ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া অব্যহত আছে ছয়গাঁও সমষ্টিত*

*ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া অব্যহত আছে ছয়গাঁও সমষ্টিত* 

*ব্ৰহ্মপুত্ৰই সৰ্বস্বান্ত কৰিছে কৃষক পৰিয়ালৰ৷*

  *কোটি কোটি টকাৰ সম্পত্তি লৈ আহি পৰিছে তীব্ৰ ভাবুকি৷*


পঙ্কজ নাথ, চাংসাৰি, ২৫ অক্টোবৰ :

কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰৰ বৰাখাট আৰু আচলপাৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়া অঞ্চলবাসীৰ৷

জলসম্পদ বিভাগৰ কানসাৰ নথকাৰ ফলত ভাবুকি আহি পৰিছে জলসম্পদ বিভাগৰ  ই এণ্ড ডি মথাউৰিলৈ৷

গুমী-নগৰবেৰা ই এণ্ড ডি মথাউৰিৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগৰ বৰাখাট আৰু আচলপাৰা গাঁৱত আজিও অব্যহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ এনে ভয়ংকৰ খহনীয়া৷

চৰকাৰ, জনপ্ৰতিনিধি কিম্বা বিভাগীয় বিষয়া-কৰ্মচাৰীৰো খবৰ ল'বলৈ আহৰি নাই এই খহনীয়াৰ ৷ 

শেহতীয়াভাৱে বিগত এপষেক ধৰি ব্ৰহ্মপুত্ৰই ধাৰণ কৰা ৰুদ্ৰমূৰ্তিয়ে বিপদে হাতবাউলি মাতিছে বৰাখাট - আচলপাৰাৰ ৰাইজক৷

অতিশীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত নল'লে বহু চৰকাৰী-বেচৰকাৰী আৰু শ শ ৰাইজৰ ভেটি-মাটি, কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন যোৱাৰ সম্ভাৱনা প্ৰক'ট হৈ পৰিছে৷

সেয়ে গৰৈমাৰীৰ স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা