মৈৰাবাৰীত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

মৈৰাবাৰীত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

বিহাৰ আৰক্ষীৰ তদন্তত গ্ৰেপ্তাৰ দিলোৱাৰ হুছেইন নামৰ কুখ্যাত ব্যক্তিজন।

বিহাৰৰ চাইবাৰ অপৰাধীৰ লগত মিলি ইমান দিনে চলাই আছিল লাখ লাখ টকাৰ  লুণ্ঠন।

বিহাৰত হোৱা এক হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ  দিলোৱাৰ হুছেইন । বিহাৰ আৰক্ষীৰ তদানীন্তন এটা দলে মৈৰাবাৰীৰ লেঙৰীবৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অপৰাধী টোক।

বিহাৰৰ পৰা অহা এদল আৰক্ষী আৰু মৈৰাবাৰী থানাৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে এই চাইবাৰ অপৰাধী টোক।

দেশৰ আন আন ৰাজ্যৰ লগতে বিহাৰ আৰু অসমৰ বহু লোকৰ পৰা *OTP* সংগ্ৰহ কৰি, সেই সকলৰ নামত লোণ লৈ লুটি আছিল লাখ লাখ টকা।
দিলোৱাৰ হুছেইনৰ পৰা  300 মান চিম কাৰ্ড আৰু দহ টা মোবাইল ফোন  জব্দ কৰে আৰক্ষীয়ে।


মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা