কৃষ্ণাইৰ আৰিমাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাঃদুই আৰোহী গুৰুতৰ ভাৱে আহত
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আৰিমাৰাত আজি সন্ধিয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷
এখন মটৰ বাইক আৰু এখন চাইকেলৰ মাজত সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷
এই দুৰ্ঘটনাত দুয়ো জন আৰোহী গুৰুতৰ ভাৱে আহত হয় ৷ ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ গুৰুতৰ ভাৱে আহত লোক দুজনক উদ্ধাৰ কৰি ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰে মটৰ বাইক আৰোহীজনৰ অৱস্থা অতি সংকটজনক ৷ দুৰ্ঘটনাগ্ৰস্থ বাইক খনৰ নম্বৰ As-01BE-2594
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report
Comments
Post a Comment