হাজোৰ সস্তাৰ ঘাট ৰামদিয়া পামত মৃতদেহ উদ্ধাৰ

হাজোৰ সস্তাৰ ঘাট ৰামদিয়া পামত মৃতদেহ উদ্ধাৰ। 

পঙ্কজ নাথ, চাংসাৰি, ২৮ অক্টোবৰ :

হাজোৰ পুঠিমাৰী নদীৰ ১নং ভেলকৰ সস্তাৰঘাট ৰামদিয়া পামত উদ্ধাৰ হৈছে এজন পুৰুষৰ মৃতদেহ। মৃতদেহটো হাজো দলৈটোলাৰ ছাহনুৰ আলীৰ বুলি চিনাক্ত কৰা হৈছে।যোৱা সোমবাৰে ঘৰৰ পৰা হাজোস্থিত বেংকলৈ যোৱাৰ পথৰ পৰা নিৰুদ্দেশ হৈ আছিল ৭৫ বছৰীয়া ছাহানুৰ আলী নামৰ লোকজন। আজি পুৱা মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ। পুঠিমাৰী নৈত লোকজনৰ মৃতদেহ উদ্ধাৰৰ পাছতেই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে লোকজনৰ মৃতদেহ।

 পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা