নাবালিকা চুমিলা ৰংহাংপীৰ হত্যাৰ গোচৰ ক্ষীপ্ৰতৰ কৰাৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ মে’: সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, কাৰ্বি নিমচ ছিংথুৰ আছং, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, অসম মহিলা সংঘ, নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থা, নগাঁও ডিষ্ট্ৰিক কাৰ্বি অৰ্গেনাইজেচন, নগাঁও কাৰ্বি ছাত্ৰ সন্থা, কপিলী কলং লামেট আমেই আৰু সংখ্যা লঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনে গঠিত জাষ্টিচ ফ'ৰাম ফৰ অপ্ৰেছডৰ মুখ্য আহ্বায়িকা তথা প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাৰ নেৰ্তৃত্বত এটি সজাতিৰ দলে বৃহস্পতিবাৰে নাবালিকা চুমিলা ৰংহাংপিৰ নৃশংস হত্যাৰ গোচৰ ক্ষীপ্ৰতৰ কৰাৰ দাবী নগাঁও জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ এক প্ৰেছ বিবৃতিৰ জৰিয়তে জাষ্টিচ ফ'ৰাম ফৰ অপ্ৰেছডৰ মুখ্য আহ্বায়িকাগৰাকীয়ে এই কথা জানিবলৈ দিছে ৷ স্মাৰক পত্ৰখনৰ জৰিয়তে যোৱা ২২ এপ্ৰিলত হত্যা কৰা ১২ বছৰীয়া নাবালিকা চুমিলা ৰংহাংপীৰ হত্যাৰ অভিযোগত অভিযুক্ত প্ৰকাশ বৰঠাকুৰ, নয়নমনি বৰঠাকুৰ, ৰীনা বৰঠাকুৰৰ ওপৰত ৰহা থানাই যি সমূহ ধাৰা যুক্ত কৰিছে, সেই ধাৰা সমূহৰ লগতে POCSO act 2012,(section 4,)Child and Adalestion labour (Prohibition and Registration )Act 2015 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ নং ধাৰা যুক্ত কৰা, চুমিলা ৰংহাংপীৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত বিচাৰ কৰাৰ দাবী পনৰবাৰ উত্থাপন কৰিছে সংগঠনকেইটাই ৷ তদুপৰি ফ'ৰামে প্ৰত্যেকখন থানাত সংগ্ৰামৰত মহিলা সংগঠনৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰি মহিলা কোষ গঠন কৰা আৰু এই কোষৰ জৰিয়তে নিৰ্দিষ্ট থানা এলেকাৰ যিবোৰ পৰিয়ালত ঘৰুৱা বনকৰা মহিলা আছে তেওঁলোকৰ পঞ্জীয়ন কৰাৰো দাবী জনাই ৷ ইয়াৰ লগতে সজাতি দলটোৱে আৰক্ষী অধীক্ষকক অভিযুক্ত কেইজনক বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত জামিন প্ৰক্ৰিয়া বন্ধ কৰি ৰখা দাবীও উত্থাপিত কৰে আৰু আৰক্ষী অধীক্ষকেও এই কথাত সহমত পোষণ কৰে বুলি সজাতি দলটোৱে জানিবলৈ দিছে ৷ স্মাৰক পত্ৰ প্ৰদানৰ সজাতি দলটোত কাৰ্বি নিমচ ছিংথুৰ আছঙৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীৰ লগতে প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ হৈ পৰী কুমাৰী বৰুৱা, আয়েফা বেগম, আৰু উমা পাতৰে অংশ গ্ৰহণ কৰে ৷ ইফালে, যোৱা ৪ মে’ত লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত থেকেৰাগুৰি গাঁৱৰ নাবালিকা দীপশিখাৰ হত্যাকাণ্ডৰ তীব্ৰ ভাষাৰে প্ৰতিবাদ জনায় সংগঠনকেইটাই ৷
Comments
Post a Comment