কনটেইনমেন্ট জ’নত থকা পাখিৰীগুৰি গাঁৱৰ বাসিন্দাক খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰিলে ভেলাখামাৰৰ এদল যুৱকে

আনৰ দুখত দুখী হ’ব পৰাটোৱে জীৱনৰ আচল মহত্ব ৷ যি মহত্বত লুকাই থাকে প্ৰকৃত মানৱতা ৷ আজি সেই মানৱতাৰে উৎকৃষ্ট চানেকি দেখুৱালে গোৱালপাৰা জিলাৰ কৃষ্ণাই ভেলাখামাৰৰ এদল কৰ্মদ্যোমী যুৱকে ৷ গাওঁখনৰ হৃদয়বান যুৱক ক্ৰমে প্ৰশান্ত কুমাৰ দেৱ নাথ , অপূর্ব ৰায় , বিক্ৰম সিংহ , কঁপিল সিংহ , মাধৱ ৰাভা , নিৰ্মল শৰ্মা , পংকজ শৰ্মা, গকুল ৰায় ,সঞ্জয় ৰায় আৰু সহদেৱ ৰায়ে আজি দুপৰীয়া নিজৰ গাঁঠিৰ ধন ভাঙি একোটিকৈ খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ালে কনটেইনমেন্ট জ’নত থকা পাখিৰীগুৰি গাঁৱৰ কৰ’না আক্ৰান্ত ৰাইজক ৷ হয়, জিলাখনৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰীগুৰি গাঁও খনত সম্প্ৰতি কৰ’নাৰ গণ সংক্ৰমণ ঘটিবলৈ আৰম্ভ কৰিছে ৷ ইতিমধ্যে গাওঁ খনৰ মুঠ ৩৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত ৮ মে’ত জিলা প্ৰশাসনে পাখিৰীগুৰি অঞ্চলটোক কনটেইনমেন্ট জ’ন ঘোষণা কৰি ছীল কৰি দিয়ে ৷ ইয়াৰ ফলত প্ৰায় পঞ্চাশ শতাংশ দৈনিক শ্ৰমজীৱী লোকে বসতি কৰা গাওঁখনত খাদ্য সংকটে দেখা দিবলৈ আৰম্ভ কৰিছে ৷ প্ৰশাসনৰ পৰা বিশেষ সাহায্য লাভ নকৰা পাখিৰীগুৰি গাওঁবাসীৰ কাষত সেয়ে এনেদৰে থিয় দিলে ভেলাখামাৰৰ যুবকৰ দলটো ৷ সচেতন মহলে যুৱকৰ দলটোৰ উদ্যোগক ভূয়সী প্ৰশংসা কৰিছে ৷ 


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা