আগন্তুক ৭৩ তম্ দিল্লীৰ কেন্দ্রীয় গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন নগাঁৱৰ ছাত্ৰী তিখা বৰাৰ

# আগন্তুক ৭৩ তম্ দিল্লীৰ কেন্দ্রীয় গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন নগাঁৱৰ ছাত্ৰী তিখা বৰাৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ অক্টোবৰঃ ৰাজ্যলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ এগৰাকী মেধাবী ছাত্ৰীয়ে ৷ এই ছাত্ৰীগৰাকী হৈছে জিলাখনৰ ধিং মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী তিশা বৰা । জানিব পৰা মতে, ছাত্ৰগৰাকীয়ে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৭৩ তম্ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণৰ যোগ্যতা লাভ কৰিছে ৷ আচলতে, যোৱা ২ অক্টোৱৰত এন এছ এছ গোটৰ বাছনী পৰীক্ষা অনুষ্ঠিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো মহাবিদ্যালয়ৰ পৰা উক্ত বাছনি পৰীক্ষাত তিনিশগৰাকী শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰিছিল । তাৰে ভিতৰত তিনিগৰাকী শিক্ষাৰ্থীক আগন্তুক ৭৩ তম্ দিল্লীৰ কেন্দ্রীয় গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ নিৰ্বাচন কৰা হয় ৷ এই নিৰ্বাচিত তিনি শিক্ষাৰ্থীৰ ভিতৰত ধিং মহাবিদ্যালয়ৰ ছাত্ৰী তিশা বৰা অন্যতম । তীশা বৰাৰ এনে সফলতাৰ পিছতে ধিং মহাবিদ্যালয়ৰ লগতে বৃহত্তৰ ধিংবাসী ৰাইজৰ মাজত এতিয়া বৈছে আনন্দ আৰু উছাহৰ বন্যা । ইফালে, দৰিদ্র পৰিয়ালৰ ছাত্ৰী তীখা বৰাৰ বৰ্তমান পৰ্যাপ্ত অনুশীলনৰ বাবে প্ৰয়োজন হৈছে বহু সা-সামগ্ৰীৰ । সেয়ে তীখা বৰাক সহায়ৰ বাবে আগবাঢ়ি আহিছে ধিং অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান । ইয়াৰ অংশহিচাপে ধিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পৰা এটা ধনৰ টোপোলা আৰু ধিং বজাৰৰ 'হেপ্পী হীল' নামৰ শ্ব'ৰূমটোৰ  সত্ত্বাধিকাৰী দীপু কুমাৰ নাথে তীশা বৰাক এযোৰ জোতা আগবঢ়াইছে । তদুপৰি এনে সফলতাৰ বাবে ছাত্ৰীগৰাকীৰ প্ৰতি সকলোয়ে শুভেচ্ছা জনাইছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা