নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

১৯ বছৰ অনুৰ্ধৰ আন্তঃ জিলা জে কে বৰুৱা ট্ৰফীৰ নলবাৰী জিলাৰ প্ৰথম বিজয়ী ক্ৰিকেট দল আৰু বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ৰবিবাৰে নলবাৰী নাট্য মন্দিৰত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰে নলবাৰী ক্ৰীড়া সন্থাই।

প্ৰাক্তন ছাত্ৰ নেতা তথা নলবাৰীৰ খেল জগতৰ লগত জড়িত উদ্যমী যুৱক চন্দন হালৈয়ে আত ধৰা সম্বৰ্ধনা সভা সভাপতিত্ব কৰে নলবাৰীৰ সু পৰিচিত ব্যক্তি তথা ঐতিহ্য মণ্ডিত নলবাৰী হৰি মন্দিৰৰ সম্পাদক নগেন ডেকাই।

উক্ত সভাত অসম ক্ৰিকেট সন্থাৰ সম্পাদক তথা মহাধিবক্তা দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক বিকাশ বৰুৱা, নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ ইষ্ট কেন্সাৰ হাস্পাতালৰ অধ্যক্ষ গনেশ তামুলী, প্ৰাক্তন সুদক্ষ খেলুৱৈ,নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক তথা নলবাৰীৰ সু সন্তান মনোজ চৌধুৰী,প্ৰাক্তন ৰঞ্জি খেলুৱৈ তথা অসম ৰঞ্জি ক্ৰিকেট দলৰ পৰিচালক প্ৰতীম হাজৰিকাক সম্বৰ্ধনা জনাই। 

ইপিনে আন্তঃজিলা জে কে বৰুৱা ট্ৰফীৰ নলবাৰীৰ বিজয়ী ক্ৰিকেট দলৰ প্ৰতিজন সদস্যক সম্বৰ্ধনা জনোৱা হয়।


উক্ত সভাত সম্বৰ্ধিত ব্যক্তি সকলে ভাষন প্ৰসংগত নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা