নগাঁৱত চোৰাং চিকাৰীৰ বিৰুদ্ধে তৎপৰ বন বিভাগ

# নগাঁৱত চোৰাং চিকাৰীৰ বিৰুদ্ধে তৎপৰ বন বিভাগ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ অক্টোবৰঃনগাঁও জিলাত চলিছে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান ৷ জিলাখনৰ ৰূপহীহাটত বন বিভাগে চলালে অতৰ্কিত এই অভিযান ৷ লাওখোৱা অভয়াৰন্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল অভিযান । নিশা গড়াজান বনাঞ্চলিক কাৰ্যালয়ৰ এটি বন বিভাগৰ দলে ৰূপহীহাটৰ দীঘলীত চলায় এই অভিযান । অভিযান কালত বন বিভাগৰ দলটোৱে বহু কেইটা আপুৰুগীয়া প্ৰজাতিৰ ডাউক আৰু কাম চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি চোৰাং চিকাৰীৰ দলে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ’ ৰেক’ৰ্ডাৰ জব্দ কৰে বন বিভাগৰ দলে ৷ আচলতে চতুৰ চোৰাং চিকাৰীয়ে চৰাই চিকাৰ কৰা কাৰ্যত ব্যৱহাৰ কৰি আহিছে এই সমূহ অত্যাধুনিক অডিঅ’ ৰেক’ৰ্ডাৰ । অৱশ্যে অভিযানত কোনো চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী বন বিভাগৰ দলটো ।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা