বটদ্ৰৱাৰ কন্টেইনমেন্ট জ’নৰ আৱাসিৰ মাজত সামগ্ৰী বিতৰণ সাংসদ গৌৰৱ গগৈৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে’: মহামাৰী কোৰ’নাৰ দ্বিতীয়টো লহৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো এক জটিল সমস্যাৰ সৃষ্টি কৰিছে ৷ কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে এছ অ’ পিৰ জৰিয়তে বিভিন্ন নীতি-নিৰ্দ্দেশনা আৰোপ কৰাৰ বিপৰীতে কৰ’নাৰ সংক্ৰমণ অধিক হোৱা অঞ্চলক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। এই কন্টেইনমেন্ট জ’নত বস-বাস কৰা লোকসকলৰ সুবিধাৰ্থে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি অহাৰ সমান্তৰালকৈ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানেও সাহায্য প্ৰদান কৰি আহিছে ৷ কৰ’নাৰ এনে সংকটময় পৰিস্থিতিৰ মাজতে শুকুৰবাৰে সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই বটদ্ৰৱাৰ কন্টেইনমেন্ট জ’নত থকা পৰিয়াল সমূহক চাউল, দালি, মিঠাতেল, আলু, নানা বিধৰ পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়। তদুপৰি সাংসদ গৌৰব গগৈয়ে সমষ্টিটোৰ বিভিন্ন ৰাজহুৱা স্থানত ছেনিটাইজেচন কৰাৰ ব্যৱস্থা গ্ৰহন কৰে। সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৰাকীয়ে চৰকাৰক অতি সোনকালে ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোককে ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক নগা দুৰ্বৃত্তই চলোৱা আক্ৰমৰ গৰিহণা দি এক উচিত তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে।
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা