ৰঙিয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ আসক্ত যুৱক

ৰাইজৰ অভিযোগ আৰক্ষী তথা একাংশ ফাৰ্মাচীৰ বিৰুদ্ধে 

প্ৰতিবেদক, ৰঙিয়া, ২৯ মে': ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কিন্তু ইয়াৰ মাজতো ৰঙিয়াত আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি একাংশ দুস্কৃতিকাৰীয়ে অবাধে চলাই গৈছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো প্ৰতিদিনেই আটক হৈ আছে ড্ৰাগছ সৰবৰাহকাৰী,ইয়াৰ মাজতে আজি ৰঙিয়াৰ নিকটৱৰ্তী কৰৰা আৰু উদিয়ানাত দুজন অতি কমবয়সীয়া যুৱকক চিৰিঞ্জ আৰু কন্টেইনাৰসহ ৰাইজে আটক কৰি ৰঙিয়া আৰক্ষীক চমজাই দিয়ে। ধৃত যুৱক দুজন তুলসীবাৰীৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে । এজৰ নাম আঙ্কুচ দাস (১৪) আৰু আনজন তেওঁৰেই সহযোগী। লক্ষণীয়ভাৱে ৰঙিয়াত আটকাধীন প্ৰতিজন ড্ৰাগছ আসক্তই ৰাজা আৰু গাগা নামৰ দুজন মুখ্য সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰা বুলি জনাই  । কিন্তু এনে কি ৰহস্যজনক কাৰণত আৰক্ষীয়ে এই অপৰাধী কেইজনক এতিয়ালৈকে আটক কৰিব পৰা নাই সেয়াহে চিন্তনীয় । আজি ড্ৰাগছ আসক্ত যুৱক দুজনক আটক কৰাৰ পিচতেই ৰঙিয়া ৰেল জংচনৰ সমীপৰ ৰজাৰবাৰী অঞ্চলত এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয় । ৰাইজে আৰক্ষীৰ লগতে অবৈধভাৱে চিৰিঞ্জ আৰু কন্টেইনাৰ বিক্ৰী কৰা একাংশ ফাৰ্মাচীৰ বিৰুদ্ধেও সৰৱ হৈ পৰা দেখা যায় । এইক্ষেত্ৰত ৰাইজে অনতিপলমে মূল অপৰাধীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে দাবী জনাইছে প্ৰশাসনক।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা