এনআৰচিৰ পুনৰীক্ষণৰ আবেদন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি গ্ৰামীণ শ্ৰমিক সন্থা প্ৰতিবাদ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে’: এনআৰচিৰ পুনৰীক্ষণৰ প্ৰতিবাদত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই শুকুৰবাৰে ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদ কাৰ্যসূচী সুকলমে ৰূপায়ণ কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও, মৰিগাঁও, গোৱালপাৰা, যোৰহাট, ডিব্ৰুগড়, আৰু তিনিচুকীয়া জিলাত সন্থাৰ সদস্য আৰু সমৰ্থক সকলে ক'ভিড নীতি মানি অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ জনায় । আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত সীমামূৰীয়া জিলা সমূহত ২০ শতাংশ আৰু বাকী জিলা সমূহত ১০ শতাংশ এনআৰচি পুনৰীক্ষণৰ কথা ব্যক্ত কৰাৰ বিপৰীতে এনআৰচিৰ অসমৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই এনআৰচিৰ পুনৰীক্ষণৰ যি আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে তাক প্ৰত্যাহাৰ কৰা, বিদেশী ন্যায়াধিকৰণৰ দৰে অৰ্ধ-বিচাৰ ব্যৱস্থাৰ জৰিয়তে ঘোষিত বিদেশী আৰু এন‌‌আৰচিৰ পৰা বাদ পৰা লোকসকলৰ বিচাৰৰ সলনি পূৰ্ণাংগ বিচাৰ ব্যৱস্থাৰ অধীনত বিচাৰ কৰা, ডিটেনশ্যন কেম্প বন্ধ কৰি সেই কেম্পবোৰক পূৰ্ণাংগ ক'ভিড হাস্পাতাললৈ ৰূপান্তৰিত কৰা, "ডি ভোটাৰ"-ৰ দৰে অমানৱীয় আৰু অসাংবিধানিক ব্যৱস্থা বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। শ্ৰমিক সন্থাটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক বিবৃতিৰ জৰিয়তে কয় যে- বহুতো হাৰাশাস্তিৰ সন্মুখীন হৈ অসমৰ ৰাইজে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পৰাৰ আশাত কষ্টকৰ আৰু যন্ত্ৰণাদায়ক এনআৰচি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এনআৰচি পুনৰীক্ষণ সন্দৰ্ভত দাঙি ধৰা বক্তব্য আৰু এনআৰচিৰ অসমৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই অসমৰ ৰাইজৰ গণতান্ত্ৰিক আকাংক্ষাক নেওচি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন ষড়যন্ত্ৰমূলক আৰু সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনীতিৰে পৰিচালিত বুলি অভিহীত কৰি অসমৰ সমাজ জীৱনৰ আত্মীকৰণৰ দীঘলীয়া ঐতিহ্য আৰু সংস্কৃতিৰ ধ্বংসসাধন কৰি দৰাচলতে অসমক পুনৰ পাৰস্পৰিক সন্দেহ, অবিশ্বাস আৰু ঘৃণা-বিদ্বেষৰ স্থায়ী বাতাবৰণ সৃষ্টিৰ মাজেৰে  কৰ্প'ৰেটৰ স্বাৰ্থত লুণ্ঠন-শোষণৰ বাট মুকলি কৰিবলৈ যো-জা চলাইছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা