হোমেন বৰগোহাঞিৰ মৃত্যুত সাংবাদিক সুৰক্ষা মঞ্চৰ শোক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ মেঃ অসমৰ সংবাদ জগতৰ মহীৰূহ তথা প্ৰথিতযশা সাহিত্যিক, কথাশিল্পী হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে। অসমৰ সংবাদ আৰু সাহিত্য জগতখনলৈ অভূতপূৰ্ব অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত কেৱল সংবাদ আৰু সাহিত্য জগতখনৰে নহয় অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি বিপুল মেধি আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ। এক শোক বাৰ্তাত সাংবাদিক সংগঠনটোৱে বৰগোহাঞিৰ মৃত্যুৱে অসমৰ সংবাদ জগতে অভিভাৱকত্বহীন হৈ পৰা বুলি উল্লেখ কৰি সংবাদ আৰু সাহিত্য জগতৰ তেওঁ আগবঢ়োৱা অৱদানে নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ ৰ'ব বুলি উল্লেখ কৰে। ৮৭ বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰা বৰগোহাঞিৰ মৃত্যুত সাংবাদিক সুৰক্ষা মঞ্চই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা