গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাজিৰঙা কুঠৰী আঞ্চলিক সমিতি গঠন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ অক্টোবৰঃ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত কাজিৰঙা-কুঠৰী আঞ্চলিক সমিতি গঠন কৰা হৈছে ৷ এই মৰ্মে, কাজিৰঙা-কুঠৰীৰ হাৰমতীত শুকুৰবাৰে অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত এই সমিতিখন গঠন কৰা ৷ উক্ত সভাত মজিবুৰ ৰহমানক সভাপতি, মকবুল হুছেইনক কাৰ্যকৰী সভাপতি, নেৱাজ আহমেদক সাধাৰণ সম্পাদক, আটাউৰ ৰহমান আৰু হুছেইন আলিক জিলা প্ৰতিনিধি হিচাপে লৈ ৩১ জনীয়া পুৰ্ণাংগ আঞ্চলিক সমিতিখন গঠণ কৰা হয় ৷ সভাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ প্ৰাক্তন উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক ফাইজুৰ ৰহমান, পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অধিবক্তা ইমৰান হুছেইন, পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি নজমল হুছেইন আৰু সাধাৰণ সম্পাদক জাহিদুৰ ৰহমানকে ধৰি কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে ৷ 
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা