কাছমাৰীত প্ৰাইজমানি ফুটবল≈≈কটহগুৰি এফ চিৰ অগ্ৰগতি#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ অক্টোবৰঃ নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কটহগুৰি এফ চিয়ে অগ্ৰগতি লাভ কৰিছে ৷ এই প্ৰতিযোগিতাৰ আজিৰ খেলত কটহগুৰি ফুটবল ক্লাৱে কাছমাৰী ফুটবল ক্লাৱ 'এ' দলক ২-০ গ'লত  পৰাজিত কৰে । খেলখনত কটহগুৰি এফ চিৰ হৈ গ'ল দুটা দিয়ে অভিজিৎ কোঁৱৰ (৫ মিনিট) আৰু লস্কৰ বৰদলৈ (৫৬ মিনিট)য়ে দিয়ে ।আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ, সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই ৷ এই প্ৰতিযোগিতাৰ মঙলবাৰৰ খেলত নগাঁও মৰ্ণিং গ্ৰুপ জুনিয়ৰ দলে শিমলুগুৰি ফুটবল ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকাই জনাইছে ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা