জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত আয়োজিত পোষণ মাহৰ সামৰণি

*জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত আয়োজিত পোষণ মাহৰ সামৰণি* 
*মুখ্য অতিথি শিৱসাগৰ জিলাৰ অভিভাৱক সচিব বি. কল্যান চক্ৰৱৰ্তী* 
আমাৰ চিঞৰ শিৱসাগৰ: শিৱসাগৰ জিলাৰ অভিভাৱক সচিব তথা শিক্ষা বিভাগৰ প্ৰধান সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বি. কল্যাণ চক্ৰৱৰ্তীয়ে তেওঁৰ শিৱসাগৰ জিলা ভ্ৰমণ কালত আজি জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত আয়োজিত পোষণ মাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে। মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি প্ৰদান কৰা বক্তব্যত অভিভাৱক সচিব গৰাকীয়ে যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ মাহ-২০২১ -ৰ সফল সামৰণিৰ বাবে জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সংহত শিশু উন্নয়ন প্রকল্পৰ বিষয়-ববীয়া আৰু অঙ্গনৱাদি কৰ্মী-সহায়িকা সকলক অভিনন্দন জনায়। জিলাখনৰ শিশু, কিশোৰ-কিশোৰী তথা গৰ্ভৱতী মাতৃৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পোষণ মাহ উদযাপনৰ বিশেষ গুৰুত্বপূৰ্ণ ভুমিকা থাকে বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ পোষণ মাহৰ বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে পুষ্টিকৰ খাদ্য গ্ৰহণৰ বিষয়ে ছেপ্টেম্বৰ মাহটোত ব্যাপক সজাগতা সৃষ্টি কৰা হয় যদিও  এনেধৰণৰ কাৰ্য্যসূচী গোটেই বছৰ জুৰি অব্যাহত ৰখাৰ পোষকতা কৰে। এখন শক্তিশালী দেশৰ ভেঁটি নিৰ্মাণৰ বাবে দেশৰ ভবিষ্যত স্বৰূপ শিশু সকলক সুষম আহাৰ আৰু পুষ্টিকৰ খাদ্য যোগান ধৰাটো নিতান্তই প্ৰয়োজনীয় বুলি তেওঁ কয়। তেওঁ অপুষ্টিৰ বিৰুদ্ধে এই যুঁজ অব্যাহত ৰাখিবলৈ সংশ্লিষ্ট সকলোকে কায়মনোবাক্যে নিজৰ দায়িত্ব নিষ্ঠাৰে সম্পন্ন কৰিবলৈ উৎসাহিত কৰে। নিজ বক্তব্যত অভিভাৱক সচিব গৰাকীয়ে শিশুক পুষ্টিকৰ খাদ্য যোগান নিশ্চিত কৰাৰ লগতে শৈক্ষিক বুনিয়াদ শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ কয়। তেওঁ কয় যে, নতুন শিক্ষানীতি অনুসৰি পৰৱৰ্তী সময়ত অঙ্গনৱাদি কেন্দ্ৰসমূহক প্ৰাথমিক বিদ্যালয় সমূহৰ লগত সংযুক্ত কৰা হ'ব, যত শিশুৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ লগতে সমান্তৰাল ভাৱে বৌদ্ধিক বিকাশৰ দিশতো বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। তেওঁ এই ক্ষেত্ৰত সমাজ কল্যাণ আৰু শিক্ষা বিভাগক যৌথভাৱে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত সমাজ কল্যাণ বিষয়া জ্যোতি বিকাশ দত্তই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰে সভাপতিত্ব কৰে। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈৰ লগতে ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সচিব পবিত্ৰ প্ৰাণ ভট্টাচাৰ্য উপস্থিত থাকে। এই অনুষ্ঠানৰ পূৰ্বে অভিভাৱক সচিব বি. কল্যাণ চক্ৰৱৰ্তীয়ে জিলাখনৰ দুখন শিক্ষানুষ্ঠান ক্ৰমে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় আৰু নামতি স্থিত কৰুণা কান্ত গগৈ সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা