নলবাৰীত যুবতী সকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ সমৰকলাৰ

নলবাৰীত যুবতী সকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ সমৰকলাৰ*


*আপুনি বাৰু ছোৱালীক জোকায় নেকি?বা ছোৱালী সকলক উদ্দেশ্য কৰি কুট মন্তব্য কৰে নেকি? তেতিয়া হলে এতিয়া আৰু সাবধান হওক৷যদি আপুনি এনে ধৰনৰ কিবা কাম কৰে তেতিয়া হলে মুহূৰ্তৰ ভিতৰত আপোনাৰ মুখত অথবা আপোনাৰ দেহত বৰষুণৰ দৰে পৰিব পাঞ্চ আৰু কিক*

*হয়  নলবাৰী জিলাত এতিয়া একাংশ যুৱতী আত্মৰক্ষাৰ বাবে কঠোৰ অনুশীলন গ্ৰহন কৰিছে সমৰকলাৰ*

*সাম্প্ৰতিক সময়ত নাৰী সকল মুঠেও সুৰক্ষিত নহয়*

*দৈনিক বৃদ্ধি পাই আহিছে ধৰ্ষণ,হত্যাকে ধৰি নাৰী সকলৰ ক্ষেত্ৰত বিভিন্ন অপৰাধ জনিত ঘটনা*

*কিন্ত  চৰকাৰে  নাৰী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই*

 *সেয়ে নাৰী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ মহিলা পৰিষদ*

*আৰু এই মহিলা পৰিষদে নলবাৰী জিলাৰ মহেন্দ্ৰ মোহন চৌধুৰী মহাবিদ্যালয় প্ৰাংগণত সাত দিনিয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰিছে  যুৱতী সকলৰ বাবে সমৰ কলাৰ প্ৰশিক্ষণ*

*অভিজ্ঞ সমৰকলাৰ শিক্ষকৰ দ্বাৰা দিয়া হৈছে প্ৰশিক্ষণ*

*প্ৰায় শতাধিক যুৱতীক দৈনিক দিয়া হৈছে প্ৰশিক্ষণ*

*সেয়ে বেয়া অভ্যাস থকা লোক সকল  সাবধান হওক এতিয়াৰে পৰা*

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা