যোৰহাটত যুৱকে পিতৃৰ স্মৃতিত ৰাইজৰ সুবিধাৰ্থে দান কৰিলে এম্বুলেঞ্চ

যোৰহাট:পূজাৰ বতৰত টীয়কবাসীলৈ এটা ভাল খবৰ,টীয়কৰ এজনয় যুৱ উদ্যমী ব্যৱসায়ী সঞ্জয় সভাপণ্ডিতে তেওঁৰ পিতৃৰ পবিত্ৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত এখন মাৰুতি ভান এম্বুলেঞ্চ ৰাইজৰ সুবিধাৰ্থে দান কৰিছে।উল্লেখযোগ্য যে নূন্যতম ইন্ধনৰ খৰচ বহন কৰি ২৪ ঘন্টাই অক্সিজেন চিলিণ্ডাৰসহ এই এম্বুলেঞ্চখন ৰাইজৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে যুৱ ব্যৱসায়ীজনে।লগতে তেওঁৰ পিতৃ প্ৰায়ত কুল নাথ সভাপণ্ডিতৰ নামত কে এন সভাপণ্ডিত ফাউণ্ডেশ্যন নামৰ এটা ট্ৰাষ্টৰ যোগেদি অনাগত সময়তো ৰাইজৰ কেতবোৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে প্ৰয়াত কুল নাথ সভাপণ্ডিতে টীয়ক নগৰৰ মাজমজীয়াত পাৰিজাত নামে এক হোটেল ব্যৱসায় কৰিছিল আৰু এই ব্যৱসায়ৰ যোগেদি বহুতো নিবনুৱা যুৱকক সংস্থাপনৰ দিহা কৰিছিল আৰু পৰবৰ্তী সময়ত ব্যৱসায়ৰ সমান্তৰালকৈ টীয়কৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ সামাজিক দ্বায়বদ্ধতাৰ পৰিচয় দিছিল আৰু এগৰাকী আদৰ্শ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল যি আধুনিক টীয়ক গঢ়াত যথেষ্ট অৰিহণা আগবঢ়াইছিল ।বিশিষ্ট ব্যৱসায়ীগৰাকীৰ জেষ্ঠ পুত্ৰ তথা পৰিয়ালে ৰাইজৰ সেৱা অৰ্থে লোৱা এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে।লগতে ২৪ ঘন্টাই ৰাইজৰ সহায়ৰ বাবে 8761856868/9954489171 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা