ ষ্

গােসাইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰমিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত আয়ােজিত কেইবাখনাে নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

গােসাইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত আয়ােজিত কেইবাখনাে নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ গুৱাহাটী, ২৭ অক্টোবৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গােসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্ৰজোঁট ইউপিপিএল দলৰ প্রার্থী জিৰণ বসুমতাৰী, ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ- নির্বাচনৰ বিজেপি দলৰ প্রার্থী ফণীধৰ তালুকদাৰ আৰু তামুলপুৰ বিধান সভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্রজোট ইউপিপিএল দলৰ প্রার্থী জলেন দৈমাৰীৰ সমৰ্থনত শ্যামাগুৰি খেলপথাৰ, সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয় খেলপথাৰ আৰু তামুলপুৰৰ কটহবাৰী খেলপথাৰত আয়ােজিত ৩ খন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি সমষ্টি তিনিটাৰ বিজেপি, অগপ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ প্রার্থীসকলক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী ভােটাৰ ৰাইজক আহ্বান জনায়। নির্বাচনী সভা কেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গােসাইগাঁও হ’ল অসমৰ দুৱাৰমুখ। এই বৃহত্তৰ অঞ্চলটোৰ উন্নয়নে অসমৰ সামগ্রিক প্রতিচ্ছবি এখন তুলি ধৰে। পূর্বৰ বিটিআৰ চৰকাৰে গােসাইগাঁৱৰ বিকাশৰ বাবে প্রয়াস নচলােৱাৰ ফলত অঞ্চলটো পিছপৰি থাকিব

মৰিগাঁৱত *শাৰদীয় কবিতাৰ মৌমেল আৰু সম্বৰ্ধনা অনুষ্ঠান*

Image
মৰিগাঁও - যোৱা ২৪ অক্টোবৰ  /২০২১ তাৰিখে মৰিগাঁও মহাবিদ্যালয়ৰ ডিজিটেল সভাকক্ষত দিনযোৰা কাৰ্যসূচীৰে তক্ষশিলা সাহিত্য আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু উত্তৰ-পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ সহযোগত  "শাৰদীয় কবিতাৰ মৌমেল আৰু সম্বৰ্দ্ধনা অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷পুৱাৰ ভাগত দুয়োটা অনুষ্ঠানৰ সভাপতি অলকানন্দা কাকতি আৰু জ্যোতিষ বৰ্মনে বন্তি প্ৰজ্বলন কৰে । ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা কবিতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে শিশু শিল্পী অন্তৰা দেৱীয়ে বৰগীত পৰিৱেশন কৰে ৷উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও জিলাৰ সভাপতি জ্যোতিষ বৰ্মনে কবি সন্মিলনখন উদ্বোধন কৰে ৷বিশিষ্ট অতিথি হিচাপে বক্তব্য  মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত প্ৰতাপ হাজৰিকা জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলা বৰঠাকুৰ, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি   ত্ৰিদিৱ লস্কৰ, জিলা বনবিষয়া দেবব্ৰত গগৈ, ৰহস্যৰ সম্পাদক ডঃ বাবু ৰাভা হাকাচাম, শিশু শিল্পী প্ৰাচুৰ্য কাকতিৰ গীটাৰ বাদন  আৰু অৰ্চিতা দাসৰ গীতেৰে মুখ

পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰাক ক্ষণত নলবাৰী থলুৱা আতচবাজীয়ে দখল কৰিছে বজাৰ

Image
পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰাক ক্ষণত নলবাৰী থলুৱা আতচবাজীয়ে দখল কৰিছে বজাৰ* পোহৰৰ উৎসৱ দিপাৱলী সমাগত৷ *আৰু ইয়াৰ সমান্তৰালভাৱে মৃৎ শিল্পী সকলৰ লগতে ব্যস্ত হৈ পৰিছে আতচবাজী নিৰ্মাণ কৰা কৰ্মী সকলো* *নলবাৰী জিলাৰ বাহঁজানী আৰু নিজ পকোৱাত একাংশ শিক্ষিত নিবনুৱাই পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰাক ক্ষনত নিৰ্মাণ কৰি উলিয়াইছে হাজাৰ হাজাৰ থলুৱা আতচবাজী* *আৰু নলবাৰীত নিৰ্মাণ কৰা এই থলুৱা আতচবাজীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিছে* *অবশ্যে ক’ভিড মহামাৰীৰ হেতুকে যোৱা বছৰ আতচবাজী বিক্ৰী সিমিত আছিল যদিও এইবাৰ বিক্ৰী কিছু নথকা নহয় বুলি কয় নিজ পকোৱাৰ আতচবাজী ক্ষুদ্ৰ উদ্যোগটোৰ স্বত্বাধিকাৰী হৰিহৰ বৈশ্যই* *অবশ্যে হৰিহৰৰ এই ফিফটি ফিফটি থলুৱা আতচবাজী ক্ষুদ্ৰ উদ্যোগটোৱে স্হানীয় যুৱক সকলৰ কিছু সংস্হাপনৰ বাট মোকলোৱা বুলি কয়৷কিন্ত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহায় পালে গতি লাভ কৰিব বুলি কয় থলুৱা উদ্যোগটোৱে* *হৰিহৰৰ এই আতচবাজীৰ ক্ষুদ্ৰ উদ্যোগত পোৱা যায়  বিভিন্ন প্ৰকাৰৰ ফটকাফুলজাৰি আদি* নলবাৰী পৰা শংকৰ দাস ।

নলবাৰীত যুবতী সকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ সমৰকলাৰ

Image
নলবাৰীত যুবতী সকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ সমৰকলাৰ* *আপুনি বাৰু ছোৱালীক জোকায় নেকি?বা ছোৱালী সকলক উদ্দেশ্য কৰি কুট মন্তব্য কৰে নেকি? তেতিয়া হলে এতিয়া আৰু সাবধান হওক৷যদি আপুনি এনে ধৰনৰ কিবা কাম কৰে তেতিয়া হলে মুহূৰ্তৰ ভিতৰত আপোনাৰ মুখত অথবা আপোনাৰ দেহত বৰষুণৰ দৰে পৰিব পাঞ্চ আৰু কিক* *হয়  নলবাৰী জিলাত এতিয়া একাংশ যুৱতী আত্মৰক্ষাৰ বাবে কঠোৰ অনুশীলন গ্ৰহন কৰিছে সমৰকলাৰ* *সাম্প্ৰতিক সময়ত নাৰী সকল মুঠেও সুৰক্ষিত নহয়* *দৈনিক বৃদ্ধি পাই আহিছে ধৰ্ষণ,হত্যাকে ধৰি নাৰী সকলৰ ক্ষেত্ৰত বিভিন্ন অপৰাধ জনিত ঘটনা* *কিন্ত  চৰকাৰে  নাৰী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই*  *সেয়ে নাৰী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ মহিলা পৰিষদ* *আৰু এই মহিলা পৰিষদে নলবাৰী জিলাৰ মহেন্দ্ৰ মোহন চৌধুৰী মহাবিদ্যালয় প্ৰাংগণত সাত দিনিয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰিছে  যুৱতী সকলৰ বাবে সমৰ কলাৰ প্ৰশিক্ষণ* *অভিজ্ঞ সমৰকলাৰ শিক্ষকৰ দ্বাৰা দিয়া হৈছে প্ৰশিক্ষণ* *প্ৰায় শতাধিক যুৱতীক দৈনিক দিয়া হৈছে প্ৰশিক্ষণ* *সেয়ে বেয়া অভ্যাস থকা

অৰুণাচল প্ৰদেশৰ নামচাইত আটক এজন NSCN কেডাৰ

Image
অৰুণাচল প্ৰদেশৰ নামচাইত আটক এজন NSCN কেডাৰ   কাকপথাৰ,২৭ অক্টোবৰ: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত কৌপাটনি গাঁওৰ পৰা কালি আবেলি নামচাই আৰক্ষী, দ্বিতীয় আই:আৰ:বি:এন: আৰু ১৮৬ নং চি:আৰ:পি:এফ: বাহিনীৰ যৌথ অভিযানত এনএছচিএন (ইউ)ৰ এজন এৰিয়া কমাণ্ডাৰক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা কেডাৰজন অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত লেকাং গোসাঁই গাঁওৰ বুলি জানিব পৰা গৈছে । আটক কৰা কেডাৰজনৰ নাম মিনেশ্বৰ দিহিঙীয়া ওৰফে পাইলত । কেডাৰজনৰ পৰা মেগজিনসহ এটা .৩৮ পিষ্টল, পাঁচটা সজীৱ গুলি, এটা মোবাইল ফোন, দুখন এটিএম কাৰ্ডৰ লগত বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । কেডাৰজনৰ বিৰুদ্ধে বিভিন্ন থানাত পাঁচটাকৈ গোচৰ ৰুজু হৈ আছে । গোচৰসমূহ ক্ৰমে মহাদেৱপুৰ থানাৰ গোচৰ নং 12/2011 u/s 365/302/201 IPC, গোচৰ নং 03/2013 u/s 364(A)/392/34  IPC R/W Sec 25 of Arms Act গোচৰ নং 08/2021 u/s 392 IPC, নামচাই থানাৰ 18/2021 u/s 384/511/506 IPC আৰু অপৰাধ শাখাৰ গোচৰ নং 03/2021 u/s 384 IPC R/W 25 (1) (B) Arms Act ।

শৈশৱৰ সোণালী অতীত বিচাৰি সুদুৰ ইংলেণ্ডৰ পৰা ফিল'বাৰীত উপস্থিত হলহি বৃটিছ যুৱক চিমন পিটাৰ টুইষ্ট ।

Image
শৈশৱৰ সোণালী অতীত বিচাৰি সুদুৰ ইংলেণ্ডৰ পৰা ফিল'বাৰীত উপস্থিত হলহি বৃটিছ যুৱক চিমন পিটাৰ টুইষ্ট । কাকপথাৰ,১৮ অক্টোবৰ :  জন্ম স্থান আৰু অতিবাহিত শৈশৱৰ  ঠিকনাৰ সন্ধানত আজি তিনিচুকীয়া জিলাৰ ফিল'বাৰীত উপস্থিত হয়হি সুদূৰ ইংলেণ্ডৰ ব্ৰইটন চহৰৰ চিমন পিটাৰ টুইচ নামৰ ফেচন ডিজাইনিং পেছাৰ সৈতে জড়িত  প্ৰায় ৫১ বছৰীয়া লোকজন । ইংৰাজ পিতৃৰ ঔৰস আৰু নাগিনী মাতৃৰ  গৰ্ভত জন্ম লাভ কৰা , ফিল'বাৰী এৰি পিতৃ মাতৃৰ সৈতে লণ্ডন চহৰৰ দক্ষিণ দিশৰ ব্ৰইটন চহৰলৈ নিগাজিকৈ থাকিবলৈ ৭  বছৰ বয়সতে  ফিল'বাৰী ত্যাগ কৰা , চিমন আজি ফিল'বাৰীলৈ আহিয়ে বাগিচাখনৰ চৌপাশ, বৃটিছ নিৰ্মিত বাংলো, খেল পথাৰ , কলঘৰ আদি দেখি  পৰম আহ্লাদিত হোৱাৰ লগতে  অতীতৰ স্মৃতি চাৰণ কৰি হৃদয় বিগলিত হৈ পৰে। এক আবেগ বিহ্বল পৰিৱেশত নাচি উঠে তেওঁৰ দেহ মন।১৯৬৯ চনত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মিছনেৰী হস্পিতালত জন্ম গ্ৰহণ কৰা এইজন যুৱকৰ দেউতাক আছিল বাগিছাৰ পৰিচালক।তেওঁৰ দেউতাক জে ই টুইচ ফিল'বাৰী চাহ বাগিচাৰ ১৯৬৭ -৭২ বৰ্ষৰ পৰিচালক আছিল।আচলতে জে ই টুইচে নগালেণ্ডৰ  নাগিনী সুন্দৰী তথা পেছাত নাৰ্ছ এগৰাকীক বিয়া কৰাইছিল। ইয়াৰ পিছতে ক্ৰমে---

বঙাইগাঁও জিলা উপায়ুক্তৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

Image
বঙাইগাঁও,২৭অক্টোবৰ : বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই আজি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ লগতে জিলাখনৰ ডাংতল, সৃজনগ্ৰাম, টাপাট্টাৰী,বইটামাৰী আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ), এম জি এনৰেগা আদি আঁচনিৰ অধীনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে। জিলাখনত ২০১১ বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতিগত পিয়ল অনুসৰি অতিৰিক্ত তালিকাৰ লগতে সংশোধিত কেচাঘৰৰ সূত্ৰ অনুসৰি ৫৪,৫২৩ গৰাকী কেচাঘৰ থকা দুখীয়া লোকক পকীঘৰ দিয়াৰ লক্ষ্য বান্ধি দিয়া হৈছে চৰকাৰৰ দ্বাৰা আৰু তেওঁলোকৰ পৰিসংখ্যাটো ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ কাম বৰ্তমানলৈকে ৯৯.৭ শতাংশ সম্পূৰ্ণ হৈছে। বাকীখিনি অতি শীঘ্ৰে পৰিদৰ্শন কৰি হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত পকীঘৰ দিয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব। ইয়াৰ উপৰিও ইতিমধ্যে ৩৮৩ গৰাকী দুখীয়া হিতাধিকাৰীক মাটি প্ৰদান কৰি পকীঘৰ দিয়াৰ বাবে তালিকাভুক্ত কৰা হৈছে আৰু ৩৭৬ টা ভূমিহীন পৰিয়ালক অতি কমেও ১০ লেচা মাটি প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ

সভা-সমাৱেশ আদিত বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিষেধাজ্ঞা

সভা-সমাৱেশ আদিত বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিষেধাজ্ঞা  বঙাইগাঁওঃ ২৭অক্টোৱৰঃ কোভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষা ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ এক নিৰ্দেশনামৰ্মে জিলাখনৰ গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চল উভয়তে মুকলি ঠাইত বা সভাগৃহত পতা সভা নাইবা সমাৱেশ আদিত মানুহৰ উপস্থিতিৰ ক্ষেত্ৰত এক নিষেধাজ্ঞা জাৰি কৰিছে। সেইমৰ্মে ৰাজহুৱা বা ব্যক্তিগত অনুষ্ঠান আদি মুকলি ঠাইত বা  সভাগৃহত পতাৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনামৰ্মে ৫০গৰাকী প্ৰথম পালি কোভিড-১৯ প্ৰতিষেধক লোৱা  ব্যক্তিয়েহে উপস্থিত থাকিব পাৰিব। অৱশ্যে দুয়োপালি কোভিড-১৯ প্ৰতিষেধক লোৱা ২০০গৰাকী ব্যক্তিয়ে উপায়ুক্তৰ আগতীয়া  অনুমতি সাপেক্ষে মুকলি ঠাইত বা সভাগৃহত অনুষ্ঠিত ব্যক্তিগত বা ৰাজহুৱা অনুষ্ঠান, বিবাহ আদিত উপস্থিত থাকিব পাৰিব। এই নিৰ্দেশনা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি আৰু সংশ্লিষ্ট চক্ৰ বিষয়াসকলে কাৰ্যকৰী কৰিব ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা জিলাখনত বলবৎ থাকিব। প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও

বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ বাবে দিয়া 'ৰিমচ এপ' ৰ বিৰোধিতা কৰ্মচাৰী পৰিষদৰ≈≈মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ

# বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ বাবে দিয়া 'ৰিমচ এপ' ৰ বিৰোধিতা কৰ্মচাৰী পৰিষদৰ≈≈মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ অক্টোবৰঃ শেহতীয়াভাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা কনিষ্ঠ মহাবিদ্যালয় পৰ্যন্ত কৰ্মৰত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি নিৰ্ণয় কৰাৰ বাবে 'ৰিমচ এপ'  মুকলি কৰা হৈছে ৷ সমগ্ৰ শিক্ষা অভিযান, অসমৰ মিছন সঞ্চালকালয়ে মুকলি কৰা উক্ত 'ৰিমচ এপ'ত সংশ্লিষ্ট শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত উপস্থিতি নিৰ্ণয় কৰাৰ উপৰিও তেখেতসকলৰ ব্যক্তিগত সকলো তথ্য 'ৰিমচ এপ'ত সন্নিৱিষ্ট কৰিবলগীয়া হোৱাত শিক্ষকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি শিক্ষক সংগঠনসমূহেও ইয়াৰ বিৰোধিতা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে ৷ তদ্ৰুপ সদৌ অসম কৰ্মচাৰী পৰিষদে বিষয়টো পৰ্যবেক্ষণ কৰি ইয়াৰ বিৰোধিতা কৰিছে ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে এক বিবৃতিৰ জৰিয়তে কয় যে--সদৌ অসম কৰ্মচাৰী পৰিষদে শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি নিৰ্ণয় কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহন কৰিলে কেতিয়াও আপত্তি নকৰে ৷ কিন্তু শিক্ষকসকলৰ উপস্থি

পৰ্যটকৰ বাবে মুকলি হ'ল লাওঁখোৱা অভয়াৰণ্যৰ কাটাখাল পৰ্যটনস্থলী

Image
# পৰ্যটকৰ বাবে মুকলি হ'ল লাওঁখোৱা অভয়াৰণ্যৰ কাটাখাল পৰ্যটনস্থলী# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ অক্টোবৰঃ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ল লাওঁখোৱা অভয়াৰণ্যৰ কাটাখাল পৰ্যটনস্থলী । এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্ৰধান পি শিৱকুমাৰৰ উপস্থিতিত এই পৰ্যটনস্থলী আনুষ্ঠানিকভাবে মুকলি কৰে অসমৰ প্ৰধান মুখ্য বন্যপ্ৰাণী সংৰক্ষক অমিত চাহাই ৷ এইবাৰ অভয়াৰণ্যখনৰ কাটাখাল পৰ্যটনস্থলীত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ নৌকা বিহাৰ, হস্তী চাফাৰি আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ৷ অৱশ্যে লাওঁখোৱা অভয়াৰণ্যৰ নৈসৰ্গিক আৰু সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে আৱৰা কাটাখাল পৰ্যটনস্থলী মুকলি কৰা হ’লেও এই পৰ্যটনস্থলী পৰিভ্ৰমণৰ বেলিকা এইবেলি কেতবোৰ নীতি-নিৰ্দেশনা পালন কৰিব লাগিব পৰ্যটকে । কভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অভয়াৰণ্যখনৰ কাটাখাল পৰ্যটনস্থলীত প্ৰৱেশৰ ক্ষেত্ৰত দুয়োপালি ভেকচিন লোৱা লোককহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিব অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই । তদুপৰি অভয়াৰণ্যখনৰ বন্যপ্ৰাণীৰ প্ৰতি লক্ষ্য ৰাখি কাটাখাল পৰ্যটনস্থলীত সুৰা আৰু ডি জে বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে অভয়াৰণ্য খনৰ কৰ্তৃপক্ষই

নগাঁৱত দহদিনে সন্ধান নাই নৱম শ্ৰেণীৰ ছাত্ৰৰ≈≈গভীৰ দুঃশ্চিন্তাত পৰিয়ালবৰ্গ

Image
# নগাঁৱত দহদিনে সন্ধান নাই নৱম শ্ৰেণীৰ ছাত্ৰৰ≈≈গভীৰ দুঃশ্চিন্তাত পৰিয়ালবৰ্গ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ অক্টোবৰঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ এলেকাধীন সৰু ৰাধা আটিৰ এটি কিশোৰ দহদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দিষ্ট কিশোৰটি হৈছে সৰু ৰাধা আটি নিবাসী ফকৰ উদ্দিনৰ একমাত্ৰ পুত্ৰ সন্তান ইয়াদুল জুলফিকাৰ ৷ আচলতে, যোৱা ১৭ অক্টোবৰৰ দিনা পুৱাৰ ভাগত ঘৰৰ পৰাই ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰে স্থানীয় ৰজাবাৰীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত নৱম শ্ৰেণীত অধ্যয়ণৰত কিশোৰটি ৷ অৱশ্যে বিগত দিনকেইটাত পৰিয়ালৰ লোকে বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও আজিকোপতি ছাত্ৰজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই । সেয়ে এনেদৰে হঠাতে ছাত্ৰজন নিখোজ হৈ পৰাত পৰিয়ালৰ লোকসকল গভীৰ চিন্তাত মানসিকভাবে ভাগি পৰিছে ৷ ইফালে, নিজৰ একমাত্ৰ পুত্ৰক বিচাৰি নাপাই উপায়হীন হৈ পিতৃ ফকৰ উদ্দিনে ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও ছাত্ৰজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । সেয়ে কোনো ব্যক্তিয়ে যদি ছাত্ৰজনৰ কিব

ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া অব্যহত আছে ছয়গাঁও সমষ্টিত*

Image
*ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া অব্যহত আছে ছয়গাঁও সমষ্টিত*  *ব্ৰহ্মপুত্ৰই সৰ্বস্বান্ত কৰিছে কৃষক পৰিয়ালৰ৷*   *কোটি কোটি টকাৰ সম্পত্তি লৈ আহি পৰিছে তীব্ৰ ভাবুকি৷* পঙ্কজ নাথ, চাংসাৰি, ২৫ অক্টোবৰ : কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰৰ বৰাখাট আৰু আচলপাৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়া অঞ্চলবাসীৰ৷ জলসম্পদ বিভাগৰ কানসাৰ নথকাৰ ফলত ভাবুকি আহি পৰিছে জলসম্পদ বিভাগৰ  ই এণ্ড ডি মথাউৰিলৈ৷ গুমী-নগৰবেৰা ই এণ্ড ডি মথাউৰিৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগৰ বৰাখাট আৰু আচলপাৰা গাঁৱত আজিও অব্যহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ এনে ভয়ংকৰ খহনীয়া৷ চৰকাৰ, জনপ্ৰতিনিধি কিম্বা বিভাগীয় বিষয়া-কৰ্মচাৰীৰো খবৰ ল'বলৈ আহৰি নাই এই খহনীয়াৰ ৷  শেহতীয়াভাৱে বিগত এপষেক ধৰি ব্ৰহ্মপুত্ৰই ধাৰণ কৰা ৰুদ্ৰমূৰ্তিয়ে বিপদে হাতবাউলি মাতিছে বৰাখাট - আচলপাৰাৰ ৰাইজক৷ অতিশীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত নল'লে বহু চৰকাৰী-বেচৰকাৰী আৰু শ শ ৰাইজৰ ভেটি-মাটি, কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন যোৱাৰ সম্ভাৱনা প্ৰক'ট হৈ পৰিছে৷ সেয়ে গৰৈমাৰীৰ স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতি

হাজোৰ সস্তাৰ ঘাট ৰামদিয়া পামত মৃতদেহ উদ্ধাৰ

Image
হাজোৰ সস্তাৰ ঘাট ৰামদিয়া পামত মৃতদেহ উদ্ধাৰ।  পঙ্কজ নাথ, চাংসাৰি, ২৮ অক্টোবৰ : হাজোৰ পুঠিমাৰী নদীৰ ১নং ভেলকৰ সস্তাৰঘাট ৰামদিয়া পামত উদ্ধাৰ হৈছে এজন পুৰুষৰ মৃতদেহ। মৃতদেহটো হাজো দলৈটোলাৰ ছাহনুৰ আলীৰ বুলি চিনাক্ত কৰা হৈছে।যোৱা সোমবাৰে ঘৰৰ পৰা হাজোস্থিত বেংকলৈ যোৱাৰ পথৰ পৰা নিৰুদ্দেশ হৈ আছিল ৭৫ বছৰীয়া ছাহানুৰ আলী নামৰ লোকজন। আজি পুৱা মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ। পুঠিমাৰী নৈত লোকজনৰ মৃতদেহ উদ্ধাৰৰ পাছতেই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে লোকজনৰ মৃতদেহ।  পঙ্কজ নাথৰ ৰিপৰ্ট ।

উত্তৰ গুৱাহাটীৰ জয়গুৰুত ৬৪ টা চোৰাং গৰুসহ ৯ জনক গ্ৰেপ্তাৰ

Image
উত্তৰ গুৱাহাটীৰ জয়গুৰুত ৬৪ টা চোৰাং গৰুসহ ৯ জনক গ্ৰেপ্তাৰ।  পঙ্কজ নাথ, চাংসাৰি, ২৮ অক্টোবৰ : মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো ছিণ্ডিকেটৰ বিৰুদ্ধে যথেষ্ট পদক্ষেপ লৈছে যদিও ৰাজ্যত এতিয়াও গৰুৰ চিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে । কামৰূপ আৰক্ষীৰ এক অভিযানত  উত্তৰ গুৱাহাটী জয় গুৰুত জব্দ কৰা বৃহৎ সংখ্যক গাই গৰুৰ পৰা সেই কথা স্পষ্ট হৈ পৰিছে । মীৰ আহমেদ চৰকাৰ নামৰ লোকৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ হল  নথি পত্ৰ বিহীন গাই গৰু  ।  জয় গুৰুৰ মীৰ আহমেদ চৰকাৰ নামৰ লোক জনৰ ঘৰৰ চৌহদত কালি কামৰূপ আৰক্ষীয়ে অতৰ্কিতে  চলাই  অভিযান  ।  আৰক্ষীৰ অভিযানত  AS 01 HC 5596 নম্বৰৰ ট্ৰাকসহ মুঠ ৬৪টা গৰু আৰু চোৰাং গৰু ব্যবসায়ী মীৰ আহমেদ চৰকাৰসহ গ্ৰেপ্তাৰ হ'ল ৮ জন লোক । চৰকাৰৰ পুত্ৰ  ৰাতুল আহমেদ চৰকাৰ সহ আঠ গৰাকী গৰু ব্যবসাৰ লগত জৰিত লোকক গ্ৰেপ্তাৰ কৰে  আৰক্ষীয়ে ।  গ্ৰেপ্তাৰ হল বিহাৰৰ বৈশালী জিলাৰ বিৰেন্দ্ৰ কুমাৰ, বালেশ্বৰ ৰায় ,নাগেশ্বৰ ৰায় ,লালিন্দৰ কুমাৰ , কে পি কুমাৰ আৰু ,ৰমেশ কুমাৰ ।  গৰু চিণ্ডিকেটৰ লগত জৰিত চিণ্ডিকেট চক্ৰক  সমুলি উৎসাত কৰাৰ বাবে কামৰূপ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয়ে আৰম্ভ কৰিছে তদন্ত । আৰক্ষ

জামুগুৰিহাটৰ শলগুৰিৰ বিশিষ্ট সমাজকৰ্মী,শংকৰী সাধক প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন অনুষ্ঠান

#জামুগুৰিহাটৰ শলগুৰিৰ বিশিষ্ট সমাজকৰ্মী,শংকৰী সাধক প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন অনুষ্ঠান ৷ #স্মৃতিচাৰন অনুষ্ঠানত অনুষ্ঠানত অংশ গ্ৰহন অঞ্চলটোৰ ভক্তপ্ৰান ৰাইজৰ ৷ ----------------------------------------- জামুগুৰিহাটৰ শলগুৰি গাওঁৰ প্ৰয়াত সমাজকৰ্মী,শংকৰী সাধক,সমাজ সংগঠক  গোবিন বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকি উপলক্ষে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ প্ৰয়াত গোবিন বৰাৰ বাসগৃহত আজি  অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ বিষয়ববীয়া সদস্যই গোবিন বৰাৰ স্মৃতিচাৰন কৰাৰ লগতে তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন কৰি শলগুৰি গাওঁৰ শিক্ষক সমাজকৰ্মী প্ৰমোদ বৰাই কয়-গোবিন বৰা এই অঞ্চলৰ পথ প্ৰদৰ্শক ৷ চেউনী বটদ্ৰবা থান, শলগুৰি বিহুমেলা,চেউনী বটদ্ৰৱা সত্ৰৰ উপৰি জামুগুৰিহাটৰ বিভিন্ন সামাজিক,ধৰ্মীয় ,সাংস্কৃতিক অনুষ্ঠানৰে জৰিত গোবিন বৰা প্ৰকৃতাৰ্থত এগৰাকী সমাজগঢ়া ব্যক্তি  আছিল ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন কৰে-মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ জিলাৰ সভাপতি সম্পাদক,জামুগুৰি আঞ্চলিকৰ সভাপতি সম্পাদক,চেউনী বটদ্ৰবা সত্ৰ আৰু থানৰ বিষয়বব

জামুগুৰি আৰক্ষীৰ জালত তৃতীয়টো মানৱ সৰবৰাহকাৰী।

Image
#জামুগুৰি আৰক্ষীৰ জালত তৃতীয়টো মানৱ সৰবৰাহকাৰী। জামুগুৰিহাট,২৮ অক্টোৱৰ:জামুগুৰিহাটৰ হাটিঙাৰ এগৰাকী বিবাহিতা মহিলাক সুদুৰ হাৰিয়ানাত বিক্ৰী কৰাৰ লগতে মহিলা গৰাকীৰ তিনিটা সন্তানকো গহপুৰৰ সোলেঙিত বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আন এটা মানৱ সৰবৰাহকাৰী৷জামুগুৰি আৰক্ষী আৰু গহপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা গহপুৰ ঘগৰাৰপৰা মানৱ সৰবৰাহৰ লগত জড়িত ক্ৰীচ ট’ফাৰ ডাং(৩৩) নামৰ মানৱ সৰবৰাহৰ লগত জড়িত সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে৷মহিলা গৰাকীৰ তিনি সন্তানক বাইকত উঠাই লৈ কোনো লোকক চমজি দিছিল মানৱ সৰবৰাহকাৰীটোয়ে৷আৰক্ষীয়ে ইতিমধ্যে মানৱ সৰবৰাহকাৰী ক্ৰীচ ট’ফাৰ ডাং ক সোধপোচ আৰম্ভ কৰি তদন্ত অব্যাহত ৰাখিছে৷আনহাতে মানৱ সৰবৰাহ চক্ৰৰ লগত জড়িত এটাৰ পিছত আন এটাক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাত জামুগুৰি থানাত উপস্থিত হোৱা চাৰিগাঁও মহিলা সমিতিৰ মহিলাসকলেও আৰক্ষীৰ কৰ্মত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দোষিক দৃষ্টান্তমুলক শাস্তি  দিবলৈও প্ৰশাসনক দাবী জনাইছে মহিলা সমিতিৰ সদস্যাসকলে৷উল্লেখ্য যে পূৰ্ৱে মানৱ সৰবৰাহৰ লগত জড়িত হাটিঙাৰ বিতু বৰা আৰু  লখিমপুৰ জিলাৰ লালুকৰ পৰা ইছমাইল আলী নামৰ দুটাক আৰক্ষী

নলবাৰী জিলাৰ *ৰাজপথ* *কপালে বিশ্ব হিন্দু* *পৰিষদবজৰং* *দলে।**

*নলবাৰী জিলাৰ *ৰাজপথ* *কপালে বিশ্ব হিন্দু* *পৰিষদবজৰং* *দলে।**  বাংলাদেশত চলিত বৰ্ষৰ দুৰ্গা পূজাৰ পৰা প্ৰতিদিনে হিন্দু মানুহৰ ওপৰত মুছলমান জেহাদীয়ে চলোৱা হত্যা লীলাৰ বিৰুদ্ধে,আজি বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী জিলাৰ তৰফৰ পৰা এক বৃহত প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰে নলবাৰী জিলাত এই প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন ধৰণৰ প্রদিবাদী ধ্বনি দিয়ে দলৰ কৰ্ম কৰ্তা সকলে। ১) বাংলাদেশত হিন্দু হত্যা নচলিব  ২) হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিচাৰ লাগে ৩) মন্দিৰৰ সুৰক্ষা সুনিশ্চিত কৰক ৪) হিন্দুৰ ধৰ্মিয় স্বাধিনতা সুনিশ্চিত কৰক  ৫)বাংলাদেশ হুচিয়াৰ ৬) শ্বেশ হাছিনা হুচিয়াৰ ৭) জেহাদী শক্তি হুচিয়াৰ ইত্যাদি শ্ল’গানেৰে নলবাৰী গৰ্ডন খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ সংগঠনটোৰ প্ৰায় তিনিতাধিক কাৰ্য্যকৰ্তা স্মাৰকপত্ৰ দিয়াৰ উদ্দেশ্যেৰে ৰাওনা হয়৷ বিশ্ব হিন্দু পৰিষদ নলবাৰী বিভাগৰ সংগঠন মন্ত্ৰী শ্ৰীযুত অনুপ দাসৰ নেতৃত্বত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ  সহঃ সম্পাদক মানস পাটগিৰী, জিলা প্ৰচাৰ প্ৰমুখ ভাস্কৰ ডেকা, মঠ মন্দিৰ প্ৰমুখ ভৱেশ লহকৰ জেষ্ঠ কাৰ্য্যকৰ্তা বিজু দত্ত, লাচিত কলিতা বজৰংগ দলৰ নলবাৰী জিলা সংযোজক জিতু

দেশৰ ১০০ কোটি জনতাক ক'ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ উপলক্ষে নগাঁৱত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

Image
# দেশৰ ১০০ কোটি জনতাক ক'ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ উপলক্ষে নগাঁৱত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা#  নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১অক্টোবৰঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱল নেতৃত্বত দেশৰ ১০০ কোটি জনতাক ক'ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত নগাঁও জিলা প্ৰশাসনে বৃহস্পতিবাৰে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত কবিতা পদ্মনাভনে  স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনায় । উপায়ুক্তৰ দ্বাৰা সম্বৰ্ধিত হোৱা স্বাস্থ্য কৰ্মী কেইগৰাকী হৈছে পম্পী নাথ, ৰিম্পী দুৱৰা আৰু ৰেহেনা খাতুন ৷ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে আঁত ধৰা এই অনুষ্ঠানত জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে । ইফালে, বিজেপিৰ পাখিমৰীয়া মণ্ডলৰ উদ্যোগতো স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনোৱা হয় । মণ্ডল সমিতিৰ সভাপতি নৰেন দাস, বিজেপি নেতা যুগ কুমাৰ বৰদলৈ আৰু সীমা দাসৰ নেতৃত্বত বিজেপি নেতা-কৰ্মীসকলে পাখিমৰীয়া মৌজাৰ বুঢ়াগোসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰকলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,

ৰঙিয়াত ৰেল যাত্ৰী সেৱা ব'ৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দল উপস্থিত

ৰঙিয়াত ৰেল যাত্ৰী সেৱা ব'ৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দল উপস্থিত অসমীয়াৰ আতিথ্যত মুগ্ধ প্ৰতিবেদক, ৰঙিয়া ২১ অক্টোবৰঃ  উত্তৰ পূৰ্বাঞ্চলৰ ৰেলযাত্ৰী সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত চোৱাচিতা কৰাৰ বাবে ৰঙিয়া ৰেল জংচনত উপস্থিত হয় ৰেলযাত্ৰী সেৱা বোৰ্ডৰ এটা দল। ৰঙিয়া ৰেল ডিভিজনৰ অধীনস্থ নিউ বঙ্গাইগাওঁ, বৰপেটা আৰু ৰঙিয়া ষ্টেচন কেইটা যোৱা তিনিদিন ধৰি পৰিদৰ্শন কৰে উক্ত দলটোৱে।ৰেল যাত্ৰী সেৱা বোৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দলটোত জম্মু কাশ্মীৰৰ  সুৰেন্দৰ ভগত,বিহাৰৰ প্ৰমোদ সিং আৰু অসমৰ প্ৰণৱ বৰুৱা  সহ এডিআৰএম আৰু ৰেল বিভাগৰ বহু কেইগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। প্ৰতিনিধি দলটোৱে সাংবাদিকৰ সৈতে মুখামুখী হৈ কয় যে অন্য ৰাজ্য সমূহৰ তুলনাত অসমৰ ষ্টেচন সমূহ যথেষ্ট চাফ চিকুণ তথা নিৰাপত্তাৰ দিশৰ পৰাও যথেষ্ট উন্নত। যিকেইটা বিষয়ত কৰণীয় আছে সেই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি কম সময়ৰ ভিতৰত সমাধান কৰিব বুলিও আশ্বাস প্ৰদান কৰে।আনহাতে বহি ৰাজ্যৰ পৰা দুয়োগৰাকী প্ৰতিনিধিয়ে অসমত আহি যথেষ্ট ভাল লগা বুলি জনোৱাৰ ওপৰিও প্ৰথম বাৰৰ বাবে অসমলৈ আহি ইয়াৰ মানুহৰ মৰম আদৰ তথা আপ্যায়ন দেখি অভিভূত হৈ পৰা বুলিও জনাই। উল্লেখযোগ

বিশেষভাবে সক্ষম লেখিকা জোৱলা বৰালৈ দেবচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কুঁজাৰবৰি গাঁৱৰ যুৱতী তথা অসমৰ সাহিত্য ক্ষেত্ৰখনৰ এটি সম্ভাৱনাময় প্ৰতিভাৰ আঁকৰ জোৱলা বৰাক তেওঁৰ নিজা বাসভৱনত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মঙলদৈৰ এক সম্ভ্ৰমপূৰ্ণ অনুষ্ঠান দেবচন্সে আগবঢ়ায় বিশেষ সাহিত্য প্ৰতিভা বঁটা ৷ দেবচন্স গ্ৰুপৰ ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা নটসূৰ্য বঁটা প্ৰাপক ঐশ্বৰ্য্য কাকতি, মুখ্য বক্তা ৰূপে বিশিষ্ট গৱেষক, পণ্ডিত ডাঃ নগেন্দ্ৰ নাথ শৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷ প্ৰাঞ্জল শৰ্মাই পৰিচালনা কৰা তথা স্থানীয় কুঁজাৰবড়ি যুৱক সংঘৰ সহযোগত আয়োজিত সভাখনিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৰেন কলিতা, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশী, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া মহানন্দ হাজৰিকা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈ, কৃতী

১ নং গেদাৰবড়িত গুৰুজনাৰ জন্মোৎসৱত "ৰুক্মনী হৰণ" অংকীয়া নাট পৰিৱেশন

Image
 দেৱব্ৰত বৰা,জাজৰি  : সমগ্ৰ  ৰাজ্যত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম অাৱিৰ্ভাৱ মহোৎসৱ চলি থকা সমান্তৰালকৈ পূৱ হাতীচোং অাঞ্চলিক ৰাইজৰ সৌজন্যত ১ নং গেদাৰবড়ীৰ শঙ্কৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰতো তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠানভাগ অায়োজিত হৈছে। কাৰ্য্যসুচী অনুসৰি শুক্ৰবাৰে পুৱা ভাগত ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত সন্ধ্যা ৬ বজাত অঞ্চলৰ বাচকবনীয়া যুৱক যুৱতীৰ দ্বাৰা ৰাতুল শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হয় অসমীয়া ভাঁওনা "কুৰুক্ষেত্ৰ"। শনিবাৰে দুপৰীয়া অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাৰ অন্তত সন্ধ্যা জিতু ডেকাৰ পৰিচালনাৰে অনুষ্ঠিত হয় গুৰুজনাৰ অমৰ সৃষ্টী অংকীয়া নাট "ৰুক্মীনী হৰণ"। এই নাটত অঞ্চলৰ যুৱক যুৱতীয়ে অংশগ্ৰহন কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হয়।

দুধনৈত যুৱকৰ মৃতদেহ উদ্ধাৰ

Image
গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত শান্তি নগৰত কালি আবেলি প্ৰায় ৪ বজাত দুধনৈ নৈৰ বুকুত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত যুৱক জনক আৰক্ষীয়ে দূধনৈৰ  পানী টেংকিৰ কাষৰীয়া ঠেকাচু দ্বিতীয় খণ্ডৰ কিশোৰ বিশ্বকৰ্মাৰ পুত্ৰ মোহন বিশ্বকৰ্মাৰ বুলি চিনাক্ত কৰে ৷ জানিব পৰা মতে প্ৰায় ২৭ বছৰীয়া যুৱক জনৰ মৃতদেহটো নৈৰ পানীত ওপঙি আছিল ৷ পিছত দুধনৈৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মোহন বিশ্বকৰ্মাৰ মৃতদেহটো উদ্ধাৰ কৰি দূধনৈ আৰক্ষী থানালৈ লৈ অনা হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ 

গনেশটাপু চৰত বন্যহস্তীৰ আক্ৰমণত আহত দুই ব্যক্তি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ অক্টোবৰঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে তাণ্ডৱ চলাই থকাৰ মাজতে শনিবাৰে নিশা সংঘটিত হয় এক অঘটন ৷ জুৰীয়াৰ সমীপৱৰ্তী গনেশটাপুত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বাইকত অহা দুই ব্যক্তি । জানিব পৰা মতে, মৰিগাঁৱৰ লাহৰীঘাটৰ পৰা ব্যক্তি দুজন গনেশটাপুত থকা আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছিল । নিশা লাহৰীঘাটৰ নিজা গৃহাভিমুখে উভতাৰ পথত লুইতৰ বালিৰ চৰত ব্যক্তি দুজন সন্মূখীন হয় বন্যহস্তীৰ ৷ লগে লগে বন্যহস্তীয়ে আক্ৰমণ কৰে ব্যক্তি দুজনক ৷ ফলত গুৰুতৰভাৱে আহত হয় ব্যক্তি দুজন ৷ বন্যহস্তীৰ আক্ৰমণত ব্যক্তি দুজনৰ হাত, ভৰি আৰু ককাল ভাঙে । পিছত স্থানীয় ৰাইজে মূমূৰ্ষ অৱস্থাত দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে । দীৰ্ঘদিন ধৰি উত্তৰ-পশ্চিম নগাঁৱত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে এনেদৰে বন্যহস্তীৰ আক্ৰমণত দুজন ব্যক্তি গুৰুত্বৰভাবে আহত হোৱা ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে ৷ ===================

ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড ২০২১” লাভেৰে অসমলৈ গৌৰৱ সাগৰিকা গোস্বামীৰ

Image
শিক্ষা, সাহিত্য ৰচনা,সংস্কৃতি, দাৰ্শনিক তত্ব বিষয়ক সফলতা আদিত সমানে অদ্বিতীয় কৃতকাৰ্য্যতা  লাভ কৰা সাগৰিকা গোস্বামীলৈ “ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড ২০২১” আগবঢ়ালে “নটা”ৰ তৰফৰ পৰা । প্ৰাপ্ত সন্মানৰ বাবে দিল্লীলৈ নিমন্ত্ৰণ লাভ কৰা সাগৰিকা গোস্বামী স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী । উক্ত সন্মান লাভ কৰা ভাৰতৰ যোগ্য সকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠা সাগৰিকা গোস্বামীয়ে খুব কম সময়ত শিক্ষা তথা সাহিত্য-সংস্কৃতি আদিত শ্ৰেষ্ঠত্ব অৰ্জন কৰি এই সন্মান লাভেৰে গৌৰৱ কঢ়িয়ালে অসমলৈ । নলবাৰী জিলাৰ শ্ৰী হেমন্ত কুমাৰ গোস্বামী আৰু শ্ৰী অনামিকা গোস্বামীৰ কন্যা সাগৰিকা গোস্বামীয়ে চলিত বৰ্ষতেই এটা নেশ্যনেল ৰেকৰ্ড কৰাৰ লগতে গোল্ডেন ষ্টাৰ এৱাৰ্ড লাভ কৰিও ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল । সাহিত্য-সংস্কৃতিৰ লগতে সমানুপাতিকভাৱে শিক্ষাৰ জগতখনত নিজক আগবঢ়াই নি থকা সাগৰিকা গোস্বামীৰ সৃষ্টিত তবধ মানিছে ‘নটা’ৰ বিষয়ববীয়াসকলে । সাগৰিকা গোস্বামীয়েও উল্লেখ কৰা অনুসৰি তেওঁ দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰাই এগৰাকী সুদক্ষ অধ্যাপিকা হোৱাৰ লক্ষ্য লৈ বৰ্তমানো সেই দিশে গতি কৰি আছে । লগতে সাহিত্য-সংস্কৃতিৰ জগতখনতো তেওঁ নি

যোৰহাটত যুৱকে পিতৃৰ স্মৃতিত ৰাইজৰ সুবিধাৰ্থে দান কৰিলে এম্বুলেঞ্চ

Image
যোৰহাট:পূজাৰ বতৰত টীয়কবাসীলৈ এটা ভাল খবৰ,টীয়কৰ এজনয় যুৱ উদ্যমী ব্যৱসায়ী সঞ্জয় সভাপণ্ডিতে তেওঁৰ পিতৃৰ পবিত্ৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত এখন মাৰুতি ভান এম্বুলেঞ্চ ৰাইজৰ সুবিধাৰ্থে দান কৰিছে।উল্লেখযোগ্য যে নূন্যতম ইন্ধনৰ খৰচ বহন কৰি ২৪ ঘন্টাই অক্সিজেন চিলিণ্ডাৰসহ এই এম্বুলেঞ্চখন ৰাইজৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে যুৱ ব্যৱসায়ীজনে।লগতে তেওঁৰ পিতৃ প্ৰায়ত কুল নাথ সভাপণ্ডিতৰ নামত কে এন সভাপণ্ডিত ফাউণ্ডেশ্যন নামৰ এটা ট্ৰাষ্টৰ যোগেদি অনাগত সময়তো ৰাইজৰ কেতবোৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে প্ৰয়াত কুল নাথ সভাপণ্ডিতে টীয়ক নগৰৰ মাজমজীয়াত পাৰিজাত নামে এক হোটেল ব্যৱসায় কৰিছিল আৰু এই ব্যৱসায়ৰ যোগেদি বহুতো নিবনুৱা যুৱকক সংস্থাপনৰ দিহা কৰিছিল আৰু পৰবৰ্তী সময়ত ব্যৱসায়ৰ সমান্তৰালকৈ টীয়কৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ সামাজিক দ্বায়বদ্ধতাৰ পৰিচয় দিছিল আৰু এগৰাকী আদৰ্শ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল যি আধুনিক টীয়ক গঢ়াত যথেষ্ট অৰিহণা আগবঢ়াইছিল ।বিশিষ্ট ব্যৱসায়ীগৰাকীৰ জেষ্ঠ পুত্ৰ তথা পৰিয়ালে ৰাইজৰ সেৱা অৰ্থে লোৱা এই পদক্ষেপক সকলোৱে আদৰণী

ফিল’বাৰীৰ কাণ্ডৰ তীব্ৰ গৰিহণা কৰ্মচাৰী পৰিষদৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ অক্টোবৰঃ তিনিচুকীয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীক ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ একাংশ ছাত্ৰনেতাই বাধ্য কৰোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম কৰ্মচাৰী পৰিষদে ৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বিপেন শৰ্মা আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে গভীৰ উদ্বেগেৰে কয় যে-শেহতীয়াভাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিক লৈ শিক্ষা বিভাগে জাৰি কৰা কিছু নিৰ্দ্দেশনাই স্থানীয়ভাবে বিদ্যালয়সমূহত অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ যাৰ পৰিণাম এতিয়া ভোগ কৰিবলগীয়া হ’ল এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ আচলতে, বিদ্যালয়ৰ চাৰিবেৰৰ বিষয় এটা বিদ্যালয়ৰ মজিয়াত সমাধান নকৰি একাংশ ছাত্ৰ নামধাৰীয়ে বিষয়টো বাহিৰলৈ উলিয়াই নিলে আৰু সেইসকল ছাত্ৰৰ জিঘাংসাৰ বলি হ’বলগা হ’ল শিক্ষয়িত্ৰীগৰাকী ৷ গতিকে পৰিষদে ইয়াৰ উচিৎ তদন্তৰ দাবী জনোৱাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৷

কৃষ্ণাইত শান্তি পূৰ্ণ ভাৱে উদযাপিত হ’ল দুৰ্গা পূজাঃআৰক্ষী প্ৰশাসনৰ তৎপৰতাৰ শলাগ ল’লে স্থানীয় জনতাই

Image
নিজম পৰিল গোৱালপাৰা জিলাৰ কৃষ্ণাই গ্ৰাম্য চহৰ ৷ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত পাঁচ দিনে উখল মাখল হৈ থকা কৃষ্ণাইত এতিয়া নিমাওমাও পৰিবেশ ৷ হয়,ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰৰ দৰে কৃষ্ণাইতো ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক আজি দশমীৰ আবেলি কৃষ্ণাই নৈৰ বুকুত বিসৰ্জন দিয়াৰ পিছতে সামৰণি পৰিল এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱৰ ৷  উল্লেখ্য যে কৃষ্ণাইত এইবেলি মুঠ সাতটা মণ্ডপত অনুষ্ঠিত হয় দুৰ্গা পূজা ৷ আনহাতে কাষৰীয়া খাৰদাং আৰু হাৰিমুৰাতো দেৱী পূজাৰ আয়োজন কৰে স্থানীয় ৰাইজে ৷ ইফালে ঐতিহ্যমণ্ডিত শ্ৰীটুক্ৰেশ্বৰী দেৱালয়তো অনুষ্ঠিত হয় দুৰ্গা পূজা ৷ মৃন্ময় প্ৰতিমা বিহীন টুক্ৰেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজাত নৱমীৰ দিনা দেৱীৰ নামত ম’হ বলি দিয়াটো ৰজা দিনীয়া এক পৰম্পৰা ৷ যি বলিৰ ছিন্ন দেহৰ পৰা নিৰ্গত ৰক্ত পান কৰে দেৱালয় খনত থকা কপিকুলে ৷ প্ৰণিধানযোগ্য যে, দুৰ্গা পূজাৰ সময়ছোৱাত শান্তি শৃংখলা বাহাল ৰখাৰ স্বাৰ্থত তৎপৰতা প্ৰদৰ্শন কৰা স্থানীয় আৰক্ষী  প্ৰশাসনক কৃষ্ণাইবাসী ৰাইজে ধন্যবাদ জনাইছে  ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

জামুগুৰিহাটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী পালন

Image
একমাত্র শংকৰদেৱৰ আদৰ্শইহে অসমীয়া সমাজ একত্ৰিত কৰি ৰাখিব পাৰিব।  "সম্প্ৰতি বিভিন্ন ধৰ্মাৱলম্বী লোকে অসমত নিজ নিজ ধৰ্ম বিস্তাৰৰ বাবে বিভিন্ন কৌশল অবলম্বন কৰিছে। আজি ৫৫০ বৰ্ষ অতিক্রম কৰা শংকৰদেৱৰ নৱ বৈষ্ণব ধৰ্মই সমগ্ৰ অসমীয়াজাতিক একত্ৰিত কৰি আধ্যাত্মিক ক্ষেত্রত সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ ধৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পাছতো মায়াত আবদ্ধ এক অংশ অসমীয়া অন্য ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাতো বৃহত্তৰ অসমীয়া সমাজৰ বাবে দুৰ্ভাগ্যজনক। অসমীয়া সমাজ যদি যুগ যুগান্তৰলৈ ঐক্যবদ্ধ হৈ থকাতো অসমীয়াই বিচাৰে তেন্তে প্ৰত্যেকজন অসমীয়াই গুৰুজনাৰ আদর্শ মানিবই লাগিব।" এই মন্তব্য অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বাৰেচহৰীয়া যুৱ সভাৰ উপদেষ্টা মিংকু কলিতাৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে বাৰেচহৰীয়া ৰাইজ সভাৰ সৌজন্যত, উত্তৰ জামুগুৰিৰ চামধৰা গাঁৱৰ ৰাইজৰ আতিৰ্থত  আয়োজিত ধৰ্মালোচনী সভাত এগৰাকী বক্তা হিচাপে অংশ লৈ এইদৰে মন্তব্য আগবঢ়ায় যুৱ বক্তা মিংকু কলিতাই। উল্লেখ্য যে ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰাচীন আধ্যাত্মিক-সামাজিক অনু

সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন ।হিন্দু মুছলমান উভয় সম্প্ৰদায়ে উৎযাপন কৰিলে গুৰুজনাৰ জন্ম জয়ন্তী

Image
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ *৫৭৩* সংখ্যক জন্ম জয়ন্তী ৷হৰিনামৰ ধ্বনিৰে মূখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ আৰু নামঘৰ সমূহ। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পাটেকীবড়ী সত্ৰতো একেই পৰিবেশ । নাম আৰু খোল প্ৰসংগৰে মুখৰিত পাটেকীবড়ী সত্ৰ ।গুৰুজনাৰ বহু ষ্মৃতি বিজড়িত  এই ঐতিহ্যমণ্ডিত সত্র খনত দেখিবলৈ পোৱা গ'ল এক বিশেষ দৃশ্য । _মহাপুৰুষ জনাৰ জন্ম জয়ন্তী উৎযাপন কৰিলে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে ।উল্লেখ্য যে  পাটেকীবড়ী সত্ৰ খনৰ চাৰি দিশে নাই কোনো এজন হিন্দু ধৰ্মৰ লোক অথবা কোনো পৰিয়াল।কিন্তু সত্ৰ খন আজি ও কোনো আঁচুৰ নপৰা কৈ আছে ।সত্ৰ খন চোৱা-চিতা কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠান সমূহত মুছলমান সম্প্রদায়ৰ লোকসকলে অংশগ্রহণ কৰি আহিছে ।আনকি বহু বছৰ পূর্বে তিনি জন মুছলমান লোকে সত্ৰ খনৰ উন্নয়নৰ বাবে *১২* বিঘা ভুমিও দাণ কৰিছে । মৈৰাবাৰীৰ পাটেকীবড়ী সত্ৰৰ এই পৰিবেশে অসমবাসীলৈ নিশ্চিত ভাবে এক শুভবৰ্তা কঢ়িয়াই আনিছে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কাতি বিহু উদযাপন

Image
প্ৰতিবেদক, ৰঙিয়া, ১৬ অক্টোবৰঃ  :কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত ঐতিহ্যমণ্ডিত বালিসত্র সৎ সঙ্গী সত্ৰ প্ৰাঙ্গণত অহা ৩১ আহিন (১৮ অক্টোবৰ) সোম বাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আদৰৰ কাতি বিহু উদযাপন কৰিব বুলি সম্পাদক নিউটন কলিতাই জনাইছে। কাতি বিহুৰ দিনা ৰাতিপুৱা ৭,৩০ বজাত কাতি বিহুৰ পতাকা উত্তোলন কৰিব বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ সভাপতি চন্দন কুমাৰ দাসে। ৭.৫৫ বজাত বালিসত্র আঞ্চলিক সাহিত্য সভা (স্বৰ্ণ শাখা) ৰ সভাপতি ইব্রাহীম আলী আৰু বিশিষ্ট সমাজসেৱক জগদীশ বৰুরাই স্মৃতি তর্পন কৰিব। ৮,০০ বজাত তুলসী গছ ৰোপণ কৰিব বালিসত্র আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি নলীৰাম কুমাৰ, জি এন বি ক্লাৱৰ সম্পাদক কৈলাশ কলিতা, অৰুণোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা নাথ কুমাৰে ।ইয়াৰ পিছত আয়তী নাম পৰিবেশন আৰু শ্রীশ্রী বংশী গোপাল শাস্ত্ৰ অধ্যয়ন চক্রৰ দ্বাৰা ভাগৱত পাঠ অনুষ্ঠিত হ'ব। দিনৰ ১২ বজাত বালিসত্র আঞ্চলিক সাহিত্য সভা (স্বৰ্ণ শাখা) ৰ প্ৰাক্তন সভাপতি বিপিন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হা

১ নং গেদাৰবড়িত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱ উদযাপন

Image
অনুষ্ঠিত হ'ল ভাওনা কুৰুক্ষেত্ৰ       দেৱব্ৰত বৰা,জাজৰি:মনুষ্যৰ মুক্তিৰ পথ প্ৰসস্ত কৰি কলা কৃষ্টী, ভাষা সাহিত্য, ঐক্য সংহতিৰে সাম্যবাদৰ ভেটি  গঢ়ি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰোতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম অাৱিৰ্ভাৱ মহোৎসৱভাগ পূৱ হাতীচোং অাঞ্চলিক ৰাইজৰ সৌজন্যত ১ নং গেদাৰবড়ীৰ শঙ্কৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠানভাগ অায়োজিত হৈছে। কাৰ্য্যসুচী অনুসৰি শুক্ৰবাৰে পুৱা ভাগত ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত সন্ধ্যা ৬ বজাত অঞ্চলৰ বাচকবনীয়া যুৱক যুৱতীৰ দ্বাৰা ৰাতুল শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হয় অসনীয়া ভাঁওনা "কুৰুক্ষেত্ৰ"। এই ভাঁওনা চাবলৈ দুই শতাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়।

দিখৌৰ বুকুত বিলীন দূর্গা মা

Image
দিখৌৰ বুকুত বিলীন দূর্গা মা। নান্দনিক দৃশ্যই মোহিলে হাজাৰ হাজাৰ লোকক আজি বিজয়া দশমী। নাজিৰা আৰু ইয়াৰ ওচৰে পাজৰে অনুষ্ঠিত হোৱা দূর্গাপূজা সমুহৰ সমূহীয়া বিসৰ্জনৰ বাবে নাজিৰা মহকুমা প্ৰকাশনে নাজিৰা নগৰৰ গাতে লাগি থকা দিখৌৰ ঘাটত ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন পূজা মণ্ডপৰ পৰা দূর্গা মাক লৈ ভক্ত সকলে শোভাযাত্ৰা কৰি আহি প্ৰকাশনে নিদিষ্ট কৰি নিয়মৰ মাজেৰে সিক্ত নয়নৰে উৰুলি দি দেৱী দূর্গাক দিখৌৰ বুকুত বিসৰ্জন দিয়ে । বিসৰ্জনৰ এই নান্দনিক দৃশ্য উপভোগ কৰিবৰ বাবে দিখৌৰ ঘাটত হাজাৰ হাজাৰ লোক উপস্থিত হৈ দেৱীক বিদায় দিয়ে।  নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে বটদ্ৰৱা থানত ভক্তিৰ নিজৰা==গুৰু বন্দনা-হৰিনামৰ ধ্বনিৰে মুখৰিত আকাশ বতাহ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ অক্টোবৰঃ অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৰ্বিভাৱ মহোৎসৱটি উৎসাহ-উদ্দীপনাৰ মাজেৰে গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্রৱা থানত কালিৰে পৰা দুদিনীয়াকৈ উদযাপন কৰা হয় ৷ সেয়ে থান প্ৰাংগনত ভক্তৰ উপস্থিতিৰে হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ ভিন্ন প্রান্তৰ পৰা অহা ভক্তই বন্তি, শৰাই আগবঢ়াই সেৱা আগবঢ়োৱাত হৰিনাম ভকতিৰ ৰসত বৈকুন্ঠ পুৰীলৈ পৰ্যবসিত হৈ পৰে বটদ্ৰৱা থান ৷ উল্লেখ্য যে, পূৰ্বৰ বছৰ সমূহত বটদ্ৰৱা থানত জগত গুৰু শ্রীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱ ভাগ আড়ম্বৰপূৰ্ণভাবে তিনি-চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল। কিন্তু সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্টুপীয়াকে সীমিত কাৰ্যসূচীৰে জন্মজয়ন্তী উৎসৱ ভাগ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে থান পৰিচালনা সমিতিয়ে ৷ কাৰ্যসূচী অনুসৰি কালি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আৰু দুপৰীয়াৰ মূল নাম প্ৰসংগ, প্ৰসাদ বিতৰণী অনুষ্ঠানৰ পিছত বিয়লিৰ ভাগত থানৰ নিত্য নৈমিত্তিক চৈধ্য প্ৰ

কাছমাৰীত প্ৰাইজমানি ফুটবল≈≈পাঘালী এফ চি প্ৰি-কোৱাৰ্টাৰত

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ অক্টোবৰঃ নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত মৰিগাঁৱৰ পাঘালি এফ চি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে । প্ৰতিযোগিতাৰ আজিৰ খেলত পাঘালি ফুটবল ক্লাৱে শিমলুগুৰি ফুটবল ক্লাৱক ৩-০ গ'লত  পৰাজিত কৰে । খেলখনত পাঘালি এফ চিৰ হৈ যদু বৰদলৈয়ে দুটা (১০, ৮০ মিনিট) আৰু ধ্ৰুৱ ডেকা (৫০মিনিট)ই এটা গ'ল দিয়ে । খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ, সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা (চতুৰ্থ)ই ৷ শনিবাৰৰ খেলত কপাহেৰা ফুটবল দলে কটহগুৰি এফ চিৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকাই জনাইছে ৷ =================

বিশিষ্ট সমাজসেৱী, অভিনেতা কিনাৰাম হাজৰিকাৰ দেহাৱসান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাগীয়াল নিবাসী বিশিষ্ট সমাজসেৱী, প্ৰবীন অভিনেতা, সাংস্কৃতিৱান সৰবৰহী ব্যক্তি কিনাৰাম হাজৰিকাৰ বৃহস্পতিবাৰে নিজ বাসগৃহত জীৱনাৱসান ঘটে ৷ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা হাজৰিকাক ঘৰতে চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছিল ৷ মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স হৈছিল ৮৯ বছৰ ৷ বৃহত্তৰ জাগীয়াল অঞ্চলৰ সমাজ জীৱনৰ লগত সাঙুুুৰ খাই থকা হাজৰিকা অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, শৈক্ষিক অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থাকি সমাজ সেৱাৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছিল ৷ জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহন কৰা হাজৰিকা জাগীয়াল সমবায় সমিতিৰ লগতো ওতঃপ্ৰোতভাবে জড়িত আছিল ৷ ইফালে, এজন সুদক্ষ অভিনেতা হিচাপে সমাজত আন এক সুকীয়া পৰিচয় থকা হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত বহু গুনমুগ্ধ সমবেত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনোৱাৰ লগতে নশ্বৰ দেহ এখন সুসজ্জিত বাহন উঠাই সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰাই ৷ সৎ, অমায়িক আৰু পৰোপকাৰী গুণৰ অধিকাৰী হাজৰিকাৰ মৃত্যুত স্থানীয় অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰাৰ লগতে

ৰংদৈ দ’গাৱত ৫৭৩ তম মহাপুৰুষ জন্ম জয়ন্তী পালন

Image
  সন্ত্ৰাসৰ সামান্য ৰোধ হোৱা লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ ধৰ্মীয় অনুষ্ঠান সমূহৰ কাৰ্যসূচীৰে চলাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ লগতে উত্তৰ যোৰহাটৰ বিভিন্ন গাৱৰ লগতে ৰংদৈ দ’গাৱতো মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৩ জন্ম জয়ন্তী পালন কৰে৷ পুৱা ৫ বজাত মাখন শইকীয়াৰ দ্বাৰা  উষা কীৰ্তন কৰা পাছত ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ৰংদৈ দ’গাৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেন কলিতাই৷ ৮. ৩০ বজাত ভাগৱত লৈ গাৱৰ ভকত প্ৰাণ সকলৰ সহ সাংস্কৃতিক শোভাযাত্ৰা কৰে৷ ৰাইজৰ পদুলীৰমুখেৰে ভাগৱত পাৰহৈ যোৱা ভাগৱত ভাগিত সকলোৱে পৰম্পৰাগত ভাৱে শৰাই আগবঢ়াই সেৱা লয়৷ হৰিনামেৰে মুখৰিত হৈ পৰা শোভাযাত্ৰা নামঘৰৰ বাট চৰাত সামৰনি কৰে৷ ইয়াৰ পাছত ১২ বজাৰ পৰা নামাচাৰ্য ভূৱন শইকীয়া, পাঠক দুৰ্গা মোহন বৰা দ্বৰা মূল নাম প্ৰসংগ আৰম্ভ কৰে৷ নৰেন নেওগ আৰু দয়াৰাম নেওগৰ দ্বাৰা মূল শৰাই উচ্চৰ্গা কৰা অনুষ্ঠানত সন্ধালৈ গাঁৱৰ প্ৰতি ঘৰে বন্তি প্ৰজলনেৰে মহাপুৰুষ গৰাকীক স্মৰণ কৰে৷ৰাতিলৈ ৰংদৈ দ’গাৱৰ সমূহ ৰাইজৰ সহযোগত সিন্ধু মুনিৰ পিতৃ ভক্তি- দশৰথৰ স্বৰ্গ উদ্বাৰ নামৰ ভাওনা প্ৰদৰ্শনেৰে প্ৰথম দিনা কাৰ্যসূচীৰ পালন কৰে৷  কালিলৈ পুৱা ৫ বজাত ল

জগত গুৰুৰ জন্মোৎসৱ যোৰহাট ত

Image
যোৰহাট:১৫অক্টোবৰ:জগত গুৰু শ্ৰীশ্ৰীশংকৰদেৱ ৰ ৫৭৩ তম্ জন্মোৎসৱ যোৰহাটৰ পটিয়া গাঁৱৰ স্থানীয় পাছ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ কলিয়নী নবজ্যোতি শংকৰী কলাকৃষ্টি সংঘ ,পটিয়া গাঁৱৰ প্ৰাংগণত দুদিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱাৰ লগতে নাওবৈছা,বৰখেলিয়া,বৰুবা বাৰী,ৰংদৈ,চাৰিগাও, ভৰালী চুক,বৰি গাঁও,গজপুৰিয়া,নকাৰি আদি ৰ লগত যোৰহাট নগৰৰ বিভিন্ন প্ৰান্তত উৎসৱ উদযাপন কৰা হৈছে।উৎসৱ ৰ লগত সংগতি ৰাখি ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা ৰ পাছত বিভিন্ন প্ৰতিযোগিতাৰ লগত ৰাতিলৈ ভাওনাৰ আয়োজন কৰিছে। যোৰহাটৰ পৰা ৰনজিৎ দত্ত।

যোৰহাট ত ১০৫ বছৰে অনুষ্ঠিত হোৱা এখনি পূজা

Image
যোৰহাট১৪অক্টোবৰ; যোৰহাট  থিয়েটাৰ হলৰ পুজাই এইবাৰ ১০৫বছৰত ভৰি দিছে।সম্পূৰ্ণ কভিদ নীতি ৰ মাজেদি পুজা ৰ কায্যসুচী পালন কৰিছৈ।ইয়াৰ বিপৰীতে বহু স্থান ত এই দৰে কভিদ নীতি পালন কৰা দেখা পোৱা নাই বুলি বহু সচেতন লোকে মন্তব্য কৰিছে।আজি পুৱাৰ পৰা এই অনুষ্ঠান ত অগণন ভক্ত ই চাকি বন্তি, সৰাই দেৱী দুৰ্গাৰ আশীৰ্বাদ ৰ বাবে আগবঢ়াই আৰু দেৱী দুৰ্গাৰ নামেৰে মুখৰিত হৈ আছে। বিগত বষৰ তুলনাত কভিদ পৰিস্থিতি য়ে অথনৈতিক অবস্থা শোছনীয় হৈ পৰাত পূজা ৰ আনন্দ ম্লান হৈ পৰিছে।একাংশ ই ব্লেক মনিৰ ধনেৰে লাহ বিলাহত পাহৰি গৈছে দেশৰ দৰিদ্ৰসকলৰ অবস্থা কি হৈছে।যোৰহাটৰ পৰা ৰনজিৎ দত্ত।

এটা ম’হ বলিৰে ইতিহাস বিজড়িত বিল্লেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ*

Image
*ৰাজ্যৰ চৌদিশে এতিয়া ঢাক ঢোলৰ শব্দত ৰজনজনাইছে দুৰ্গা পূজাৰ মণ্ডপ সমুহ* *ইতিহাস বিজড়িত বিল্বেশ্বৰ দেৱালয়ত আজি নৱমীৰ দিনটোত এক জনসমুদ্ৰত পৰিনত হৈছে*  *নলবাৰী জিলাৰ ইতিহাস বিজড়িত দুইহাজাৰ বছৰ পুৰণি ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত আজি  এটা ম’হ বলিৰ উপৰি পাৰ হাহ কোমোৰা আদিৰে দেৱী দুৰ্গা মাৰ পূজা অৰ্চনা কৰা হয়* *আজি নৱমীৰ দিনা বিল্লেশ্বৰ দেৱালয়ত ৰাইজৰ হৈ এটা ম’হ বলিৰ উপৰি পাচটা ম’হ  মা দুৰ্গাৰ ওচৰত উচৰ্গা কৰা হয়* *২০২০ চনৰ পুৰ্বৰে পৰা  বিল্লেশ্বৰ দেৱালয়ত ৪০ টাৰো অধিক ম’হ বলি দিয়া হৈছিল যদিও বিগত দুটা বছৰ ক’ভিড মহামাৰীৰৰ বাবে ৰাইজৰ হৈ  নৱমীৰ দিনা এটা ম’হ বলিৰে মাৰ চৰণত  অৰ্পণ কৰি আহিছে দেৱালয় সমতিয়ে* নলবাৰী পৰা শংকৰ দাস ।

১ নং গেদাৰবড়িত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱ উদযাপন

Image
  দেৱব্ৰত বৰা , জাজৰি : মনুষ্যৰ মুক্তিৰ পথ প্ৰশস্ত কৰি কলা কৃষ্টি, ভাষা সাহিত্য, ঐক্য সংহতিৰে সাম্যবাদৰ ভেটি  গঢ়ি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰোতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম আৱিৰ্ভাৱ মহোৎসৱভাগ পূৱ হাতীচোং আঞ্চলিক ৰাইজৰ সৌজন্যত ১ নং গেদাৰবড়ীৰ শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত ১৫,১৬ আৰু ১৭ অক্টোবৰত তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠানভাগ আয়োজিত হব। কাৰ্য্যসুচী অনুসৰি প্ৰথম দিনা পুৱা ভাগত ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত সন্ধ্যা ৬ বজাত অঞ্চলৰ বাচকবনীয়া যুৱক যুৱতীৰ দ্বাৰা ৰাতুল শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হব অসনীয়া ভাঁওনা "কুৰুক্ষেত্ৰ"। দ্বিতীয় দিনা শনিবাৰে দিনৰ ভাগত বিভিন্ন ধৰ্মীয় কাৰ্য্যসুচীৰ পাছত সন্ধ্যা ৬ বজাত শংকৰী সাংস্কৃতিক সাধক জিতু ডেকাৰ পৰিচালনাৰে পৰিবেশন কৰা হব গুৰুজনাৰ বিৰচিত অংকীয়া ভাওনা "ৰুক্মিণী হৰণ"। অন্তিম দিনা সন্ধ্যা ৬ বজাৰ অনুষ্ঠিত হব অজিত বৰাৰ পৰিচালনাৰে অঞ্চলৰ আইমাতৃ আৰু যুৱতীসকলৰ দ্বাৰা গুৰুজনাৰ বিৰচিত অঙ্কীয়া ভাঁওনা "কেলী গোপাল"। উক্ত অনুষ্ঠানত সমূহ ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিৰ হৈ উদযাপন  সমিতিৰ সম্পাদক দৰ্শন মহন্তই এই বাৰ্তাৰ

যোৰহাট ত শিশু ভাওনা "মৎস্য অৱতাৰ"

Image
যোৰহাট;১৩ অক্টোবৰ;যোৰহাট  নগৰৰ সমীপৰ পটীয়া গাওঁ ৰ, দিহিঙীয়া কুৰিত শিশু-কিশোৰ-সকলক একত্ৰিত কৰি গুৰু জনাৰ  "মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ"নাট খন ১০অক্টোবৰৰ সন্ধাৰ পৰা প্ৰদৰ্শন কৰা হয়।দিহিঙীয়া কুৰি বুঢা নামঘৰত অনুস্থিত নাট্য অনুস্থান ত  "  জগতত যিমানেই অসুৰীক কায্য ,অন্যায় -অমঙ্গল নহওক  - ভগৱানে সকলো দুষ্ট কায্য কৰাক সংহাৰ কৰি,ভিন্ন ৰপে অবতাৰ   হৈ তেওঁৰ ভক্তক উদ্ধাৰ কৰিব ই" - এই দৰেই বিষ্ণু য়ে গুৰু জনাৰ সৃষ্টি" মৎষ্য অবতাৰ চাৰি বেদ-উদ্ধাৰ"নাটক ত ভক্তক উদ্দেশ্যে কৰি মন্তব্য কৰে। পুৱা প্ৰাত প্ৰসংগৰে দুপৰীয়া পতিয়ৰি সত্ৰৰ মানিক গোস্বামী নামাচায্যৰে নাম কীৰ্তনৰপাছতে দিহা নাম,লোকগীত পৰিবেশন কৰে গাঁওৰ পুৰুষ-মহিলাই ইয়াৰ পাছত প্ৰসাদ বিতৰণ হয়।সন্ধা গৃহে গৃহে বন্তি প্ৰজ্বন হয় আৰু  ইয়াৰ পাছত নামঘৰত নাম প্ৰসংগঃ,গায়ন-বায়েনেৰে মৎস্য অবতাৰ ,,,,,,,,,, ভাওনাৰ এগছি বন্তি প্ৰজ্বলন কৰে গাঁৱৰ জেষ্ঠ ধৰ্ম পৰায়ন ব্যক্তি হিৰেণ দত্তই শুভাৰম্ভ  কৰে ।ইয়াৰ আগমুহু ত্বত নামঘৰিয়া  নৰেণ দত্ত,চৰৎ দত্তক সম্বন্ধনা জনাই।  বিতু দত্তৰ সংগী বৃন্দৰ দ্বাৰা নাট পৰিছালনাৰে আৰম্ভ হোৱা নাটকখনত ব

২০২২ : অৰ্থনৈতিক বিকাশত ভাৰত হ'ব বিশ্বত প্ৰথম, চীনে দোহাৰিলে অৰ্থনৈতিক সম্বন্ধৰ কথা

Image
দীপজ্যোতি ডেকা : আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফৰ মতে অহা ২০২২ বৰ্ষত ভাৰত হব পাৰে বিশ্বৰ দ্ৰুততম অৰ্থনৈতিক বিকাশযুক্ত ৰাষ্ট্ৰ। এই সময়ছোৱাত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ হ'ব ৮.৫ শতাংশ। আমেৰিকা-চীনৰ বিকাশৰ হাৰ হব ক্ৰমে ৫.৩ % আৰু ৫.৬% আনপিনে আই এম এফৰ এই সম্ভাৱনাৰ পিছতে তাৎপৰ্যপূৰ্ণভাৱে চুবুৰীয়া ৰাষ্ট্ৰ চীনে পুনৰ দোহাৰিছে ভাৰত-চীনৰ অৰ্থনৈতিক সম্বন্ধৰ কথা। দেশখনৰ চৰকাৰী মুখপাত্ৰ গ্লোৱেল টাইমছত ৰায় প্ৰদান কৰা হৈছে যে ভাৰতে এই সম্বন্ধ ৰক্ষা আৰু উন্নতিৰ স্বাৰ্থত নিজৰ সৰলতা দেখুৱাব লাগিব।

ৰঙিয়াৰ বোৱাৰীৰ দুৰ্গা পূজাৰ ধামখুমীয়াৰ মাজতেই লোমহৰ্ষক হত্যাকাণ্ডঃ আটক ৩

Image
প্ৰতিবেদক, ৰঙিয়া ১২ অক্টোবৰঃ দুৰ্গা পূজাৰ ধামখুমীয়াৰ মাজতেই ৰঙিয়া উদিয়ানাৰ এগৰাকী বোৱাৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাই সভ্য সমাজৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছে। এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে তিনিজন পাষণ্ডক আটক কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ নলবাৰী জিলাৰ পাগালদিয়া নৈৰ দাঁতিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত সংগৃহীত তথ্য অনুসৰি, ৰঙিয়া জয়ন্তীপুৰ ভকত তোলা(উদিয়ানা) নিবাসী অংকুমনি বৰুৱাই (৩৪) যোৱা ২৯ ছেপ্টেম্বৰৰ দিনৰ ভাগত অকলে কামৰূপ জিলাৰ বিহদিয়াৰ মাতৃ গৃহত গৈছিল। সেই দিনাই তেওঁ  বাইহাটা চাৰিআলিৰ পৰা বাছৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰে৷ কিন্তু নিৰ্দিষ্ট সময় অতিবাহিত হোৱাৰ পিছতো তেওঁ ঘৰলৈ ঘুৰি নহাত পৰিয়ালত হুৱাদুৱাৰ সৃষ্টি হয়। তেতিয়াৰ পৰাই তেওঁ সন্ধানহীন হৈ থকাত তেওঁ স্বামী প্ৰখ্যাত বাদ্যযন্ত্রী কৈলাশ কলিতা সহ পৰিয়ালৰ সকলোৱে সম্ভাব্য সকলো স্থানত বিচাৰ খোচাৰ কৰিও কোনো ধৰনৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে। ইপিনে মহিলা গৰাকীয়ে সময়ত স্বামী গৃহত উপস্থিত নোহোৱাত স্বামী গৃহৰ লগতে মাতৃ গৃহতো এক হাহাকাৰ পৰিস্থিতি

১৩দিনৰ অন্তত পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হল অংকুমণি কলিতাৰ মৃত দেহ

Image
প্ৰায় ১৩দিনৰ অন্তত  পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হল অংকুমণি কলিতাৰ মৃত দেহ ৰঙিয়া আৰক্ষী থানাই সন্ধান দিব  নোৱাৰা অংকুমণিৰ মৃতদেহ উদ্ধাৰ কৰিলে নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লীণ্টু বৰাআৰু ঘগ্ৰাপাৰ থানা ৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী য়ে। ## এগৰাকী সুন্দৰী মহিলাক  পৰিকল্পিতভাবে হত্যা কৰি নদীৰ কাষৰীয়া ত ঠাইত পুথি থোৱা  তিনি হত্যাকাৰী ঘগ্ৰাপাৰ আৰক্ষীৰ জালত পৰা ঘটনাই সমগ্ৰ নলবাৰী জিলাত ব্যপক চাঞ্চলয়ৰ সৃষ্টি কৰিছে। হত্যাকাৰী কেইগৰাকী হল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবৰীৰ অচ্যুত দাসৰ পুত্ৰ জগদীশ দাস, কহাৰতোলাৰ মনেশ্বৰ দাসৰ পুত্ৰ চন্দন দাস আৰু কেহেৰুৱাৰ উমেশ কলিতাৰ পুত্ৰ চনজিত কলিতা। জানিব পৰা মতে ৰঙিয়া থানাৰ অন্তৰ্গত উদীয়ানাৰ বাদ্য শিল্পী কৈলাশ কলিতাৰ পত্নী অংকুমনি কলিতাই বাইহাটা চাৰিআলিৰ বিহদিয়াৰ মাকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত যোৱা 29 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। সেই সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিয়ালি আৰক্ষী থানা ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ৰঙিয়া  আৰক্ষীয়ে PS_caseNo_1098/21U/S498(A) /342/370 আই পি চি  আৰু বাইহাটা আৰক্ষীয়ে PS caseNo 509/21U/S  3

ৰঙিয়াত স্বচ্ছ ভাৰত, ক্লিন ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণ

Image
ৰঙিয়াত স্বচ্ছ ভাৰত, ক্লিন ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণ  প্ৰতিবেদক, ৰঙিয়া,১২ অক্টোবৰঃ  নেহেৰু যুৱ কেন্দ্ৰ, মালিগাওঁৰ সৌজন্যত পুঠিমাৰী সমৃদ্ধি বেচৰকাৰী সংস্থাৰ উদ্যোগত মৰমী,জানমনি আৰু বিউটী আত্মসহায়ক গোটৰ সহযোগত ৰঙিয়া মহকুমাত যোৱা ১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ মাহযোৰা কাৰ্যসূচীৰে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া কাৰ্যসূচী হাতত লোৱা হয় । কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তা প্ৰতি জনসাধাৰণক সচেতন কৰি তোলীৰ উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।মহামানৱ মহাত্মা গান্ধীয়ে এখন ভাৰতৰ সপোন দেখিছিল, য'ত কেৱল স্বাধীনেই নহয়, লগতে হ''ব পৰিষ্কাৰ আৰু উন্নত। আৰু অঙ্গীকাৰ আছিল যে মই য'তে ত'তে  আৱৰ্জনা নেপেলাম আৰু আনকো পেলাবলৈ নিদিম। এনে পৰিপেক্ষিতত বেচৰকাৰী সংস্থা সমৃদ্ধি তথা নেহেৰু যুৱ কেন্দ্ৰৰ  অৰিহনা শলাগিবলগীয়া। আনহাতে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া ৰঙিয়াৰ কাৰ্যসূচী সফল ৰূপায়নত অংশগ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী হিতেন্দ্ৰ শৰ্মা, হৰিচন্দ

অন্ধকাৰত ডুব যাব বিশ্ব ! লেবানন অন্ধকাৰত, ইউৰোপত প্ৰাকৃতিক গেছ সংকট

Image
দীপজ্যোতি ডেকা : কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বত এতিয়া বিজুলী সংকটৰ আশংকা দেখা গৈছে। পৰ্যাপ্ত কয়লা যোগানৰ অভাৱত দেশৰ কেবাটাও পাৱাৰ প্লেন্ট অসক্ৰিয় হোৱাৰ পথত আগবাঢ়িছে। একেই অৱস্থা চীনৰো। শেহতীয়াকৈ চীনৰ বহু অঞ্চলত লোডশ্বেডিঙৰ সমস্যা গুৰুতৰ হৈছে। লেবানন বিজুলীৰ অভাৱত অন্ধকাৰ হৈ পৰিছে। আনপিনে ইউৰোপত প্ৰাকৃতিক গেছৰ ব্যাপক সমস্যা দেখা গৈছে। ভাৰতৰ খোদ চৰকাৰী ভাষ্যমতে দেশত মাঁথো কিছুদিনৰ বাবেহে থাৰ্মেল প্ৰজেক্ট চলাবলৈ কয়লা মজুত আছে। উত্তৰ প্ৰদেশৰ কেবাটাও প্ৰকল্প ইতিমধ্যে বন্ধ হৈ পৰিছে। আমেৰিকাত প্ৰতিলিটাৰ গেছোলিনৰ মূল্য ৩.২৫ ডলাৰ হৈছেগৈ। মুঠৰ ওপৰত সমগ্ৰ বিশ্বত এতিয়া বিদ্যুত, ইন্ধনৰ ব্যাপক নাটনি দেখা গৈছে।      বিশেষজ্ঞসকলৰ মতে ইয়াৰ প্ৰধান কাৰণ হৈছে বিগত দীৰ্ঘকালীন কৰোণাজনিত পৰিস্থিতিৰ বাবে বিশ্বজোৰা অৰ্থনৈতিক গতিশীলতাৰ বাবেই এনে হৈছে । যিহেতু এই দীৰ্ঘ সময় ধৰি বহু দেশৰ জৈৱিক ইন্ধন আহৰণৰ কাম কাজ সমুহ বাধাগ্ৰস্থ হৈ আছিল। আনপিনে প্ৰচণ্ড শীতৰ বাবে ইউৰোপত শক্তিৰ ভড়াল একপ্ৰকাৰ খালী হৈ পৰিছে। এনেবোৰ কাৰণতে এতিয়া শক্তিৰ অভাৱত ভূগিছে সমগ্ৰ বিশ্ব।