গনেশটাপু চৰত বন্যহস্তীৰ আক্ৰমণত আহত দুই ব্যক্তি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ অক্টোবৰঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে তাণ্ডৱ চলাই থকাৰ মাজতে শনিবাৰে নিশা সংঘটিত হয় এক অঘটন ৷ জুৰীয়াৰ সমীপৱৰ্তী গনেশটাপুত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বাইকত অহা দুই ব্যক্তি । জানিব পৰা মতে, মৰিগাঁৱৰ লাহৰীঘাটৰ পৰা ব্যক্তি দুজন গনেশটাপুত থকা আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছিল । নিশা লাহৰীঘাটৰ নিজা গৃহাভিমুখে উভতাৰ পথত লুইতৰ বালিৰ চৰত ব্যক্তি দুজন সন্মূখীন হয় বন্যহস্তীৰ ৷ লগে লগে বন্যহস্তীয়ে আক্ৰমণ কৰে ব্যক্তি দুজনক ৷ ফলত গুৰুতৰভাৱে আহত হয় ব্যক্তি দুজন ৷ বন্যহস্তীৰ আক্ৰমণত ব্যক্তি দুজনৰ হাত, ভৰি আৰু ককাল ভাঙে । পিছত স্থানীয় ৰাইজে মূমূৰ্ষ অৱস্থাত দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে । দীৰ্ঘদিন ধৰি উত্তৰ-পশ্চিম নগাঁৱত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে এনেদৰে বন্যহস্তীৰ আক্ৰমণত দুজন ব্যক্তি গুৰুত্বৰভাবে আহত হোৱা ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা