বিদ্যুৎ কৰ্মী সকলক সম্বৰ্ধনা

আজি মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট APDCL ৰ অধীনত দুৰাবান্ধী গাঁৱত প্ৰায় এমাহ ধৰি এই অঞ্চলত ট্ৰাঞ্চফাৰ্মাৰ বিকল হোৱাত অন্ধকাৰ হৈ আছিল। সুখৰ খবৰ এই যে বিদ্যূৎ কৰ্মী সকলে নিজৰ জীৱনৰ কথা নাভাবি  covid protocol ৰ সময়ত দিনে ৰাতি একাকাৰ কৰি ৰাইজৰ হকে কাম কৰিবলৈ সক্ষম হয়। উল্লেখনীয় বিষয় এই যে এই অঞ্চলৰ ৰাইজে নৱগঠিত চৰকাৰৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ High voltage আঁচনিৰ অধীনত নতুন transfermar যোগান ধৰাৰ কাৰনে দুৰাবান্ধী বিজুলী গ্ৰাহক সুৰক্ষা সমিতিয়ে নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মৈৰাবাৰীৰ বিদ্যুৎ কৰ্মী সকলক তেওঁলোকৰ জীৱন যাতে সদায় পোহৰ হৈ থাকে তাৰে কামনা কৰাৰ লগতে বিদ্যুৎ কৰ্মী সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনাৰ পিছত বিদ্যুৎ কৰ্মী ছুৰেন কৰ্কীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে যে তেওঁৰ কৰ্মৰত অৱস্থাত প্ৰথম বাৰৰ বাবে সম্বৰ্ধনা পাই অঞ্চল বাসীক ধন্যবাদ জ্ঞাপন কৰি জনসাধাৰণক বিদ্যুৎ সম্পৰ্কে বিতংভাৱে বুজাই দিয়ে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা