১৩দিনৰ অন্তত পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হল অংকুমণি কলিতাৰ মৃত দেহ

প্ৰায় ১৩দিনৰ অন্তত  পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হল অংকুমণি কলিতাৰ মৃত দেহ

ৰঙিয়া আৰক্ষী থানাই সন্ধান দিব  নোৱাৰা অংকুমণিৰ মৃতদেহ উদ্ধাৰ কৰিলে নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লীণ্টু বৰাআৰু ঘগ্ৰাপাৰ থানা ৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী য়ে।

## এগৰাকী সুন্দৰী মহিলাক  পৰিকল্পিতভাবে হত্যা কৰি নদীৰ কাষৰীয়া ত ঠাইত পুথি থোৱা  তিনি হত্যাকাৰী ঘগ্ৰাপাৰ আৰক্ষীৰ জালত পৰা ঘটনাই সমগ্ৰ নলবাৰী জিলাত ব্যপক চাঞ্চলয়ৰ সৃষ্টি কৰিছে। হত্যাকাৰী কেইগৰাকী হল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবৰীৰ অচ্যুত দাসৰ পুত্ৰ জগদীশ দাস, কহাৰতোলাৰ মনেশ্বৰ দাসৰ পুত্ৰ চন্দন দাস আৰু কেহেৰুৱাৰ উমেশ কলিতাৰ পুত্ৰ চনজিত কলিতা। জানিব পৰা মতে ৰঙিয়া থানাৰ অন্তৰ্গত উদীয়ানাৰ বাদ্য শিল্পী কৈলাশ কলিতাৰ পত্নী অংকুমনি কলিতাই বাইহাটা চাৰিআলিৰ বিহদিয়াৰ মাকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত যোৱা 29 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। সেই সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিয়ালি আৰক্ষী থানা ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ৰঙিয়া  আৰক্ষীয়ে PS_caseNo_1098/21U/S498(A) /342/370 আই পি চি  আৰু বাইহাটা আৰক্ষীয়ে PS caseNo 509/21U/S  366 আই পি চি ৰ অধীনত পৃথকে পৃথকে 
গোচৰ ৰুজু কৰিছিল যদিও কোনো মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহল। এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ তৎপৰতাত ৰবিবাৰে নিশা মূল হত্যাকাৰী ঘগ্ৰাপাৰৰ জগদীশ দাস তেওঁৰ বন্ধু চন্দন দাস আৰু চন্দন দাসৰ খুলখালি চনজিত কলিতাক আটক কৰিবলৈ সক্ষম হয়। তেওঁলোকে স্বীকাৰকৰা মতে 29 ছেপ্টেম্বৰত দীৰ্ঘদিনীয়া চিনাকি অংকমনিক ৰঙিয়াৰ পৰা মাতি আনি পূব নলবাৰী কলেজত হত্যা কৰি মৃতদেহতো কেহেৰুৱাৰ পাগলাদিয়া নদীৰ দাতিত পুতি থয়  ।বৰ্তমান তিনিওজন হত্যাকাৰীক ৰঙিয়া আৰক্ষী থানাত ঘগ্ৰাপাৰ আৰক্ষীয়েৰঙিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ যে স্বাস্থ্যবিভাগৰ কৰ্মচাৰী সুন্দৰী অংকুমনিৰ এগৰাকী কন্যা সন্তান আছিল।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা