শৈশৱৰ সোণালী অতীত বিচাৰি সুদুৰ ইংলেণ্ডৰ পৰা ফিল'বাৰীত উপস্থিত হলহি বৃটিছ যুৱক চিমন পিটাৰ টুইষ্ট ।

শৈশৱৰ সোণালী অতীত বিচাৰি সুদুৰ ইংলেণ্ডৰ পৰা ফিল'বাৰীত উপস্থিত হলহি বৃটিছ যুৱক চিমন পিটাৰ টুইষ্ট ।


কাকপথাৰ,১৮ অক্টোবৰ : 


জন্ম স্থান আৰু অতিবাহিত শৈশৱৰ  ঠিকনাৰ সন্ধানত আজি তিনিচুকীয়া জিলাৰ ফিল'বাৰীত উপস্থিত হয়হি সুদূৰ ইংলেণ্ডৰ ব্ৰইটন চহৰৰ চিমন পিটাৰ টুইচ নামৰ ফেচন ডিজাইনিং পেছাৰ সৈতে জড়িত  প্ৰায় ৫১ বছৰীয়া লোকজন । ইংৰাজ পিতৃৰ ঔৰস আৰু নাগিনী মাতৃৰ  গৰ্ভত জন্ম লাভ কৰা , ফিল'বাৰী এৰি পিতৃ মাতৃৰ সৈতে লণ্ডন চহৰৰ দক্ষিণ দিশৰ ব্ৰইটন চহৰলৈ নিগাজিকৈ থাকিবলৈ ৭  বছৰ বয়সতে  ফিল'বাৰী ত্যাগ কৰা , চিমন আজি ফিল'বাৰীলৈ আহিয়ে বাগিচাখনৰ চৌপাশ, বৃটিছ নিৰ্মিত বাংলো, খেল পথাৰ , কলঘৰ আদি দেখি 
পৰম আহ্লাদিত হোৱাৰ লগতে  অতীতৰ স্মৃতি চাৰণ কৰি হৃদয় বিগলিত হৈ পৰে। এক আবেগ বিহ্বল পৰিৱেশত নাচি উঠে তেওঁৰ দেহ মন।১৯৬৯ চনত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মিছনেৰী হস্পিতালত জন্ম গ্ৰহণ কৰা এইজন যুৱকৰ দেউতাক আছিল বাগিছাৰ পৰিচালক।তেওঁৰ দেউতাক জে ই টুইচ ফিল'বাৰী চাহ বাগিচাৰ ১৯৬৭ -৭২ বৰ্ষৰ পৰিচালক আছিল।আচলতে জে ই টুইচে নগালেণ্ডৰ  নাগিনী সুন্দৰী তথা পেছাত নাৰ্ছ এগৰাকীক বিয়া কৰাইছিল। ইয়াৰ পিছতে ক্ৰমে--- বৰডুবি চাহ বাগিচাৰ ১৯৭৩ -৭৫ বৰ্ষৰ পৰিচালকৰ দায়িত্বত থাকে আৰু তাৰ পিছত ৰুমাই  চাহ বাগিচাত পৰিচালনা দায়িত্ব পালন কৰে। সেই সূত্ৰে, ফিল'বাৰীৰ  তাহানিৰ লুংলুঙীয়া বাট পথ,অটব্য হাবি বননিৰে অহা যোৱাৰ স্মৃতি পূৰণ স্মৰণ কৰি টুইচে জনায় যে, , হাতী,ভালুক,পহু,শিয়াল বাঘৰ  মাত তেওঁৰ বাসগৃহৰ কাষতে শুনিছিল । জীৱনৰ প্ৰথম সময়খিনি কটোৱা তথা বৃটিছে নিৰ্মাণ কৰি যোৱা ফিল'বাৰী চাহ বাগিচাৰ বাংলাটোত সোমাই ওলাই আহিবলৈকে মন নকৰা এই যুৱকজনে ইটোৰ পিছত সিটোকৈ বিভিন্ন  কথা ব্যক্ত কৰি গল উপস্থিত সাংবাদিকৰ আগত। চাহ বাগিচা খনৰ বৰ্তমানৰ পৰিচালক ভজন পাল সিঙৰ সহযোগিতা আৰু বৰহাটৰ ক্ষুদ্ৰ জৈৱিক চাহ
খেতিয়ক মাধুৰ্য্য গগৈৰ উদ্যোগত সফল হোৱা এই ভ্ৰমণৰ সময় চোৱাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত  তেওঁ ভৱিষ্যতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উন্নতিৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰাৰ ইচ্ছাৰ কথা ব্যক্ত কৰে। বিশেষকৈ, ক্ষুদ্ৰ চাহ বাগিচা সমূহত যন্ত্ৰৰ প্ৰয়োগৰ  চিন্তা চৰ্চাৰ কথাও তেওঁ জনায়। অতি সোনকালে ই তেওঁৰ জেষ্ঠ্য ভগ্নী আৰু কনিষ্ঠ ভাতৃ সহ পুনৰ ফিল'বাৰীত পদাৰ্পন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা চিমনে সোমবাৰে সন্ধিয়া তিনিচুকীয়াৰ পৰা ৰেল যোগে ডিমাপুৰলৈ ৰাওনা হয়। 

 ফিল'বাৰী ভ্ৰমণৰ আগতে তেওঁ চাবুৱাস্থিত ঐতিহাসিক চেইণ্ট লুক  মিছন হস্পিতেল পৰিদৰ্শন কৰে।  উল্লেখযোগ্য যে, ১৯৪৩ চনতে ইংলেণ্ডৰ লণ্ডনস্থিত উইলিয়ামচন মেগৰ কোম্পানীৰ অধীনত  ফিল'বাৰী চাহ বাগিচা আৰম্ভ কৰা হৈছিল আৰু সেই চাহ বাগিচাত ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈকে চাকৰি কৰিছিল চিমন টুইচৰ পিতৃ জে ই টুইচে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা