Posts

Showing posts from May, 2021

বজাৰ বন্ধৰ ফলত নগাঁৱৰ গ্ৰামাঞ্চলৰ পাচলি খেতি বিনষ্ট≈≈মুৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ জুনঃ মাৰাত্মক কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ হেতু সমগ্ৰ ৰাজ্যতে বলৱৎ থকা চৰকাৰী বিভিন্ন নীতি-নিৰ্দ্দেশনাৰ লগতে বজাৰসমূহ বন্ধ হৈ থকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলত বহু হেক্টৰ পাচলি খেতি বিনষ্ট হৈছে ৷ ফলত মুৰে কপালে হাত দিছে কৃষকসকলে ৷ উল্লেখ্য, নগাঁৱৰ পশ্চিম প্ৰান্তৰ ডুমডুমীয়া, ধিং আৰু বটদ্ৰৱাৰ শাক পাচলিৰ বজাৰ কেইখন জিলাখনৰ ভিতৰতে বৃহত্তম পাইকাৰী বজাৰ হিচাপে পৰিচিত ৷ প্ৰকাশ যে, পশ্চিম নগাঁৱৰ কৃষক সকলে ধান, মৰাপাট, সৰিয়হ আদিৰ উপৰি হাড়ভগা পৰিশ্ৰমেৰে শীত আৰু জহকালীন প্রতিবিধ শাক-পাচলি উৎপাদন কৰি স্থানীয় ৰাইজৰ লগতে চহৰাঞ্চলত প্রয়োজন পূৰণ কৰি আহিছে । জিলাখনৰ ডুমডুমীয়া, আলিটাঙনী, ধিং, বালিসত্র, কদমনি, ধূপগুৰি, শিঙাৰী, জাজৰি, কুঁজি, দলংঘাট, বটদ্রৱা, টুকটুকী, ভোমোৰাগুৰি আদি অঞ্চলৰ উপৰিও চৰ-চাপৰি অঞ্চলৰ কৃষক সকলেও নানা বিধৰ শাক-পাচলি উৎপাদন কৰি ৰাইজৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰন কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাই আহিছে । আনকি উক্ত অঞ্চলবোৰৰ পৰাই দৈনিক প্রায় দহ ট্রাক শাক পাচলি উজনি অসমৰ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্রুগড়, গোলাঘাট আদি জিলালৈ সৰ

ৰাজ্যিক বিজেপিৰ সাতদিনীয়া "অনলাইন যোগাসন শিবিৰ" সফল পৰিসমাপ্তি

Image
গুৱাহাটী, ৩১ মে' : যোগাসনে শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ বিকাশ সাধন কৰে। কভি'ড  মহামাৰীৰ লগতে লক ডাউনৰ এই জটিল সময়তছোৱাত যাতে সকলোৱে ঘৰতে থাকি যোগাসনৰদ্বাৰা এক সুস্থ সবল শৰীৰত অধিকাৰী হ'ব পাৰে। এই উদ্দেশ্যি ৰাজ্যিক বিজেপিয়ে সমগ্ৰ ৰাজ্যজুৰি আয়োজন কৰা সাতদিনীয়া "অনলাইন যোগাসন শিবিৰ"ৰ আজি সফল পৰিসমাপ্তি ঘটিছে। আজি সপ্তম তথা অন্তিম দিনাৰ কাৰ্যসূচী উপলক্ষে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কিৰণ  ৰিজিজু , ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া আৰু 'স্বামী বিবেকানন্দ যোগ অনুসন্ধনা সংস্থা'ৰ মাননীয় উপাচাৰ্য্য ডঃ এইচ আৰ নগেন্দ্ৰ ডাঙৰীয়া উপস্থিত থাকে ৷ এই সাতদিনীয়া অনলাইন শিবিৰৰ প্রতিটো দিনেই  ৰাজ্যিক বিজেপিৰ মৰ্চাৰসমূহৰ নেতৃত্বত পৰিচালিত হৈছিল। উল্লেখ্য যে যোৱা ২৫ মে'ত ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শুভাৰম্ভনি কৰা সমগ্ৰ অনুষ্ঠানটোত মূল প্ৰশিক্ষকৰ দ

অল ইণ্ডিয়া স্মল নিউজপেপাৰ এছোচিয়েচন, চমুকৈ আইসনা অসম শাখাৰ তথ্য ও বিবৰণ প্ৰেৰণ জনসংযোগ বিভাগক।

Image
পঙ্কজ নাথ, চাংসাৰি, ৩০ মে : তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্ব পোৱাৰ পিছতেই মন্ত্ৰী পিযুষ হাজৰিকাই বিভাগটোক পূৰ্বতকৈ অধিক সক্ৰিয়  ৰূপত সজাই পৰাই তোলাত উঠি পৰি লাগিছে। কিছুদিন পূর্বে মন্ত্ৰী পিযূষ হাজৰিকাই বিভাগীয় বিষয়া আৰু সাংবাদিক সংগঠনৰ প্ৰতিনিধিৰে এখন বৈঠকত মিলিত হয় আৰু তাত সাংবাদিক সকলক আৰ্থিক ভাৱে সকাহ দিয়াৰ বাবে সাংবাদিক সকলৰ পূৰ্বৰ যি পেঞ্চন ৰাখি ৮ হাজাৰ আছিল তাৰ পৰিৱৰ্তে ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ লগতে সাংবাদিক সকলে বিগত সময় চোৱাত যিবোৰ অসুবিধাৰ সন্মুখীন হৈ আছে সেই সমূহক নিষ্পত্তি কৰাৰ বাবে মন্ত্ৰীয়ে বিষয়া সকলক নিৰ্দেশ দিয়াৰ লগতে এক পত্ৰ যোগে  সাংবাদিক সংগঠন বোৰৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ বিৱৰণ বিচাৰি এই মাহৰ শেষৰ ফালে জন সংযোগ বিষয়াৰ কাৰ্য্যালয়ত তেওঁলোকৰ সম্পূৰ্ণ বিৱৰন দাখিল কৰিবলৈ জনাইছিল। সেইমৰ্মে বিভিন্ন সংগঠনে ইতিমধ্যে তেওলোকৰ নিজৰ নিজৰ সংগঠনবোৰৰ সদস্য সম্বলিত তথ্য সমূহ জনসংযোগ বিভাগৰ কাৰ্য্যলয়ত দাখিল কৰিবলৈ লৈছে । ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংবাদপত্ৰৰ সৰ্ববৃহৎ সংগঠন অল ইণ্ডিয়া স্মল নিউজ পেপাৰ এছোচিয়েচন চমুকৈ আইসনা'ৰ অসম ৰাজ্যিক সমিতিয়েও জন সংযোগ কাৰ্য্যাল

বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ, ক্ৰীড়াবিদ তথা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ৰায়ৰ পৰলোক

Image
শোকৰ ছাঁ  বঙাইগাঁওঃ ৩০ মেঃ বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ, ক্ৰীড়াবিদ তথা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ৰায়ৰ শনিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৪ বছৰ হৈছিল ৷ উল্লেখ্য যে যোৱা দেওবাৰে নিশা ৮ মান বজাত চহৰখনৰ কনকলতা পথস্থিত নিজ গৃহত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাত লগে লগে তেওঁক উত্তৰ বঙাইগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰা হয় ৷ কিন্তু পিছদিনা উন্নত চিকিৎসাৰ বাবে নিশাৰ ভাগত গুৱাহাটীৰ জিএনআৰচিলৈ নিয়ে ৷ ইয়াতে চিকিৎসাধীন অৱস্থাত শনিবাৰে নিশা প্ৰায় ১০ঃ ৪৫ বজাত তেওঁৰ মৃত্যু হয় ৷ বঙাইগাঁৱৰ ধলাগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত লক্ষ্মীকান্ত ৰায় বঙাইগাঁৱৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ধৰ্মীয়, শৈক্ষিক, ক্ৰীড়া আদি অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ লগতে স্থাপনৰ ক্ষেত্ৰতো আগভাগ লৈছিল ৷ শিক্ষকতা কৰা প্ৰয়াত লক্ষ্মীকান্ত ৰায়ে বঙাইগাঁও চহৰৰ ঐতিহ্যমণ্ডিত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৯২ চনৰ পৰা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৭ চনৰ ২৮ ফেব্ৰুৱাৰীত চাকৰি জীৱনৰ

গৰাইমাৰীৰ আই নৈৰ চৰৰ পৰা বাৰ্মিজ চুপাৰিৰ সন্দেহত ৫১ বস্তা চুপাৰি জব্দ

Image
অবৈধ চুপাৰিৰ বেহাৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান   বঙাইগাঁওঃ ৩০ মেঃ বঙাইগাঁও আৰক্ষীয়ে অবৈধ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ অংশ হিচাপে দেওবাৰে পুনৰ বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ আই নৈৰ চৰত  বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায় ৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনৰ নেতৃত্বত দিনৰ প্ৰায় ১২ বজাত আৰক্ষীৰ দলে আমিৰ হুছেইন বানিয়াৰ গৃহত চলোৱা অভিযানত বাৰ্মিজ চুপাৰি সন্দেহত ৫১ বস্তা চুপাৰি জব্দ কৰে ৷ আৰক্ষীয়ে গৃহটোত অভিযান চলোৱাৰ সময়ত আমিৰ হুছেইন বানিয়া গৃহত নাছিল ৷ আৰক্ষীয়ে জব্দকৃত চুপাৰিসমূহ পিছত থানালৈ লৈ আহে ৷ ইপিনে স্থানীয় ব্যক্তি তথা ব্যৱসায়ী সকলে জব্দকৃত চুপাৰি খিনি থলুৱা চুপাৰি বুলি দাবী কৰিছে ৷ অৱশ্যে আৰক্ষীয়ে জব্দকৃত চুপাৰিখিনি বাৰ্মিজ চুপাৰি নে স্থানীয় চুপাৰি সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব যদিও বৰ্তমান জিলাই জিলাই আৰক্ষীয়ে অবৈধ চুপাৰি ,ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অব্যাহত ৰখা ধাৰাবাহিক অভিযানত অবৈধ ব্যৱসায়ীসকলে থৰকাচুটি হেৰুৱাইছে ৷ সেয়ে সচেতন মহলে আৰক্ষীক এনে অভিযান অব্যাহত ৰাখি অবৈধ বেহাৰ লগত জড়িতসকলক কৰায়ত্ব

বঙাইগাঁও জিলাত ক'ভিডত এজনৰ মত্যু

Image
নতুনকৈ আক্ৰান্ত ৩০জন ব্যক্তি  বঙাইগাঁওঃ ৩০ মেঃ বঙাইগাঁও জিলাত দেওবাৰে পুনৰ নতুনকৈ ৩০ জন ব্যক্তি ক'ভিড - ১৯ ত আক্ৰান্ত  হৈছে ৷ আনহাতে মৃত্যু হৈছে এজন ব্যক্তিৰ ৷ মৃত ব্যক্তিজন জিলাখনৰ পাতিলাদহা কুশলাইগুৰিৰ মহানন্দ সৰকাৰ(৮০)। ব্যক্তিজনৰ বঙাইগাঁও ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ ইপিনে জিলাখনত দেওবাৰে নতুনকৈ ৩০ জন ব্যক্তিৰ দেহত ক'ভিড প'জিটিভ ধৰা পৰাত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০২ জন হৈছে ৷ ইয়াৰ ভিতৰত ২১১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৯১ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷সেইদৰে দেওবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৮ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত দেওবাৰে মুঠ ১,৮৬৯ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ৩০ মে'লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২,৭৩৯ জন হৈছে ৷ উল্লেখ্য যে শুকুৰবাৰে বঙাইগাঁও চহৰৰ জ্যোতি নগৰ ১৩ নং ৱাৰ্ডৰ ঊষাৰাণী সাহা ৰায়( ৭০) নামৰ মহিলা এগৰাকীৰ ক'ভিডত মৃত্যু হৈছিল ৷ মহিলাগৰাকীৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৷ আনহাতে শনিবাৰে

সাংবাদিকৰ প্ৰচেষ্টাত নতুন জীৱন পালে দুই ভাতৃয়ে≈≈স্থানীয় বিধায়িকাৰ পৰাও পালে কিছু সাহায্য

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ মে’: একোখন চৰকাৰ আহে আৰু যায়। প্ৰতিখন চৰকাৰেই দৰিদ্ৰ জনসাধাৰণৰ হিতৰ কাৰণে যুগুত কৰে বিভিন্ন আঁচনি ৷ এই আঁচনিবোৰ যথা সময়ত ৰূপায়ণো হয়। পিছে এই আঁচনিবোৰ সঠিকভাৱে ৰূপায়িত হয়নে ! আঁচনিবোৰৰ সুবিধা প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীয়ে পায়নে ! হয়তো ইয়াৰ সুদুত্তৰ চৰকাৰেও দিব নোৱাৰিব ৷ কিয়নো এই আঁচনিবোৰৰ অধিকাংশই প্ৰকৃত হিতাধিকাৰীক স্পৰ্শ কৰা দেখা নায়ায় ৷ আচলতে চৰকাৰী তথা ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এচাম মধ্যভোগীয়ে প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰি আজি স্বাধীনতাৰ ৭৪ বছৰে দেশত কৰি আহিছে লুণ্ঠন আৰু বঞ্চনা। এচাম দিনক দিনে ওপৰলৈ গৈছে আৰু দুখীয়া গৰীব একাংশ দিনক দিনে দুখীয়া হৈ গৈ আছে। তাৰেই জলন্ত প্ৰমাণ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ বাসিন্ধা দুই সহোদৰ ভাতৃ খগেন হীৰা আৰু ভোগেশ্বৰ হীৰা । ইতিমধ্যেই দুয়ো ভাতৃৰ বাস্তৱ কৰুন জীৱন পৰিক্ৰমা তথা কঠোৰ জীৱন সংগ্ৰামৰ বিষয়ে "First News Report" ৰ জৰিয়তে সবিস্তাৰে সম্প্ৰচাৰিত কৰা হৈছিল । এই দুই ভাতৃৰ কদৰ্যময় জীৱনৰ বিষয়ে অৱগত হোৱাৰ পিছতে নগাঁও জিলাৰ জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক তথা জেষ্ঠ সাংবাদিক ৰাহুল দেৱ বৰদল

মোদী চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিঃকৃষ্ণাইত বিজেপিৰ মাস্ক বিতৰণ

Image
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিবৰ্ষপুৰ্তি উপলক্ষে আজি কৃষ্ণাইত ৰূপায়ণ কৰা হয় এক মাস্ক বিতৰণ কাৰ্যসূচী ৷ ভাৰতীয় জনতা পাৰ্টিৰ কৃষ্ণাই মণ্ডল কমিটীৰ তিনিটা বুথ কমিটীৰ উদ্যোগত আৰু কৃষ্ণাই দেৱৰাজ এনজিঅ’ৰ সহযোগত ৰূপায়িত হয় এই মাস্ক বিতৰণী কাৰ্যসূচী ৷ তেওঁলোকে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা ঠেলা চালক,ই ৰিক্সা চালক,মটৰ চাইকেল তথা চাইকেল আৰোহী, সৰু গাড়ীৰ চালক,ট্ৰাকৰ চালক তথা সাধাৰণ পথচাৰীৰ মাজত মাস্ক বিতৰণ কৰে আৰু কৰ’না মহামাৰীৰ পৰা হাত সাৰি থকাৰ উপায় সম্বন্ধে ৰাইজক অৱগত কৰে ৷ এই সন্দৰ্ভত দেৱৰাজ এনজিঅ’ৰ কাৰ্যকৰী সভাপতি পৰিমল সাহাই জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ এই জনসেৱামূলক কাৰ্যসূচী আগন্তুক ৩ জুনলৈ অব্যাহত থাকিব ৷ মাস্ক বিতৰণ কাৰ্যসূচীত বিজেপিৰ কৃষ্ণাই মন্ডল কমিটীৰ কৰ্মকৰ্তাৰ লগতে দেৱৰাজ এনজিঅ’ৰ বিষয় ববীয়া সকল উপস্থিত থাকে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

বঙাইগাঁৱৰ বৰপথাৰত নিশা আৰক্ষীৰ অভিযান

Image
বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ বঙাইগাঁওঃ ২৯ মেঃ বঙাইগাঁও আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ সন্ধিয়াৰ ভাগত জিলাখনৰ চৌৰাগুৰিত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা ৮ঃ৩০ মান বজাত পুনৰ আন এক অভিযান চলায় ৷ বঙাইগাঁও থানাৰ অন্তৰ্গত বৰপথাৰত বিশেষ সূত্ৰৰ পম খেদি সোনাউদ্দিন আলী নামৰ ব্যক্তি এজনৰ দোকান আৰু গৃহত অতৰ্কিতে চলোৱা অভিযাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তথা বঙাইগাঁও থানাৰ টি এছ আই আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত চলোৱা অভিযানত আৰক্ষীয়ে ব্যক্তিজনৰ দোকান আৰু গৃহৰ পৰা  ৪.৬৯৮ কিলোগ্ৰাম অবৈধ গাঞ্জা আৰু ২৮ টা চিলিম জব্দ কৰে ৷ আৰক্ষীয়ে পিছত জব্দ কৰা গাঞ্জাসহ অবৈধ বেহাৰ লগত জড়িত সোনাউদ্দিন আলীক গ্ৰেপ্তাৰ কৰি থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷ প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও 

বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন খেলুৱৈ, শিল্পী, সুদক্ষ অভিযন্তা নিৰ্মল কুমাৰ নাথৰ মৃত্যু#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ মে’: বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন খেলুৱৈ, অভিনেতা, প্ৰযোজক, প্ৰৱীন শিল্পী তথা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা নিৰ্মল কুমাৰ নাথৰ বৃহস্পতিবাৰে মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮ বছৰ ৷ বাক্সা জিলাৰ বাঘমাৰা বজাৰৰ মাজৰ মাখাত জন্মগ্ৰহণ কৰিলেও কৰ্মসূত্ৰে গুৱাহাটী মহানগৰৰ চান্দমাৰীৰ স্থায়ী বাসিন্দা হৈ পৰা নাথৰ ফুটবল, ক্ৰিকেট আৰু ভলীবলৰ এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে সকলোৰে মাজত পৰিচয় থকাৰ বিপৰীতে সাংস্কৃতিক ক্ষেত্ৰখনতো তেওঁৰ আধিপত্য আছিল। তেওঁ 'ৰ’দ' আৰু 'ৰ’দ হৈ আহা নামি তুমি' নামৰ অসমীয়া কথাছবিত অভিনয় কৰাৰ লগতে অসমীয়া শ্ৰব্য কেছেট 'মেঘালী' প্ৰযোজনা কৰিছিল ৷ চাকৰিৰ সমান্তৰালকৈ সমাজসেৱাটো নিজকে নিয়োজিত কৰি অহা নাথে চান্দমাৰী স্পৰ্টচ ক্লাৱৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে পূৱ গুৱাহাটী বিহু সন্মিলনকে ধৰি কেইবাটাও ক্ৰীড়া,সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত আছিল ৷ সকলোৰে মাজত 'নৱ' উপনামেৰে পৰিচিত বহু গুণধাৰী নাথৰ এনে অকাল মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্ত

বটদ্ৰৱাৰ ১৮৮ কোটি টকীয়া প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ মে’: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব বহন কৰাৰ পিছত শুকুৰবাৰে পোন প্ৰথমবাৰৰ বাবে অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত পদাৰ্পণ কৰে ড° হিমন্ত বিশ্ব শৰ্মা ৷ পুৱাৰ ভাগত মুখ্যমন্ত্ৰী গৰাকী হেলিকপ্তাৰযোগে উপস্থিত হৈ বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰৰ বেদখল মূক্ত ভূমিত নিৰ্মিয়মান ১৮৮ কোটি টকাৰ ব্যয়বহুল সাংস্কৃতিক প্ৰকল্পস্থলী পৰিদৰ্শন কৰে ৷ প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত বটদ্ৰৱা থানখন  জাকত জিলিকে কৰি তোলাৰ বাবে হাতত লোৱা বৃহৎ প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ কৰ’নাকে ধৰি বিভিন্ন সমস্যাৰ বাবে নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰা উক্ত প্ৰকল্পৰ কাম আগন্তুক দুইবছৰৰ ভিতৰত প্ৰায় সম্পুৰ্ণ হৈ উঠিব বুলি থান পৰিচালনা সমিতিক আশ্বাস প্ৰদান কৰে । এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, বটদ্ৰৱাৰ কংগ্ৰেছৰ বিধায়িকা শিৱামনি বৰা, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলাৰ উপায়ুক্ত কবিতা

বঙাইগাঁৱৰ চৌৰাগুৰিত আৰক্ষীৰ অভিযান

Image
এক কিলোগ্ৰাম অবৈধ গাঞ্জাসহ এজনক আটক  বঙাইগাঁওঃ ২৯ মেঃ বঙাইগাঁও আৰক্ষীয়ে শনিবাৰে সন্ধিয়া চৌৰাগুৰিত অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায় ৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সন্ধিয়া ৬:৩০ মান বজাত চৌৰাগুৰিৰ যোগেন বিশ্বাস নামৰ ব্যক্তি এজনৰ চাহৰ দোকান তথা গৃহত চলোৱা অভিযানত এক কিলো পঞ্চাছ গ্ৰাম অবৈধ গাঞ্জা জব্দ কৰিবলৈ হয় ৷ যোগেন বিশ্বাসে চাহৰ দোকানৰ পৰাই দীৰ্ঘদিন ধৰি অবৈধ গাঞ্জাৰ বেহা চলাই আহিছিল ৷ আৰক্ষীয়ে পিছত গাঞ্জাসহ যোগেন বিশ্বাস(৪২) ক আটক কৰি বঙাইগাঁও থানালৈ আনে ৷ বঙাইগাঁও আৰক্ষীয়ে গেৰুকাবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত এই অভিযান চলায় ৷ আৰক্ষীয়ে সম্প্ৰতি ধৃত যোগেন বিশ্বাসক সোধ- পোছ অব্যাহত ৰাখিছে ৷ উল্লখ্য যে বঙাইগাঁও আৰক্ষীয়ে শেহতীয়াকৈ অবৈধ বাৰ্মিজ চুপাৰি , ড্ৰাগছ , গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷  প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও

কামৰূপ জিলাৰ চাংসাৰিত ৰাইজে খেদি খেদি কাৰায়ত্ত কৰিলে দ্ৰাগছ আসক্ত যুৱকক

Image
পঙ্কজ নাথ, চাংসাৰ, ২৯ মে                         কামৰূপ জিলাৰ চাংসাৰিত আজি ৰাইজে খেদি খেদি দুই দ্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰে। ইয়াৰ লগতে এখন AS-01-BL-5825 নম্বৰৰ হোণ্ডা ঈয়ন নামৰ গাড়ীখনত দ্ৰাগছৰ ইঞ্চুলেন সহ দুটা কনতেনাৰ জব্দ কৰে ৰাইজে । ৰাইজে আটক কৰা ড্ৰাগছ আসক্ত যুৱক দুজনৰ এজন জলাহৰ ৰাজু আলি আৰু আনজন চাংসাৰিৰ ৰুবুল নাথ বুলি জানিব পৰা গৈছে। বহু দিনৰে পৰা ৰাইজৰ মূৰৰ কামোৰণি হৈ থকা এই দুই যুৱকক স্থানীয় দুই সচেতন যুৱক শ্বেখ আব্দুল ফিৰোজ আৰু ৰিয়াজুল হকে স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰে ৷ উল্লেখ্য যে যোৱাকালি নিশাও চাংসাৰিত এখন এম্বুলেঞ্চৰ ভিতৰত দ্ৰাগছৰ কাৰোবাৰ চলি থকা সন্দেহত এই সচেতন দুই যুৱক ফিৰোজ আৰু ৰিয়াজুলে অনুসন্ধান চলাই গাড়ী খনৰ পিছ লৈছিল যদিও এম্বুলেঞ্চ গাড়ীখন পলাই পত্ৰং দিয়ে। স্থানীয় য়ুৱকদ্বয়ে ইয়াৰ ওপৰতো চাংসাৰি থানাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। উক্ত কাৰ্য্যৰ পিছতে চাংসাৰিৰ সচেতন ৰাইজে উদ্যমী যুৱক শ্বেখ আব্দুল ফিৰোজ আৰু ৰিয়াজুল হকৰ দ্ৰাগছৰ বিৰুদ্ধে লোৱা এই পদক্ষেপৰ শলাগ লৈছে। 

বঙাইগাঁও জিলাত ক'ভিডত এজনৰ মত্যু

Image
নতুনকৈ আক্ৰান্ত ৩৪ জন ব্যক্তি  বঙাইগাঁওঃ ২৯ মেঃ বঙাইগাঁও জিলাত শনিবাৰে পুনৰ নতুনকৈ ৩৪ জন ব্যক্তি ক'ভিড - ১৯ ত আক্ৰান্ত  হৈছে ৷ আনহাতে মৃত্যু হৈছে এজন ব্যক্তিৰ ৷ মৃত ব্যক্তিজন জিলাখনৰ মাণিকপুৰ পালেংবাৰী মোনাকোচাৰ ৰতিকান্ত ৰায়( ৬০) ৷ ব্যক্তিজনৰ ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ ইপিনে জিলাখনত শনিবাৰে নতুনকৈ ৩৪ জন ব্যক্তিৰ দেহত ক'ভিড প'জিটিভ ধৰা পৰাত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩৯ জন হৈছে ৷ ইয়াৰ ভিতৰত ২৪৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৯০ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷সেইদৰে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৫৮ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত শনিবাৰে মুঠ ৩,২৭৩ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ২৯ মে'লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২,৭৩৬ জন হৈছে ৷ উল্লেখ্য যে শুকুৰবাৰেও বঙাইগাঁও চহৰৰ জ্যোতি নগৰ ১৩ নং ৱাৰ্ডৰ ঊষাৰাণী সাহা ৰায়( ৭০) নামৰ মহিলা এগৰাকীৰ ক'ভিডত মৃত্যু হৈছিল ৷ মহিলাগৰাকীৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৷   প্ৰণৱ কুমাৰ

ৰঙিয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ আসক্ত যুৱক

Image
ৰাইজৰ অভিযোগ আৰক্ষী তথা একাংশ ফাৰ্মাচীৰ বিৰুদ্ধে  প্ৰতিবেদক, ৰঙিয়া, ২৯ মে': ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কিন্তু ইয়াৰ মাজতো ৰঙিয়াত আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি একাংশ দুস্কৃতিকাৰীয়ে অবাধে চলাই গৈছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো প্ৰতিদিনেই আটক হৈ আছে ড্ৰাগছ সৰবৰাহকাৰী,ইয়াৰ মাজতে আজি ৰঙিয়াৰ নিকটৱৰ্তী কৰৰা আৰু উদিয়ানাত দুজন অতি কমবয়সীয়া যুৱকক চিৰিঞ্জ আৰু কন্টেইনাৰসহ ৰাইজে আটক কৰি ৰঙিয়া আৰক্ষীক চমজাই দিয়ে। ধৃত যুৱক দুজন তুলসীবাৰীৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে । এজৰ নাম আঙ্কুচ দাস (১৪) আৰু আনজন তেওঁৰেই সহযোগী। লক্ষণীয়ভাৱে ৰঙিয়াত আটকাধীন প্ৰতিজন ড্ৰাগছ আসক্তই ৰাজা আৰু গাগা নামৰ দুজন মুখ্য সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰা বুলি জনাই  । কিন্তু এনে কি ৰহস্যজনক কাৰণত আৰক্ষীয়ে এই অপৰাধী কেইজনক এতিয়ালৈকে আটক কৰিব পৰা নাই সেয়াহে চিন্তনীয় । আজি ড্ৰাগছ আসক্ত যুৱক দুজনক আটক কৰাৰ পিচতেই ৰঙিয়া ৰেল জংচনৰ সমীপৰ ৰজাৰবাৰী অঞ্চলত এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয় । ৰ

ৰঙিয়াত চক্ৰ বিষয়াৰ ফাৰ্মাচী পৰিদৰ্শন আৰু ষ্টেৰয়েড মেডিচিন অনুসন্ধান

Image
ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২৯ মে': ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালৰ নিৰ্দেশ মৰ্মে আজি ৰঙিয়াৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া সৌৰভ বৰকটকীয়ে ৰঙিয়া চহৰৰ লগতে ওচৰ পাজৰৰ বিভিন্ন ফাৰ্মাচী আৰু ঔষধৰ পাইকাৰী বিক্ৰেতাৰ দোকান সমূহ পৰিদৰ্শন কৰে। চক্ৰ বিষয়া গৰাকীয়ে ঔষধৰ দোকান সমূহত স্টেৰয়েড ঔষধ বিশেষকৈ Dexamethasone/ Dexona, Betamethasone/ Betnasol, Diclofanac/Voveran, Ivermectine/ Scavista এনেধৰনৰ ফৰ্মূলাৰ ঔষধ সমূহ মজুদ  সন্দৰ্ভত অনুসন্ধান কৰে৷ বিষয়া গৰাকীয়ে বৰ্তমান কোভিডৰ সংক্ৰমণৰ সময়ত এই স্টেৰয়েড ঔষধ সমূহ  প্ৰেছক্ৰিপশ্বন অবিহনে বিক্ৰী কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰে৷চিকিৎসকৰ নিৰ্দেশত বিক্ৰী কৰিলেও গ্ৰাহকৰ নাম ঠিকনা, ফোন নম্বৰ,ৰোগীজনে ঠাণ্ডা, মুৰৰ বিষ, কাঁহ বা কিহৰ বাবে সেৱন কৰিছে আদি লিখি ৰখাৰ লগতে মেডিচিনৰ ব্ৰেণ্ড, আজিৰ পৰা সাতদিনৰ বিক্ৰী-স্টক আদি লিপিবদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ তেওঁ সকলো ঔষধ বিক্ৰেতাক কোভিডৰ নীতি নিয়ম কঠোৰ ভাৱে মানি চলিবলৈ নিৰ্দেশ জাৰি কৰে।আনহাতে প্ৰশাসনৰ ফালৰ পৰা জনসাধাৰণৰ মঙ্গলৰ ক্ষেত্ৰত সকলো সময়তে শুভাকাংক্

ক'ভিড প্ৰতিৰোধৰ বাবে বজালীত তৎপৰতাঃ বেংক, বিত্তীয় প্ৰতিষ্ঠানত চেনিটাইজ

Image
সঞ্জীৱ দাস, বজালী, ২৯ মে': ক'ভিডৰ  আগ্ৰাসনে ৰাজ্যবাসীক ত্ৰাসিত কৰি তোলাৰ সময়ত  ক'ভিড  নিয়ন্ত্ৰণ কৰাৰ  বাবে বজালী জিলা  প্ৰশাসনে  ব্যাপক পদক্ষেপ  গ্ৰহণ  কৰা  পৰিলক্ষিত  হৈছে। আজি  কে'বাদিন ধৰি  জিলাখনৰ  সৰুপেটা , পাটাছাৰকুছি,  পাঠশালা আদি ঠাইসমূহৰ  ভিন্ন প্ৰান্তত আৰু  পাঠশালা  ৰেল ষ্টেচনত জনসাধাৰণৰ  নিৰন্তৰ ক'ভিড  পৰীক্ষা  কৰা  হৈছে  । আশাপ্ৰদ কথা  এয়ে যে সম্প্ৰতি  সামগ্ৰিকভাৱে জিলাখনত ক'ভিড  পজিটিভৰ  সংখ্যা নিয়ন্ত্ৰিত পৰ্যায়লৈ  আহিব  ধৰা  দেখা  গৈছে। ইপিনে, শুক্ৰবাৰে পাটাছাৰকুছিস্থিত  নিৰ্মল হালৈ কলেজত ক'ভিড কেন্দ্ৰ এটা মুকলি কৰাৰ  লগতে  অক্সিজেন কনচেট্ৰেটৰ সংলগ্ন  কৰা  হৈছে। এই  কেন্দ্ৰটোৰ  শুভাৰম্ভৰ  অনুষ্ঠানত  উপায়ুক্ত  বৰুৱাৰ উপৰিও  জিলাৰ  প্ৰশাসনীয় বিষয়াসকল , চিকিৎসক  সুধীন পাটগিৰী আৰু স্বাস্থ্য  বিভাগৰ বিষয়াসকল  উপস্থিত  থাকে। স্বাস্থ্য বিভাগৰ সূত্ৰই  প্ৰকাশ কৰা  অনুসৰি  এই  কেন্দ্ৰটোত  পঞ্চাশ খন  বিচনা   ৰখা  হৈছে।  আনহাতে  আজি  জিলাখনৰ  অন্তৰ্গত  বেংক  আৰু অন্যান্য  বিত্তীয় প্ৰতিষ্ঠান সমূহতো  চেনিটাইজ  কৰা  হৈছে । মনকৰিবলগীয়া য

বটদ্ৰৱাৰ কন্টেইনমেন্ট জ’নৰ আৱাসিৰ মাজত সামগ্ৰী বিতৰণ সাংসদ গৌৰৱ গগৈৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে’: মহামাৰী কোৰ’নাৰ দ্বিতীয়টো লহৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো এক জটিল সমস্যাৰ সৃষ্টি কৰিছে ৷ কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে এছ অ’ পিৰ জৰিয়তে বিভিন্ন নীতি-নিৰ্দ্দেশনা আৰোপ কৰাৰ বিপৰীতে কৰ’নাৰ সংক্ৰমণ অধিক হোৱা অঞ্চলক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। এই কন্টেইনমেন্ট জ’নত বস-বাস কৰা লোকসকলৰ সুবিধাৰ্থে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি অহাৰ সমান্তৰালকৈ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানেও সাহায্য প্ৰদান কৰি আহিছে ৷ কৰ’নাৰ এনে সংকটময় পৰিস্থিতিৰ মাজতে শুকুৰবাৰে সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই বটদ্ৰৱাৰ কন্টেইনমেন্ট জ’নত থকা পৰিয়াল সমূহক চাউল, দালি, মিঠাতেল, আলু, নানা বিধৰ পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়। তদুপৰি সাংসদ গৌৰব গগৈয়ে সমষ্টিটোৰ বিভিন্ন ৰাজহুৱা স্থানত ছেনিটাইজেচন কৰাৰ ব্যৱস্থা গ্ৰহন কৰে। সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৰাকীয়ে চৰকাৰক অতি সোনকালে ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোককে ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক নগা দুৰ্বৃত্

নাহৰকটীয়াত ড্ৰাগছ সহ যুৱক আটক

Image
 এতিয়া ড্ৰাগছ সৰবৰাহত নামি পৰিছে একাংশ যুৱ প্ৰজন্ম। ড্ৰাগছ সেৱন কৰি ক্ৰমান্বয়ে মৃত্যু মুখলৈ গতি কৰিছে  উঠি অহা যুৱ প্ৰজন্ম।  কালি নাহৰকটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষী দলে গোপন সূত্ৰৰ পম নাহৰকটীয়া পুৰণি গাওঁৰ পৰা প্ৰায় দুই লাখ টকাৰ মূল্যৰ ৫ গ্ৰাম হেৰইন সহ ৰণ্টু দাস আৰু জামিল খুৰেছি নামৰ দুজন যুৱকজনক হাতে লোটে কৰায়ক্ত কৰিবলৈ সক্ষম হয় ।ইফালে এই ধৃত যুৱকজনক নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে।    নাহৰকটীয়াৰ পৰা গগন হাজৰিকা, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট ।

এনআৰচিৰ পুনৰীক্ষণৰ আবেদন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি গ্ৰামীণ শ্ৰমিক সন্থা প্ৰতিবাদ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে’: এনআৰচিৰ পুনৰীক্ষণৰ প্ৰতিবাদত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই শুকুৰবাৰে ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদ কাৰ্যসূচী সুকলমে ৰূপায়ণ কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও, মৰিগাঁও, গোৱালপাৰা, যোৰহাট, ডিব্ৰুগড়, আৰু তিনিচুকীয়া জিলাত সন্থাৰ সদস্য আৰু সমৰ্থক সকলে ক'ভিড নীতি মানি অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ জনায় । আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত সীমামূৰীয়া জিলা সমূহত ২০ শতাংশ আৰু বাকী জিলা সমূহত ১০ শতাংশ এনআৰচি পুনৰীক্ষণৰ কথা ব্যক্ত কৰাৰ বিপৰীতে এনআৰচিৰ অসমৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই এনআৰচিৰ পুনৰীক্ষণৰ যি আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে তাক প্ৰত্যাহাৰ কৰা, বিদেশী ন্যায়াধিকৰণৰ দৰে অৰ্ধ-বিচাৰ ব্যৱস্থাৰ জৰিয়তে ঘোষিত বিদেশী আৰু এন‌‌আৰচিৰ পৰা বাদ পৰা লোকসকলৰ বিচাৰৰ সলনি পূৰ্ণাংগ বিচাৰ ব্যৱস্থাৰ অধীনত বিচাৰ কৰা, ডিটেনশ্যন কেম্প বন্ধ কৰি সেই কেম্পবোৰক পূৰ্ণাংগ ক'ভিড হাস্পাতাললৈ ৰূপান্তৰিত কৰা, "ডি ভোটাৰ"-ৰ দৰে অমানৱীয় আৰু অসাংবিধানিক ব্যৱস্থা বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্

ক'ভিড মহামাৰীৰ মাজতেই বান নিয়ন্ত্ৰণৰ বাবে তৎপৰ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল

Image
বৰ্তমান সময়ত জলাশয়, বিল নদীত মাছ ধৰা নিষিদ্ধ—চক্ৰ বিষয়া চন্দন বৰগোহাঁইৰ অভিযান  ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২৮ মেঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাতো কালৰূপী ক'ভিড মহামাৰীৰ ভয়াৱহতা। ভুতৰ ওপৰত দানহ পৰাদি ইয়াৰ  মাজতে আগন্তুক বানক লৈ   ৰঙিয়া বাসীৰ মনত সৃষ্টি হৈছে গভীৰ  শংকাৰ । কিয়নো বিগত বৰ্ষত বানে ভাঙি থৈ যোৱা মথাউৰিৰ উপৰিও  দুৰ্বল মথাউৰি সমূহ সময়মতে মেৰামতি নকৰাৰ বাবেই এইবাৰো বানপানীয়ে ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিছে। অৱশ্যে মুুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰ খনে সম্ভাব্য বান পৰিস্থিতি মোকাবিলা কৰিবলৈ ইতিমধ্যে বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । ৰঙিয়াতো মহকুমাধিপতি স্বপ্নীল পালে ৰঙিয়াৰ বাণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তৎপৰ হৈ উঠিছে। মহকুমাাধিপতি পালৰ নিৰ্দেশ মৰ্মে আজি ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া সৌৰভ বৰকটকীযে বৰলীয়া নৈৰ জয়ন্তীপুৰ পঞ্চায়ত এলেকাৰ মথাউৰিৰ দুৰ্বল অংশবোৰ পৰিদৰ্শন কৰি  ৰাইজৰ পৰা পৰিস্থিতিৰ  বুজ লয়।পৰিদৰ্শন কালত বৰগোহাঁইয়ে কয় যে বৰলীয়া নৈৰ মথাউৰিৰ দুৰ্বল অংশৰ কাম

ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া, প্ৰাক্তন ফুটবলাৰ, বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বৰাৰ জীৱনাৱসান

Image
# ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া, প্ৰাক্তন ফুটবলাৰ, বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বৰাৰ জীৱনাৱসান# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে’: নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ খাটোৱাল গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী, ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা প্ৰাক্তন সুদক্ষ ফুটবলাৰ থানেশ্বৰ বৰাৰ শুকুৰবাৰে পুৱা প্ৰায় ৫-৩০ বজাত নিজ বাসগৃহত জীৱনাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ । বিশিষ্ট ব্যক্তিগৰাকীৰ বিয়োগত সমগ্ৰ হাতীচোং মৌজাতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ ভাৰতীয় ৰে’ল বিভাগৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়াৰূপে অৱসৰ লোৱা থানেশ্বৰ বৰা একালত এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ ৰূপে জিলিকি উঠিছিল ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহনৰ পিছৰে পৰা বৃহত্তৰ চকলাঘাট অঞ্চলৰ সমাজ জীৱনৰ লগত সক্ৰিয়ভাবে সাঙুৰ খাই পৰা বৰা অঞ্চলৰ প্ৰায়বোৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি সমাজত সেৱাত নিজকে নিয়োজিত কৰি আহিছিল ৷ ২০১৫ চনত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ কাৰ্যকৰী সভাপতিৰ দৰে গুৰু দায়িত্ব লৈ উৎসৱটি সাফল্যমণ্ডিত কৰাৰ লগতে তেওঁ প্ৰয়াত পিতৃ ৰবিধৰ বৰাৰ সোঁৱৰণত শিক্ষানুষ্ঠানখনৰ মূল ত

লাহৰিঘাটত ভংকৰ অগ্নিকাণ্ড সংঘটিত হয়

Image
দিনৰ ২:৩০ মিনিটত  লাহৰিঘাটৰ বজাৰ পৰা সংঘটিত হয় এই ভংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত লাহৰিঘাট বজাৰ প্ৰায় কোটি টকাৰ সা-সম্পত্তি জুইত ভূষ্মভিত হয়। অগ্নিকাণ্ড লাহৰিঘাট বজাৰ প্ৰায় দশ খন দোকান জুইত সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়।বহু সময় পিছত ধিং,মৈৰাবাৰী ,ভূৰাগাৱঁৰ পৰা অগ্নিনিৰ্বাহক বাহিনী আহি  জুই নুমাব সক্ষম হয়। উল্লেখ্য যে বৃহত্তৰ লাহৰীঘাটত এটা অগ্নিনিৰ্বাহক বাহিনীৰ কেন্দ্ৰ নথকাৰ  বাবেই সঘনাই এই অঞ্চলত এনে ধৰনৰ ভয়ংকৰ  অগ্নিকান্ড সংগঠিত হোৱা পৰিলক্ষিত হৈছে। লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ প্ৰতিবেদন

নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপকৰ নামত দুষ্টচক্ৰৰ ভুৱা ফেচবুক একাউন্ট≈≈ধন বিচাৰি মেছেঞ্জাৰত বিভিন্ন জনলৈ মেচেজ প্ৰেৰণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে': ৰাজ্যজুৰি অব্যাহত থকা কৰ’নাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে "ইজি মানি" ঘটাৰ লক্ষ্যৰে এক অসাধু চক্ৰ সক্ৰিয় হৈ পৰিছে ৷ এই দুষ্টচক্ৰটোয়ে সমাজৰ এচাম বিশিষ্ট নাগৰিকক জনপ্ৰিয় ছ’চিয়েল নেটৰ্কিং চাইট ফেচবুকৰ জৰিয়তে টাৰ্গেট কৰি লৈছে ৷ শেহতীয়াভাবে এই দুষ্টচক্ৰৰ কৱলত পৰিছে নগাঁও জিলাৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ৷ আচলতে, নগাঁও চহৰৰ পাৰ্শ্চৱৰ্তী খুটিকটীয়া নিবাসী তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ নামত দুষ্ট চক্ৰই এটা ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন জনলৈ ধন বিচাৰি মেছেঞ্জাৰত বাৰ্তা প্ৰেৰণ কৰিছে ৷ জানিব পৰা মতে, অধ্যাপকজনৰ ফেচবুকৰ একাউন্টটোৰ প্ৰ'ফাইল ফটো ব্যৱহাৰ কৰি তেওঁৰ নামতেই কোনো দুষ্ট চক্ৰই আন এটা ভুৱা ফেচবুক একাউণ্ট খুলি তেওঁৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু চিনাকি লোকলৈ ভুৱা একাউন্টটোৰ পৰা প্ৰথমে Hi আৰু Hello মেচেজ মেছেঞ্জাৰৰ জৰিয়তে প্ৰেৰণ কৰে। পৰৱৰ্তী পৰ্যায়ত How are you, where are you, I need a help, Do you have google pay, Tell me pls, phone pe, paytm, I need money urgent" বুলি বিভিন্ন মেচেজ পঠাই দহ হাজাৰকৈ ট

বৰপেটা জিলালৈ পিৰামল স্বাস্থ্য‌ই আগবঢ়ালে ৫ অ'ক্সিজেন কনচেনট্ৰেটৰ, ৮০ অ'ক্সিমিটাৰ

Image
#অহা সপ্তাহত আহিব আৰু ১০ অক্সিজেন কনচেনট্ৰেটৰ #বৰপেটা জিলাৰ ক'ভিড বিৰোধী যুঁজখনত সহযোগিতা আগবঢ়াই পিৰামল স্বাস্থ্য ব্যৱস্থাপনা তথা গৱেষণা প্ৰতিষ্ঠানৰ তৰফৰ পৰা আজি ৫টা অক্সিজেন কনচেনট্ৰেট'ৰ, ৮০ টা পালছ অক্সিমিটাৰ আৰু ১০০ খন ফেচ ছিল্ড বৰঙণি হিচাপে আগবঢ়াইছে।  #আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এটি অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী প্ৰতিষ্ঠানটোৰ হৈ ৰাজ্যিক ৰূপান্তৰ প্ৰৱন্ধক ডঃ ধ্ৰুৱজ্যোতি বৰাই জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ হাতত সামগ্ৰীখিনি অৰ্পণ কৰে।  #সঞ্জীৱ দাস, বজালী

বৰপেটা জিলাৰ সৰভোগত ব্ৰাউন চুগাৰ সহ চাৰি যুৱকক আটক

Image
সৰভোগ আৰক্ষী আৰু বৰনগৰ ৰাজহ চক্ৰ বিষয়াই কালি নিশা  চলোৱা এক যুটীয়া অভিযানত ব্ৰাউন চুগাৰ সহ চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৷ তেওঁলোকে সৰভোগ ৩ নং ওৱাৰ্ডৰ দিলীপ দাসৰ গৃহত এই অভিযান চলাইছিল ৷ অভিযানত বহু পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ লগতে এই কাৰ্য্যৰ লগত জড়িত সৰভোগৰ ৩ নং ওৱাৰ্ডৰ সীমান্ত দাস, উত্তৰ গনকগাড়ীৰ ঋষিমান পাটোৱাৰী, দক্ষিণ গণকগাড়ীৰ নিহাল দাস আৰু ৰামপুৰৰ জ্যোতিপ্ৰসাদ নাথক আটক কৰে ৷

শৰাইঘাটৰ নতুন দলংৰ ওপৰত দুৰ্বিত্বই হত্যা কৰি পেলালে অচিনাক্ত মৃতদেহ

Image
#সান্ধ্য আইনৰ মাজতে আমিনগাঁও শৰাইঘাট দলংত চাঞ্চল্যকৰ ঘটনা ।  #শৰাইঘাটৰ নতুন দলংৰ ওপৰত দুৰ্বিত্বই হত্যা কৰি পেলালে অচিনাক্ত মৃতদেহ ।  #মৃতদেহ কঢ়িয়াই অনা AS 01 DX 5822 নম্বৰৰ ষ্কুটী উদ্ধাৰ আৰক্ষীৰ ।  #হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই আনিছিল মৃতদেহটো ।  #শৰাইঘাট দলংৰ পৰা ব্ৰহ্মপুত্ৰত দলীয়াই দিয়া চেষ্টা কৰিছিল দুৰ্বিত্বই ।  #চাৰিজনীয়া দুৰ্বিত্বৰ দলে জালুকবাৰী সদিলাপুৰত হত্যাকাণ্ড সংঘটিত ষ্কুটিৰে লৈ আনি থকা সময়ত আৰক্ষী তহলদাৰী দলক দেখি শৰাইঘাট দলংৰ মাজত ষ্কুটিৰ পৰা দলিয়াই থৈ গৈছিল মৃতদেহটো ।  #কামৰূপ জিলা আৰক্ষী এটা দলে খেদি খেদি কৰায়ত্ব কৰে মৃতদেহ কঢ়িয়াই অনা ষ্কুটীসহ এজন দুৰ্বিত্বক।

firstnewsreport ৰ বাতৰিৰ প্ৰভাৱ : বাতৰি পৰিবেশনৰ পিছত ৰাষ্ট্ৰীয় খেলুৱৈৰ দূৰ্দশা দেখি মুখ্যমন্ত্ৰীয়ে দিলে এককালীন সাহাৰ্য্য ।

Image
তিনিবাৰৰ ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দ্বিজেন বৰ্মন । নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ পশ্চিম চামতা গাঁওৰ শালৈপাৰা চুবুৰী নিবাসী দ্বিজেন বৰ্মন । অসমলৈ সুনাম কঢ়িয়াই অনা এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বৰ্তমান মাংসৰ দোকানত হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দিবলগীয়া হৈছে । দ্বিজেন বৰ্মনৰ নিচিনা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈৰ জীৱন জীৱিকাৰ দূৰ্দশাৰ বিষয়ে স্থানীয় বিধায়ক আৰু চৰকাৰৰ দৃষ্টিগোচৰ  হৈছিল বাতৰি সম্প্ৰচাৰৰ পিছত। উক্ত বাতৰি সন্দৰ্ভত নৱ-নিযুক্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দৃষ্টিগোচৰ হয় । আজি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুজিৰ তৰফৰ পৰা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ড  দ্বিজেন বৰ্মনৰ গৃহত উপস্থিত হৈ ২৫,০০০ টকাৰ এককালীন সাহাৰ্য্য আগবঢ়ায় । এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, পশ্চিম নলবাৰী ৰাজহঁ চক্ৰ বিষয়া চিন্ময় পাঠক, নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ যুটীয়া সম্পাদক বিকাশ ভট্ট, স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি দীনেশ ঠাকুৰীয়া লগতে উপস্থিত থাকে নলবাৰী জিলাৰ কেইবাজনো শাৰিৰীক

নগাঁৱৰ কচুৱাত ৰাইজে আটক কৰিলে দুই ড্ৰাগছ সেৱনকাৰী

Image
# নগাঁৱৰ কচুৱাত ৰাইজে আটক কৰিলে দুই ড্ৰাগছ সেৱনকাৰী# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ মে’: সুদক্ষ আই পি এছ বিষয়া আনন্দ মিশ্ৰই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান ৷ আনকি আৰক্ষী অধীক্ষকগৰাকীয়ে একপ্ৰকাৰ জেহাদ  ঘোষণাৰে জিলাখনক ড্ৰাগছমুক্ত কৰি তোলাৰ লক্ষ্যৰে জিলাখনত দীৰ্ঘদিনে অব্যাহত থকা চোৰাং ড্ৰাগছৰ সামাজ্যখনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰিছে ৷ আৰক্ষী অধীক্ষক মিশ্ৰৰ নিৰ্দেশত দিনে-নিশাই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ মাজতে মঙলবাৰে জিলাখনৰ কচুৱা তিনিআলি বজাৰত ৰাইজে বুজন পৰিমানৰ ড্ৰাগছ সহ আটক কৰে দুই ড্ৰাগচ সেৱনকাৰী যুুুুৱকক। ধৃত যুৱকদ্বয় পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংচুৰ মাইচং ইংতি আৰু সাথি টেৰাং বুলি জানিব পৰা গৈছে ৷ আচলতে কচুৱা তিনিআলিৰ এঘৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰি ঘৰলৈ ওভতাৰ পথত ৰাইজে আটক কৰে যুৱকদ্বয়ক ।পিছত ধৃত যুৱকদ্বয়ক ৰাইজে কচুৱা আৰক্ষীক গটাই দিয়ে। যুৱক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ছাজিদা বেগম নামৰ এগৰাকী মহিলাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে, আন্তঃজিলা যাতায়াতৰ ক্ষে

সাম্ভাব্য বান-দুৰ্যোগৰ মুখামুখি হ'বলৈ বৰপেটা জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি #উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ ভগ্নপ্ৰায় মথাউৰী পৰিদৰ্শন

Image
সঞ্জীৱ দাস, বজালী, ২৫ মে': ক'ভিড বিৰোধী যুঁজৰ সমান্তৰালকৈ আগন্তুক বাৰিষাৰ বান দুৰ্যোগৰ বাবেও বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে কালিৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভগ্নপ্ৰায় মথাউৰী, বান্ধ আদি পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লৈ আছে।  কালি তেওঁ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৈঠাপোতা সত্ৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ দুৰ্বল হৈ পৰা অংশ পৰিদৰ্শন কৰি ইয়াৰ মেৰামতিৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা হাতত ল'বলৈ জল সম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ আগতে তেওঁ বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত পালহাজীৰ ওচৰৰ বেলৰতাৰীৰ মথাউৰী পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। ইয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াই মথাউৰীটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই মথাউৰীটোৰ তাৎক্ষণিক মেৰামতিৰ বাবে জলসম্পদ বিভাগক আঁচনি প্ৰস্তুত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে পৰামৰ্শ দিয়ে। উপায়ুক্ত গৰাকীৰ এই ভ্ৰমণত জল সম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সুবল দাস আৰু সংশ্লিষ্ট চক্ৰৰ চক্ৰ বিষয়া সকলো উপস্থিত থাকে। ইয়াৰ পিছতে তেওঁ বাঘবৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰ আৰু ভলুকাডোবা খণ্ড স্ব

বাৰিষাৰ দিন সমাগত, শংকাত নিদ্ৰা নাই সৰ্থেবাৰী অঞ্চলৰ ৬০ খন গাঁৱৰ ৰাইজৰ

Image
সৰ্বত্ৰে এতিয়া কৰোনাতঙ্ক।  কৰোনাৰ দুশ্চিন্তাত  দিন অতিবাহিত  কৰিছে সাধাৰণ  জনতা ।  কিন্ত  কৰোনাতঙ্কৰ মাজতে এতিয়া বানৰ শঙ্কাত  দিন অতিবাহিত  কৰিব  লগীয়া হৈছে ৬০ খন গাঁৱৰ কৃষক তথা  সাধাৰণ গঞাই । আছে দুটাকৈ  নদী নাই এটাও মথাউৰি । যাৰ বাবে দুশ্চিন্তাত  অতিবাহিত  হৈছে দিন ।  নলবাৰী  সৰ্থেবাৰী অঞ্চলৰ ৬০ গাঁৱৰ  কৃষক ৰাইজৰ লগতে সাধাৰণ  জনতা পুনৰ বানৰ আশঙ্কাত অতিবাহিত  কৰিছে দিন । বাৰিষা সমাগত । বাৰিষা আহিলেই বুকু কপে গঞাৰ । কিয়নো আছে দুখনকৈ নদী পিছে নাই মথাউৰি । বুঢ়াদিয়াৰ  লগতে টিহু নদীৰ  দক্ষিণ  পাৰৰ  মথাউৰি কেইবাঠাইতো  চিঙি চুৰ্ণ বিচূৰ্ণ হৈ আছে । উন্মুক্ত  হৈ আছে দুয়োখন  নদী । পানীৰ ঢল আহিলেই প্লাৱিত  হব অঞ্চলটোৰ  ৬০ খন গাঁৱৰ  ৰাইজ। এই ভগ্ন মথাউৰিলৈ মন কৰক । বিগত কেইবাবছৰ ধৰি এইদৰে উন্মুক্ত  হৈ আছে টিহু আৰু বুঢ়াদিয়া নদীৰ দক্ষিণ  পাৰৰ  মথাউৰি । বুঢ়াদিয়া আৰু টিহু নদীৰ বানে তচনচ কৰা মথাউৰি নিৰ্মাণ কৰাৰ বাবে জলসম্পদ  বিভাগৰ কোনো তৎপৰতা নোহোৱাত  পুনৰ দুশ্চিন্তাত  দিন  অতিবাহিত  কৰিব  লগীয়া হৈছে বৃহত্তৰ  অঞ্চলৰ সাধাৰণ  জনতা । বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাই ৰাজ্যৰ ভগ্ন  মথাউৰ

নলবাৰী জিলা বিজেপিৰ উদ্যোগত চেনিটাইজ

Image
অসমত ভয়াবহ ভাবে বাঢ়ি থকা কৰ’ণাৰ সংক্ৰমণৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী চহৰৰ ব্যস্ত পথ সমুহৰ দোকান পোহাৰ বিলাকত চেনিটাইজাৰ কৰা হয়। অগ্নি নিৰ্বাপক বাহিনীৰ বিশেষ বাহনৰ সহায়ত চহৰৰ বড় মছজিদ চক,পি এন চি ৰোড,থানা চক,কলেজ ৰোড,এন টি ৰোডৰ লগতে আছুৰ শ্বহীদ ভৱনটো চেনিটাইজেছন কৰা হয়। বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ উদ্যোগত আৰু নলবাৰী জিলা আই টি চেলৰ আহ্বায়ক মৃগাংক দাস,কিষাণ মৰ্চাৰ টাউন মণ্ডলৰ সভাপতি  বেদান্ত কলিতা,কিষাণ মৰ্চা টাউন মণ্ডলৰ কোষাধ্যক্ষ পংকজ কলিতাৰ পৰ্যবেক্ষণত চহৰৰ প্ৰায় আটাইকেইটা পথতেই চেনিটাইজাৰ কৰা হয়। উল্লেখ্য যে বৰ্তমানলৈকে জিলা খনত প্ৰায় চাৰি হাজাৰ লোক কৰ’ণাত আক্ৰান্ত হৈছে। নলবাৰী পৰা শংকৰ দাস ।

ৰঙিয়াত ৪৭ খন বিছনাযুক্ত কোভিড চিকিৎসা কেন্দ্র, অক্সিজেন প্লেণ্টৰ ব্যৱস্থা—মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

Image
ৰঙিয়াত  ৪৭ খন বিছনাযুক্ত কোভিড চিকিৎসা কেন্দ্র, অক্সিজেন প্লেণ্টৰ ব্যৱস্থা—মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কোভিডৰ ব্যৱস্থা সন্দৰ্ভত উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু মহকুমাধিপতি স্বপ্নীল পালক মন্ত্ৰীৰ ভূয়সী প্ৰশংসা ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ১৮ মেঃ ৰঙিয়াত অচিৰেই ৪৭ খন বিচনাযুক্ত আই চি ইউ, কমলপুৰত ৭০ খন  বিছনাযুক্ত  কোভিড চিকিৎসা কেন্দ্র আৰু ৰঙিয়াত  কিছুদিনৰ ভিতৰতেই এটা অক্সিজেন প্লাণ্টৰ সুবিধা উপলদ্ধ কৰা  হব। এই ঘোষণা ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। সমগ্ৰ কামৰূপ জিলাতে কৰোণা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী  ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ নিৰ্দেশ মৰ্মে আজি কোভিড পৰিস্থিতি সন্দৰ্ভত বুজ লবলৈ ৰঙিয়াত উপস্থিত হোৱা উদ্যোগ বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এনেদৰে ঘোষনা কৰে। তেওঁ কামৰূপ জিলাত কোভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু মহকুমাধিপতি স্বপ্নীল পালে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ভূয়সী প্ৰশংসা কৰে। কোভিড আক্ৰান্ত সকলক সেৱা আগবঢ়াবলৈ ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে গঠন কৰি দিয়া ৰেপিড ৰেছপন্স টিম আৰু অক্সিজেন চিল

নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক মুছলিম ছাত্ৰ সন্থা, অসমৰ আদৰণি

Image
বিভিন্ন সমস্যাৰ ওপৰত আলোচনা  নগাওঁ, ১৮ মেঃ  আজি নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক  আনন্দ মিশ্ৰক  মুছলিম ছাত্ৰ সন্থা, অসমৰ এটি সজাতি দলে সাক্ষাৎ কৰি আদৰণি  জনায় । নৱ নিয়ুক্ত আৰক্ষী অধীক্ষক জনৰ লগত নগাওঁ জিলাৰ কিছুমান জলন্ত সমস্যা  বিশেষকৈ মদ, ভাং, লিকু, ড্ৰাগ বিক্ৰেতা আদিৰ আলোচনা কৰে মুছলিম ছাত্ৰ সন্থা, অসমৰ সজাতি দলটিয়ে   । নৱ নিয়ুক্ত আৰক্ষী অধীক্ষ জনে  কঠোৰ ব্যৱস্থা লৱ বুলি আশ্বাস প্ৰদান কৰে । মদ, ভাং, লিকু, ড্ৰাগ সেৱনৰ ফলত যুৱ সমাজ ধ্বংসৰ পথত গৈ আছে বুলি কয় মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে আৰু কয় অন্যায়ৰ  বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থা, অসম সদায় মাত মাতি যাব ।  সজাতি দলটিত থাকে মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানী, নগাওঁ জিলা  সমিতিৰ উপদ্ৰেষ্টা নাছিৰ উদ্দিন, সভাপতি মোকছিদুল ইছলাম, সম্পাদক নজৰুল ইছলাম ।

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বজাৰৰ মাজমজিয়া দি যোৱা নগাঁও-ভুৰাগাও গঢ়কাপ্তানী পথৰ দুৰৱস্থা

Image
পুখুৰী নে পথ ধৰিবই নোৱাৰা এক দৃশ্য ৷বিগত প্ৰায় দহটা বছৰ ধৰি মৈৰাবাৰী বাসীয়ে যমৰ যাতনা ভোগ কৰি এই  ৰাস্তা টো পুনৰ মেৰামতিৰ কাৰনে অসম চৰকাৰে এই বছৰৰ যোৱা ফ্ৰেব্ৰুৱাৰী মাহতে ১কোটি৭১লাখ টকা ৷ অনুমোদন দিছিল নিজ ধিংৰ পৰা দলৈগাও লৈকে ৬কিলোমিটাৰ লৈকে মেৰামতিৰ বাবে অনুমোদিত এই কামটোৰ ঠিকা লাভ কৰিছিল ৰিচব জৈন বুলি এজন ঠিকাদাৰে কিন্তু ঠিকাদাৰ জনে আজি লৈকে কামটো আৰম্ভ কৰা নাই। এক বিশেষ সূত্ৰে জনা মতে স্হানীয় বিধায়কৰ কমিছনৰ ধন আদায় দিব নোৱাৰাৰ ফলত এনে বিসংগতিৰ সূষ্টি হৈছে। সেয়ে এই ৰাস্তা টোৰ সন্দৰ্ভত এক তদন্তৰ দাবী জনাই মুখ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্হানীয় ৰাইজে। কিয়নো নিবিদাৰ পাছত ৪৫দিনৰ ভিতৰত কাম আৰম্ভ নকৰিলে বিভাগে ঠিকাদাৰ জনক নাকচ কৰি বেলেগ এজন ঠিকাদাৰক কামটো দিব পাৰে যদিও আজি প্ৰায় ৪মাহ উকলি যোৱাৰ পাছতো ৰহস্যজনক ভাৱে ঠিকাদাৰ বদলি কৰা হোৱা নাই । মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

# নগাঁৱৰ টুকটুকী-ধিং সংযোগী পথৰ ৰৌমাৰী দলং নিৰ্মাণত অনিয়ম≈≈এজাক বৰষুণতে খহিছে দুয়োপাৰ#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ মে’: নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ নগাঁও-টুকটুকী-ধিং সংযোগী গড়কাপ্তানি পথৰ ৰৌমাৰি বিলৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা পকী দলঙৰ নিৰ্মাণ প্ৰক্ৰিয়াত চূড়ান্ত অনিয়মৰ অভিযোগ উঠিছে। উল্লেখ্য, অতিকে ব্যস্ততাপূৰ্ণ পথটোৰ উক্ত স্থানত পূৰ্বতে থকা জৰাজীৰ্ণ কাঠৰ দলংখনেৰে  যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিছিল ৰাইজ। সেয়ে দলংখনৰ অপৰিসীম গুৰুত্বৰ কথা উপলব্ধি কৰি বিগত কাৰ্যকালত বিজেপি চৰকাৰে কাঠৰ দলংখৰ ঠাইত আবণ্টন দিছিল পকী দলং নিৰ্মানৰ ৷ ফলত আনন্দিত হৈ পৰিছিল অঞ্চলবাসী । কিন্তু এতিয়া নৱ নিৰ্মিত এই দলংখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে দলংখনৰ দুয়োপাৰৰ পথৰ অংশই ৷ এক কথাত ঠিকাদাৰ আৰু বিভাগীয় কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এতিয়া যেন মৰন ফান্দত পৰিণত হৈছে দলংখনৰ দুয়োপাৰ । বিগত দিনকেইটাত হোৱা বৰষুণৰ ফলতেই এতিয়া জহি-খহি গৈছে দলংখনৰ দুয়োকাষ । আচলতে দলঙখনৰ দুয়োপাৰে পথ নির্মানত ঠিকাদাৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে গোপন বুজাবুজিৰে চলোৱা চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবেই এনে দুৰৱস্থাৰ সৃষ্টি হৈছে । কিয়নো চৰম মইমতালিৰে বালিৰে নিৰ্মাণ কৰে প্ৰায় ৫০ ফুট ওখ পথৰ অংশ । কিন্তু এই অ

লাহৰীঘাটত দুৰ্বৃত্তৰ আক্ৰমনত শিক্ষক গুৰুতৰ ভাবে আহত

Image
মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ  অৰ্ন্তগত দোৱামাৰী গাৱঁৰ তথা দাতিয়াল বড়ী হাই মাদ্ৰাছাৰ শিক্ষক আবু ছায়েতক চাৰি জনীয়া দুৰ্বৃত্ত দলে নিশা চুকা অস্ত্রৰে আঘাত কৰি গুৰুতৰ ভাবে  আহত কৰে।  জানিব পৰা মতে,শিক্ষক জনে নিশা পেচাব কৰিব কাৰনে ঘৰৰ পৰা  বাহিৰত ওলাই যোৱাত  অাইজুল হক,নুৰমাহাম্দ, মজিবুৰ ৰহমান আৰু মাইনুল হক এই চাৰি -পাঁচজনীয়া অস্ত্রদাৰী দুৰ্বৃত্তই শিক্ষক জনক চুকা অস্ত্রৰে আঘাত কৰি গুৰুতৰ ভাবে জখম কৰে।ওচৰ চুবুৰীয়া আৰু পৰিয়ালে চিঞৰ -বাখৰ শুনি ঘটনা স্হলিৰ পৰা উদ্ধাৰ কৰি নিশাই লাহৰীঘাট  মহাত্মা গান্ধী আৰ্দশ চিকিৎসালয়ত ভৰ্ত্তী কৰাই যদিও স্বাস্হ্য  অধিক  সংকটজনক  হোৱাৰ বাবে চিকিৎসকে গুৱাহাটী লৈ প্ৰেৰণ কৰে। শিক্ষক জনৰ পৰিয়ালৰ লোকে জনোৱা মতে,বৰ্তমান  গুৱাহাটী ADVANCE NEUROSECIENCE  HOSPITALৰ ICU ত  চিকিৎসাধীন হৈ আছে।  ঘটনা সৰ্ন্দভত পৰিয়ালৰ লোকে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ঘটনা সৰ্ন্দভত স্হানীয় ৰাইজে জনোৱা মতে, দীৰ্ঘ দিনিয়া ভূমি বিবাদৰ বাবেই শিক্ষক আবু ছায়েদ দুৰ্বৃত্তৰ  আক্ৰমনৰ বলি হৈছে বুলি জনাই। লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ ৰিপোৰ্ট 

জামুগুৰিহাটৰ চৰচাপৰিত পুণৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

Image
জামুগুৰিহাট,১৭ মে’:জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলত আজি পুণৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান৷বিগত বৰ্ষত চতিয়া সমষ্টিত ভোটাধিকাৰ নথকা চৰকাৰী মাটি বেদখল কৰি বসবাস কৰা প্ৰায় ৫ শতাধিক সন্দেহজনক লোকৰ পৰিয়ালক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই সমষ্টিটোৰ জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলৰপৰা খেদি পঠোৱাৰ পিছত পুণৰ সেই উচ্ছেদিত লোকৰ একাংশই দীঘলীচাপৰি আৰু লালেটাপুৰ পূৰ্ৱৰ উচ্ছেদিত স্থানত বাসগৃহ সাঁজি বসবাস কৰিবলৈ লৈছিল৷সংগোপনে সেই উচ্ছেদ কৰা লোকসকলৰ একাংশই পুণৰবাৰ বসতি স্থাপন কৰাৰ উপৰিও প্ৰশাসনে বেদখলমুক্ত কৰা ভূমিত পুণৰাই কৃষিকাৰ্য সম্পাদন কৰিবলৈও আৰম্ভ কৰিছিল৷কিন্তু আজি নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতিৰ নেতৃত্বত শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক চৰ চাপৰি অঞ্চলত উপস্থিত হৈ প্ৰায় কুৰিৰো অধিক অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ ভাঙি পেলোৱাৰ লগতে প্ৰশাসনে বেদখলমুক্ত কৰা চৰকাৰী মাটি ব্যৱহাৰ কৰি আৰম্ভ কৰা খেতিবাতিও জেচিবিৰ সহায়ত নষ্ট কৰি উচ্ছেদ অভিযান চলাই৷ পূৰ্ৱে কেবাবাৰো উচ্ছেদ অভিযান চলোৱাৰ পিছতো এইদৰে পুণৰ ঘৰ সাঁজি বসবাস  কৰিবলৈ চেষ্টা কৰাৰ

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিধায়ক ভৱেশ কলিতা

Image
প্ৰতিবেদক , ৰঙিয়া ১৭ মে' : ৰঙিয়া সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ লৈ একেৰাহে সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা বিধায়ক ভৱেশ কলিতাই আজি ৰঙিয়া টাউনৰ মাজমজিয়াৰ পাচ নং ৱাৰ্ডত অৱস্থিত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰখন পৰিদৰ্শন কৰে। এই সময়ছোৱাত বিধায়ক কলিতাই আনটাইড আঁচনিৰ পৰা অননুমোদিত বিশ লাখ টকাৰ নিৰ্মাণ পকীবেৰৰ বাবে আৱন্টিত কামৰ অগ্রগতিৰ বুজ লয়। পৰিদৰ্শনৰ সময়ত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ নৱ-নির্বাচিত সাধাৰণ সম্পাদক মুকুতানন্দ ভট্টাচার্য্যৰ লগতে জিলা ক্ৰীড়া সন্থাৰ কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতত খেলপথাৰখনৰ আন্তঃগাথনিৰ উন্নয়নৰ সম্পর্কে বিভিন্ন আলোচনাত মিলিত হয়।এই আলোচনা কালত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ভট্টাচার্য্যই স্হানীয় বিধায়ক কলিতাক খেলপথাৰ খনৰ উত্তৰ দিশত বৰলীয়া নৈৰ গৰাখহনীয়া প্ৰতিৰোধ, পূৱ দিশত অবৈধ বেদখল মুক্ত লগতে খেলপথাৰখনৰ মানদণ্ড উন্নতকৰণ , পেভিলিয়ন, ইণ্ডোৰ গেমচ্ ভৱন, দৰ্শকৰ বাবে গেলাৰী আৰু চুইমিং পুলৰ নিৰ্মাণৰ বাবে যাৱতীয় সকলো ধৰণৰ সহযোগ আগবঢ়াবলৈ বিধায়ক গৰাকীক অনুৰোধ জনায়। এনেক্ষেত্ৰত বিধায়ক কলিতাই তেওঁৰ কাৰ্যকালত উক্ত সমস্যাসমূহ আলোচনা মৰ্মে স

স্বাস্থ্য মন্ত্ৰীৰ গৃহ জিলাতে কৰ’নাক লৈ ল’ৰা-ধেমালি ধিং পৌৰ সভা আৰু এফ আৰ ইউ কৰ্তৃপক্ষৰ≈≈কন্টেইনমেন্ট জ'ন ঘোষণাৰ পিছতো কৰা নাই ছেনিটাইজেছন

Image
ল নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাৰ দ্বিতীয়টো লহৰে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত দ্ৰুত গতিত কৰ’নাত আক্ৰান্তৰ সংখ্যাই চাৰি হাজাৰ সীমা অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যু হৈছে ডেৰ কুৰি লোকৰ ৷ সেয়ে জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰী নিৰ্দেশত বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে ৷ কৰ’নাৰ এনে এক জটিল পৰিস্থিতিৰ মাজতে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অধীনস্থ ধিং পৌৰসভাৰ এলেকাৰ নামডুমডুমীয়া সত্ৰ(ভকতগাঁও)ৰ একাংশ অঞ্চলক স্থানীয় প্ৰশাসনে ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা বাবে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ কিন্তু এই ঘোষণাৰ আজি নৱম দিনত ভৰি দিলে যদিও আজিকোপতি ধিং অঞ্চলৰ উক্ত বৃহৎ গাঁওখনক স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক'ভিড অতিমাৰী ৰোগৰ স্বাস্থ্য বিধি উলংঘা কৰি ছেনিটাইজ নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে । অভিযোগ মতে, ধিং পৌৰ সভাৰ দায়িত্বত থকা ৰাজহ চক্ৰ বিষয়া আৰু ধিং এফ আৰ ইউৰ অধীক্ষক গৰাকীৰ চৰম দায়িত্বহীনতা আৰু উদাসীনতাৰ বাবেই ক'ভিডৰ ভয়াবহ সময়ত এনে জনবিৰোধী কাম সংঘটিত হৈছে । আচলতে, মহামাৰী কৰ’নাৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰা

কমলপুৰত বহুজাতিক প্ৰতিষ্ঠানৰ ক'ভিড প্ৰট'কল ভংগ।

Image
পঙ্কজ নাথ, চাংসাৰি, ১৭ মে : ৰাজ্যত কভিডৰ দ্ৰুত সংক্ৰমণৰ সময়ত কামৰূপ জিলা অন্তৰ্গত কমলপুৰৰ এক বহুজাতিক প্ৰতিষ্ঠানত ভংগ চৰকাৰৰ কভিড বিধি। কমলপুৰৰ ইয়ক প্ৰিন্ট নামৰ উদ্যোগটোৱে ভংগ কৰিছে চৰকাৰৰ কভিড বিধি। উদ্যোগ প্ৰতিস্থানটোৱে ৰাজ্য চৰকাৰৰ ক'ভিড নীতি উলংঘা কৰি দিনে নিশাই চলাই গৈছে উদ্যোগৰ কাম কাজ। জানিব পৰা মতে উদ্যোগটোৰ ৪ আৰু ৫ নম্বৰ ইউনিতৰ ইতিমধ্যে বহুকেইজন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে মাৰাত্মক ক'ভিড ৰোগ। তাৰ পৰিপ্ৰেক্ষিতত কমলপুৰ অঞ্চলত বহু লোক আক্ৰান্তও হৈছে ক'ভিড ৰোগত। তৎসত্বেও এতিয়াও চৰকাৰৰ কভিড নীতিক ভেঙুচালি কৰি উদ্যোগটোৰ কতৃপক্ষই অনায়াসে কাম কাজ চলাই নিয়াৰ একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে। এতিয়া উদ্যোগটোৰ এনে কামকাজৰ পৰা শংকিত হৈ পৰিছে কমলপুৰ অঞ্চলবাসী ৰাইজ। আনফালে উদ্যোগটোৰ কৃৰ্ত্তিপক্ষ‌ই  এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে। সেয়েহে এই সকলো দিশৰ ওপৰত নজৰ দি শীঘ্ৰেই এই উদ্যোগটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা ও আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে অঞ্চলবাসী সচেতন ৰাইজে। এতিয়া ইয়াৰ বিষয়ে অৱগত হোৱাৰ পিছত এই বহুজাতিক উদ্যোগটোৰ ওপৰত কামৰূপ জিলা ও আৰক্ষী প

কভিডৰ সংক্ৰমণ ৰোধৰ বাবে ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰ আৰু ধূমপান ৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ আহ্বান

Image
গুৱাহাটী, ১৭ মে: "ধূমপান বা ধঁপাত জাতীয় বস্তু সেৱন কৰাৰ ফলত উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাৰ আশংকা থাকে। হাৰ্ট এটেক আৰু হৃদৰোগৰ ভয়াৱহতা বৃদ্ধি পাব পাৰে। ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত কভিড 19 ৰ সংক্ৰমনে গুৰুতৰ ৰূপ ধাৰণৰ আশংকা বহুগুণে বৃদ্ধি কৰে। এই ভাষ্য ৰাজ্যত *বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰ* ৰ। সোমবাৰে ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে' (বিশ্ব উচ্চৰক্তচাপ দিৱস) উপলক্ষে বৰ্তমানৰ কভিডজনিত ভয়াৱহ পৰিস্থিতিৰ লগত সংগতি ৰাখি গুৱাহাটীৰ হায়াত হাস্পতালৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ মজুমদাৰে ৰাজ্য বাসীলৈ কেতবোৰ পৰামৰ্শ আগবঢ়াই কয় কভিড 19ৰ সংক্ৰমন ৰোধৰ লগতে ধঁপাতজাতীয় বস্তু ব্যৱহাৰৰ ফলত হব পৰা ৰোগ আৰু মৃত্যুৰ পৰা প্ৰতিজন লোকক ৰক্ষা কৰিবলৈ 'কটপা-২০০৩'  ক অধিক শক্তিশালী কৰি ধঁপাত জাতীয় বস্তুৰ সহজলভ্যতাৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষবৰ্ধন ক আহ্বান জনালোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে হাইপাৰটেনশ্যন , কাৰ্ডিয়ভাস্কুলাৰ আৰু দীৰ্ঘস্থায়ী ৰোগত আক্ৰান্ত লোক কভিড 19 ৰ সংক্ৰমণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ শংকা বেছি। কভিড 19 ৰ সংক্ৰমণ ৰোধ আৰু জ

বজালীত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

Image
সঞ্জীৱ দাস, বজালী, ১৭ মে': আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে কৃষিজাত সামগ্ৰী (ৰাসায়নিক সাৰ) ৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰা, মাটিৰ খাজনা সম্পূৰ্ণ ৰেহাই দিয়া আৰু গৰম বন্ধৰ পাছত যদি চৰকাৰী বিদ্যালয়সমূহ নোখোলে, তেন্তে ব্যক্তিগত বিদ্যালয়ৰ দৰে চৰকাৰী বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীক অনলাইন মাধ্যমৰ জৰিয়তে শিক্ষা  প্ৰদান কৰাৰ দাবীত বজালী জিলা উপায়ুক্তৰ  জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰে। উল্লেখ্য যে, সম্প্ৰতি ক'ৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত কৃষকসকল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ ক্ষতি হোৱাৰ পৰিপ্ৰেক্ষিতত আজি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস স্বাক্ষৰিত এই স্মাৰক পত্ৰখন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

অশান্ত সময়ত মানুহৰ মন জীপাল কৰাৰ যেন প্ৰয়াস কৰিছে প্ৰকৃতিয়ে ৷ ৰং বিৰঙৰ ফুলেৰে সজাই তুলিছে নলবাৰী আকাশ ৷

Image
 কৰোণাই সৃষ্টি কৰা  সংশয়  , উদ্বেগ,আৰু সন্দেহৰ মাজতে   যেন প্ৰকৃতিয়ে  মানুহৰ মাজলৈ আনিছে  কিছু আশাব্যঞ্জক বতৰা  ৷   নলবাৰী এতিয়া প্ৰকৃতিৰ ৰং বিৰঙী ফুলেৰে জাতিস্কাৰ  ৷ চৌদিশে বহিছে  নানাৰঙী ফুলৰ মেলা ৷  কৰোণাৰ বাবে গৃহবন্দী মানুহৰ  মনত কিছু প্ৰশান্তি  বিয়পাই  জীৱনত আশাৰ সঞ্চাৰ  কৰিবৰ বাবেই যেন  নীৰবে সাজিকাঁচি ওলাইছে  নিৰ্মল প্ৰকৃতি ৷  সংগোপনে  ৰূপ সলনি হৈছে প্ৰকৃতিৰ ৷  আকাশ ভৰি ফুলা  কৃষ্ণচূড়া  ,  ৰাধাচূড়া  ,  সোণাৰু , এজাৰৰ  হেজাৰ হেজাৰ পাহিয়ে  ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ ৷  প্ৰকৃতিৰ ৰঙত মায়াময় হৈ পৰিছে নলবাৰীত৷ ফুলিছে  কৃষ্ণচূড়া  আৰু   এজাৰ  ৷ পিছে বেজাৰ  লগাবলৈ নহয় ৷  কৰোণাসৃষ্ট মনৰ পৰা  অৱসাদ আঁতৰাবলৈ   গছ ভৰি ফুলিছে এজাৰ ৷   ""এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ '',,,,,,,,,,,,,,,, ইফালে বাৰিষাৰ  আৰম্ভনিৰ সেমেকা  পৰিবেশতো  জিলিকিছে সোনাৰুৰ হালধীয়া হাঁহি ৷  তলসৰা ফুলে যেন  পাতি দিছে ৰঙৰ  দলিচা  ৷ কৃষ্ণচূড়া,  ৰাধাচূড়া,  এজাৰ,  সোণাৰুৰ  ফুলে  পুলকিত কৰি তুলিছে   পথচাৰীৰ মন  ৷ মায়ময় প্ৰকৃতিৰ  সৃষ্টিৰ বতৰা আগত লৈ  পথচাৰীয়ে ৰচিছে কবিতা ৷  ন ন ৰূপত যেন   সলনি হয় 

জামুগুৰিহাটত হিমন্ত বিশ্ব শৰ্মাৰ আধাৰশিলা ভাঙিলে দূস্কৃতিকাৰীয়ে ৷# চতিয়াৰ চৰ চাপৰিত সন্দেহজনক নাগৰিকৰ দপদপনি অব্যাহত

Image
 জামুগুৰিহাটত  হিমন্ত বিশ্ব শৰ্মাৰ আধাৰশিলা ভাঙিলে দূস্কৃতিকাৰীয়ে ৷ # চতিয়াৰ চৰ চাপৰিত সন্দেহজনক নাগৰিকৰ দপদপনি অব্যাহত ৷ -------------------------------------------- চতিয়া সমষ্টিৰ চৌকী ঘাটত কোনো দূস্কৃতিকাৰীয়ে এটি আধাৰশিলা ভাঙি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্যযে যোৱা বৰ্ষত চতিয়া সমষ্টিৰ অন্তৰ্গত চৌকী ঘাটত এখন আইন মহাবিদ্যালয় স্থাপনৰ উদ্দেশ্যৰে  তেতিয়াৰ স্বাস্থ্য, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক পদ্ম হাজৰিকাক লগতলৈ এটি  আধাৰশিলা স্থাপন কৰে ৷ মহাবিদ্যালয়খনৰ কাম কাজ আৰম্ভ নৌহওঁতেই কোনো দূস্কৃতিকাৰীয়ে আধাৰশিলাটো ভাঙি পেলোৱা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ সাংৱাদিকৰ আগত স্থানীয় একাংশ যুৱকে  কয়- সমষ্টিটোৰ চৰচাপৰি অঞ্চলত এটা চক্ৰই দীৰ্ঘদিন ধৰি  চৰকাৰ বিৰোদ্ধি তথা বিভিন্ন অসমাজিক কাম কাজত জৰিত হৈ আহিছে ৷ সমষ্টিটোৰ দীঘলি চাপৰী,গটাইমাৰী,চৌকী ঘাট,লুঙিবজাৰৰ পৰা যোৱা বৰ্ষত ৫২২ টা সন্দেহজনক পৰিয়ালক উচ্ছেদ কৰি সেই ভূমি স্থানীয় নিবনুৱা সকলক কৃষি কৰ্মৰ বাৱে চৰকাৰে  আবণ্টন দিয়াৰ লগতে চৌকী ঘাটত এখন আইন মহাবিদ্যালয়

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ পুঠিমাৰী নদীৰ মথাউৰি পৰিদৰ্শন

Image
পঙ্কজ নাথ, চাংসাৰি, ১৬ মে : আজি জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই পুঠিমাৰীৰ নদীৰ নৱ নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰে । যোৱা ২০১৯ - ২০ চনত পুঠিমাৰী নদীৰ মথাউৰি ছয় ঠাইত চিঙাৰ ফলত অঞ্চলজুৰি আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল।সেয়েহে বাৰিষাৰ পূৰ্বে মন্ত্ৰীৰ দায়িত্ব লৈয়ে প্ৰথমটো ক্ষেত্ৰ পৰিদৰ্শন কৰে।মথাউৰিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও কিছু কাম এতিয়াও বাকী আছে  যিহেতু এতিয়া  বাৰিষা সমাগত সেয়েহে মাটি কটাত কিছু অসুবিধাৰ সৃষ্টি হৈছে।অহা বছৰৰ পৰা যিসকলে মথাউৰিৰ ঠিকা কৰিব তেওঁলোকে চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।।ঠিকাদাৰ আমাৰ বন্ধুও নহয় শত্ৰুও নহয় ,তেওলোকক সময় দিয়া হব ।  কিন্তু যিসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰিব নোৱাৰিব সেইসকলক জলসম্পদ বিভাগৰ পৰা অনুজ্ঞাপত্ৰ বাতিল কৰা হব বুলিও কয়।মথাউৰি পৰিভ্ৰমণ কৰাৰ সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে হাজোৰ দুটা ভগ্ন মথাউৰিও পৰিদৰ্শন কৰে আৰু এই পৰিদৰ্শন কালত সংগ দিয়ে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগত

মাখিবাহা কভিড হস্পিতালক ৰোগীৰ প্ৰশংসা

Image
যি সময়ত একাংশ কোভিড হস্পিতালৰ বিৰুদ্ধে  চিকিৎসকে  ৰোগীক অৱহেলা কৰা,  সঠিক ভাবে চিকিৎসা নকৰা, ৰোগীৰ কোঠা সমূহ চাফ-চিকুন নকৰা, ৰোগীক সময়মতে খাদ্যৰ যোগান নধৰা আদি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে সেই সময়তে ইয়াৰ এখন সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে নলবাৰী জিলাৰ  মাখিবাহা স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত  । মাখিবাহা  মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কোভিড ৰোগীৰ বাবে নিয়োজিত চিকিৎসক চিকিৎসালয় খনৰ  উপ অধীক্ষক ডা.উদয় শঙ্কৰ  মেধিৰ তত্বাৱধানত ডা.দ্বীপজ্যোতি পাঠক, ডা.দেবজিত ডেকা , ডা.তাপস কলিতা আৰু কেইবাগৰাকী নাৰ্চৰ লগতে  চিকিৎসা কৰ্মী  সকলে দিনে-নিশাই কভিড ৰোগীক সেৱা আগবঢ়াই অহাৰ লগতে প্ৰতিটো মুহুৰ্তত স্বাস্থ্য পৰীক্ষা কৰি উন্নত মানৰ চিকিৎসা প্ৰদান কৰা বুলি ৰোগীৰ পৰা জানিব পৰা গৈছে  । আনহাতে চাফাই কৰ্মী সকলে প্ৰতি মুহুৰ্ততে ৰোগীৰ কোঠা সমূহ চাফ চিকুন কৰাৰ উপৰিও ৰোগীৰ বিচনা-পত্ৰ সমুহ চাফ-চিকুনকৈ ৰখা বুলি জানিব পৰা গৈছে  । কভিড ৰোগী সমূহক সময়মতে উন্নত মানৰ খাদ্যৰ যোগান ধৰাৰ লগতে ৰোগী সকলক কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন চিকিৎসালয় কতৃপক্ষই  হব নিদিয়া বুলি চিকিৎসাধীন কভিড ৰোগীয়ে জনাইছে । উক্ত

# পশ্চিম নগাঁৱৰ গ্ৰামাঞ্চলত কৰ’নাৰ দ্ৰুত সংক্ৰমণ≈≈নিজ হাতীচোং পঞ্চায়তৰ গাঁৱে গাঁৱে ছেনিটাইজিং#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাৰ দ্বিতীয়টো লহৰে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত প্ৰতিদিনে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ বাঢ়িছে কৰ’নাই প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যাও ৷ প্ৰথমাৱস্থাত কৰ’নাৰ সংক্ৰমণ চহৰাঞ্চলতে সৰ্বাধিক আছিল যদিও শেহতীয়াভাবে ইয়াৰ সংক্ৰমণ গ্ৰামাঞ্চলত দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ জিলাখনৰ পশ্চিম প্ৰান্তত বিগত এপষেক মানৰ পৰা কৰ’নাত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰাত গঞাৰাইজ আতংকিত হৈ পৰিছে ৷ বৰ্তমানলৈকে পশ্চিম নগাঁৱৰ বিভিন্ন প্ৰান্তত কেইবাশতাধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে কেইবাজনো লোকৰ অকাল মৃত্যু ঘটা ঘটনাই উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে ৷ সেয়ে এই গ্ৰামাঞ্চলসমূহত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ অৰ্থে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিছে ৷ ইয়াৰ মাজতে দেওঁবাৰে সচেতনতামূলক ব্যৱস্থা হিচাপে নিজ হাতীচোং গাঁও পঞ্চায়তত ছেনিটাইজিং কৰা হয় ৷ পুৱাৰে পৰা পঞ্চায়তটোৰ সভাপতি অভিজিৎ মেধী আৰু গ্ৰাম ৰোজগাৰ সহায়ক দেৱেশ্বৰ বৰাৰ তৎপৰতাত পঞ্চায়টোৰ কন্টেইনমেন্ট