জামুগুৰি আৰক্ষীৰ জালত তৃতীয়টো মানৱ সৰবৰাহকাৰী।

#জামুগুৰি আৰক্ষীৰ জালত তৃতীয়টো মানৱ সৰবৰাহকাৰী।

জামুগুৰিহাট,২৮ অক্টোৱৰ:জামুগুৰিহাটৰ হাটিঙাৰ এগৰাকী বিবাহিতা মহিলাক সুদুৰ হাৰিয়ানাত বিক্ৰী কৰাৰ লগতে মহিলা গৰাকীৰ তিনিটা সন্তানকো গহপুৰৰ সোলেঙিত বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আন এটা মানৱ সৰবৰাহকাৰী৷জামুগুৰি আৰক্ষী আৰু গহপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা গহপুৰ ঘগৰাৰপৰা মানৱ সৰবৰাহৰ লগত জড়িত ক্ৰীচ ট’ফাৰ ডাং(৩৩) নামৰ মানৱ সৰবৰাহৰ লগত জড়িত সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে৷মহিলা গৰাকীৰ তিনি সন্তানক বাইকত উঠাই লৈ কোনো লোকক চমজি দিছিল মানৱ সৰবৰাহকাৰীটোয়ে৷আৰক্ষীয়ে ইতিমধ্যে মানৱ সৰবৰাহকাৰী ক্ৰীচ ট’ফাৰ ডাং ক সোধপোচ আৰম্ভ কৰি তদন্ত অব্যাহত ৰাখিছে৷আনহাতে মানৱ সৰবৰাহ চক্ৰৰ লগত জড়িত এটাৰ পিছত আন এটাক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাত জামুগুৰি থানাত উপস্থিত হোৱা চাৰিগাঁও মহিলা সমিতিৰ মহিলাসকলেও আৰক্ষীৰ কৰ্মত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দোষিক দৃষ্টান্তমুলক শাস্তি  দিবলৈও প্ৰশাসনক দাবী জনাইছে মহিলা সমিতিৰ সদস্যাসকলে৷উল্লেখ্য যে পূৰ্ৱে মানৱ সৰবৰাহৰ লগত জড়িত হাটিঙাৰ বিতু বৰা আৰু  লখিমপুৰ জিলাৰ লালুকৰ পৰা ইছমাইল আলী নামৰ দুটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷প্ৰণিধানযোগ্য যে হাটিঙাৰ বিবাহিত মহিলা গৰাকীক একে গাঁৱৰে যুৱক মানৱ সৰবৰাহকাৰী বিতু বৰাই আন সহযোগীসকলৰ লগত যোৱা মে' মাহতে হৰিয়ানাৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত ১লাখ ৫০ হাজাৰ টকাত বিক্ৰী কৰাৰ লগতে মহিলা গৰাকীৰ তিনি সন্তানকো বিক্ৰী কৰি দিছিল।কিন্তু মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা কৌশলৰে পলাই আহি যোৱা মাহত জামুগুৰিহাটত মহিলা গৰাকী উপস্থিত হৈ পৰিয়ালৰ লগতে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাতহে সমস্ত ঘটনা পোহৰলৈ আহিছিল৷

জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা