নগাঁৱত স্বামীৰ দ্বাৰা পাশৱিক নিৰ্যাতনৰ বলি পাঁচ বছৰীয়া সন্তানৰ মাতৃ

# নগাঁৱত স্বামীৰ দ্বাৰা পাশৱিক নিৰ্যাতনৰ বলি পাঁচ বছৰীয়া সন্তানৰ মাতৃ≈≈আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘূৰিও পোৱা নাই ন্যায়≈≈ৰহস্যজনক ভূমিকা আৰক্ষীৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ অক্টোবৰঃ নাৰী সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও হ্ৰাস হোৱা নাই নাৰী নিৰ্যাতনৰ ঘটনা । শেহতীয়াভাবে এনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ ৰাইদঙীয়াত ৷ ৰাইদঙীয়াৰ ৰজাগাঁৱৰ এগৰাকী বোৱাৰী স্বামীৰ নিৰ্যাতনৰ বলি হৈ ন্যায় বিচাৰি এতিয়া ঘুৰি ফুৰিছে আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে । ৯ বছৰ পূর্বে একে গাঁৱৰে হিৰণ্য কাকতি নামৰ যুৱক জনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল দিপাঞ্জলী হাজৰিকা নামৰ যুৱতীগৰাকী । চাৰি বছৰলৈকে দুয়োৰে সংসাৰ ঠিকেই আছিল । ইয়াৰ মাজতে তেওঁলোকৰ মাজলৈ আহে এটি কন্যা সন্তান । ইমান খিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু লম্পট স্বামী হিৰণ্য কাকতিয়ে আন এগৰাকী যুৱতীৰ লগত অবৈধ সম্পর্ক গঢ়াৰ বাবেই স্বামীৰ লগত মনোমালিন্য হয়  দিপাঞ্জলী হাজৰিকাৰ আৰু নিৰ্যাতন চলাবলৈ ধৰে স্বামীয়ে । ইয়াৰ মাজতে যোৱা ২১ ছেপ্তেম্বৰত স্বামীয়ে দিপাঞ্জলী হাজৰিকাৰ ওপৰত চলাই অমানসিক অত্যাচাৰ । আনকি শৰীৰত ঢালি দিয়ে এচিড জাতীয় পদাৰ্থ । এই এচিড আক্ৰমনত বোৱাৰী গৰাকীৰ শৰীৰৰ বহু অংশ পুৰি যায় । পিছত এই ঘটনা সন্দৰ্ভত ভুক্তভোগী বোৱাৰী গৰাকীয়ে জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । কিন্তু জাজৰি আৰক্ষীৰ ভুমিকা সন্দেহজনক । কিয়নো, ৰহস্যজনক কাৰণত স্বামী তথা স্বামীৰ পৰিয়ালৰ কোনো সদস্যকে আটক কৰাতো দূৰৈৰ কথা সোধ-পোছেই নকৰিলে আৰক্ষীয়ে । কেৱল এটা জামিন যোগ্য ধাৰাত গোছৰ ৰুজু কৰিয়ে দায়িত্ব সামৰে আৰক্ষীয়ে । সেয়ে এতিয়া বোৱাৰী গৰাকীয়ে কণমানি কন্যা সন্তানক লৈ ন্যায়ৰ বাবে হামৰাও কাঢ়ি ফুৰিছে । কিন্তু জাজৰি আৰক্ষীয়ে বোৱাৰী গৰাকীক ন্যায় দিয়াৰ পৰিৱর্তে লম্পট স্বামী হিৰণ্য কাকতি আৰু পৰিয়ালটোক ৰক্ষনাবেক্ষন দিয়াৰহে অভিয়োগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পিতৃয়ে ৷ সেয়ে উপায়হীন হৈ এতিয়া নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে আৰক্ষীৰ উৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা মাগিছে ।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা