বঙাইগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত

বঙাইগাঁওঃ ১০ অক্টোবৰঃ বঙাইগাও চহৰৰ উত্তৰ বঙাইগাঁৱত শনিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত যুৱক এজনৰ মৃত্যু ঘটে ৷ মৃত যুৱকজন বাবুপাৰাৰ ৰাজেশ শীল( ২৫ ) বুলি চিনাক্ত কৰা হয় ৷ জানিব পৰা মতে নিশা প্ৰায় দহ বজাত উত্তৰ বঙাইগাঁওস্থিত ইক' পাৰ্কৰ ওচৰত মটৰ চাইকেল আৰু চাইকেল আৰোহীৰ মাজত সংঘটিত মুখামুখী সংঘৰ্ষৰ ফলত মটৰ চাইকেল আৰু চাইকেল আৰোহী দুয়োজনেই গুৰুতৰভাৱে আহত হয় ৷ পিচত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত দুয়োজনকে এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চাইকেল আৰোহী ৰাজেশ শীল (২৫) ৰ মৃত্যু ঘটে। আনহাতে মটৰ চাইকেল আৰোহী  যশবিন্দৰ সিঙৰ অৱস্থা এতিয়াও সংকট জনক বুলি জানিব পৰা গৈছে। 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা