বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কাতি বিহু উদযাপন

প্ৰতিবেদক, ৰঙিয়া, ১৬ অক্টোবৰঃ 

:কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত ঐতিহ্যমণ্ডিত বালিসত্র সৎ সঙ্গী সত্ৰ প্ৰাঙ্গণত অহা ৩১ আহিন (১৮ অক্টোবৰ) সোম বাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আদৰৰ কাতি বিহু উদযাপন কৰিব বুলি সম্পাদক নিউটন কলিতাই জনাইছে। কাতি বিহুৰ দিনা ৰাতিপুৱা ৭,৩০ বজাত কাতি বিহুৰ পতাকা উত্তোলন কৰিব বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ সভাপতি চন্দন কুমাৰ দাসে। ৭.৫৫ বজাত বালিসত্র আঞ্চলিক সাহিত্য সভা (স্বৰ্ণ শাখা) ৰ সভাপতি ইব্রাহীম আলী আৰু বিশিষ্ট সমাজসেৱক জগদীশ বৰুরাই স্মৃতি তর্পন কৰিব। ৮,০০ বজাত তুলসী গছ ৰোপণ কৰিব বালিসত্র আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি নলীৰাম কুমাৰ, জি এন বি ক্লাৱৰ সম্পাদক কৈলাশ কলিতা, অৰুণোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা নাথ কুমাৰে ।ইয়াৰ পিছত আয়তী নাম পৰিবেশন আৰু শ্রীশ্রী বংশী গোপাল শাস্ত্ৰ অধ্যয়ন চক্রৰ দ্বাৰা ভাগৱত পাঠ অনুষ্ঠিত হ'ব। দিনৰ ১২ বজাত বালিসত্র আঞ্চলিক সাহিত্য সভা (স্বৰ্ণ শাখা) ৰ প্ৰাক্তন সভাপতি বিপিন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হাজো বিধান সভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া , এমট্রনৰ সহঃ প্রবন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ আৰু ভাৰতীয় জনতা পাৰ্টি, উত্তৰ হাজোৰ সভাপতি তিলক শৰ্মাই। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ক্ৰমে ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ উপ সভাপতি পিনকেশ্বৰ কলিতা, বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী দীপ্তি দাস, আঞ্চলিক সদস্য কনক কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱ জ্যোতি ডেকাই। সন্ধিয়া ৬ বজাত বালিসত্র সৎ সঙ্গী সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰ নাথ গোস্বামী, বালিসত্র আঞ্চলিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক দেবেন্দ্ৰ নাথ বৈশ্য, মিলন মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনশ্যাম কুমাৰ, বিশিষ্ট সমাজসেৱক ৰত্নেশ্বৰ কলিতা আৰু বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক সুশীল চন্দ্ৰ ডেকাই তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰিব বুলি শিক্ষা আৰু সাংস্কৃতিক সম্পাদক চন্দন কুমাৰে জানিবলৈ দিয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা