২০২২ : অৰ্থনৈতিক বিকাশত ভাৰত হ'ব বিশ্বত প্ৰথম, চীনে দোহাৰিলে অৰ্থনৈতিক সম্বন্ধৰ কথা
দীপজ্যোতি ডেকা : আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফৰ মতে অহা ২০২২ বৰ্ষত ভাৰত হব পাৰে বিশ্বৰ দ্ৰুততম অৰ্থনৈতিক বিকাশযুক্ত ৰাষ্ট্ৰ। এই সময়ছোৱাত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ হ'ব ৮.৫ শতাংশ। আমেৰিকা-চীনৰ বিকাশৰ হাৰ হব ক্ৰমে ৫.৩ % আৰু ৫.৬%
আনপিনে আই এম এফৰ এই সম্ভাৱনাৰ পিছতে তাৎপৰ্যপূৰ্ণভাৱে চুবুৰীয়া ৰাষ্ট্ৰ চীনে পুনৰ দোহাৰিছে ভাৰত-চীনৰ অৰ্থনৈতিক সম্বন্ধৰ কথা। দেশখনৰ চৰকাৰী মুখপাত্ৰ গ্লোৱেল টাইমছত ৰায় প্ৰদান কৰা হৈছে যে ভাৰতে এই সম্বন্ধ ৰক্ষা আৰু উন্নতিৰ স্বাৰ্থত নিজৰ সৰলতা দেখুৱাব লাগিব।
Comments
Post a Comment