জামুগুৰিহাটত আৰম্ভ ১৮ৰ পৰা ৪৪ ব্যক্তিক কভিড প্ৰতিশেধক প্ৰদান কাৰ্যসূচী

১৮ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ ব্যক্তিৰ মাজত আৰম্ভ কৰা কভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে শোণিতপুৰ জিলাৰ  জামুগুৰিহাটত । আজি উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধিনত স্থানীয় উত্তৰ জামুগুৰি সাহিত্য সভা ভৱন আৰম্ভ হৈছে প্ৰতিশেধক প্ৰদান কাৰ্যসূচী ‌। ইতিমধ্যে অনলাইন মাধ্যমেৰে নিজৰ নাম অন্তৰ্ভূক্ত কৰা সকলৰ মাজৰ পৰা প্ৰায় ২০০ গৰাকী লোকক আজি প্ৰতিশেধক প্ৰদান কৰা হয় । ঠিক একেদৰে উত্তৰ জামুগুৰি প্ৰাৰ্থমিক স্বাস্হ কেন্দ্ৰৰ অধিনত শলগুৰি প্ৰাথমিক বিদ্যালয়ত অনুৰূপ ধৰণে অনুষ্ঠিত এক শিবিৰতো মুঠ ২০০( দুশ) গৰাকী লোকক কভাকচিন প্ৰতিশেধক প্ৰদান কৰা হয় । উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে বৰ্তমানলৈকে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাটোপনিৰত ১২৪ গৰাকীৰ দেহত কভিড প্ৰজেটিভ পোৱা গৈছে । ইয়াৰে দুগৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে । উল্লেখযোগ্য যে আজিৰ এই প্ৰতিশেধক প্ৰদান কাৰ্য্যসূচীত দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ মূঢ়াদল যুৱ মৰ্চা আৰু উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ বিষয় ববিয়াই সহযোগিতা আগবঢ়ায় ।

জামুগুৰিহাটৰ পৰা জোন বৰা৭ মে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা