ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া, প্ৰাক্তন ফুটবলাৰ, বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বৰাৰ জীৱনাৱসান

# ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া, প্ৰাক্তন ফুটবলাৰ, বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বৰাৰ জীৱনাৱসান#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে’: নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ খাটোৱাল গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী, ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা প্ৰাক্তন সুদক্ষ ফুটবলাৰ থানেশ্বৰ বৰাৰ শুকুৰবাৰে পুৱা প্ৰায় ৫-৩০ বজাত নিজ বাসগৃহত জীৱনাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ । বিশিষ্ট ব্যক্তিগৰাকীৰ বিয়োগত সমগ্ৰ হাতীচোং মৌজাতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ ভাৰতীয় ৰে’ল বিভাগৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়াৰূপে অৱসৰ লোৱা থানেশ্বৰ বৰা একালত এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ ৰূপে জিলিকি উঠিছিল ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহনৰ পিছৰে পৰা বৃহত্তৰ চকলাঘাট অঞ্চলৰ সমাজ জীৱনৰ লগত সক্ৰিয়ভাবে সাঙুৰ খাই পৰা বৰা অঞ্চলৰ প্ৰায়বোৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি সমাজত সেৱাত নিজকে নিয়োজিত কৰি আহিছিল ৷ ২০১৫ চনত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ কাৰ্যকৰী সভাপতিৰ দৰে গুৰু দায়িত্ব লৈ উৎসৱটি সাফল্যমণ্ডিত কৰাৰ লগতে তেওঁ প্ৰয়াত পিতৃ ৰবিধৰ বৰাৰ সোঁৱৰণত শিক্ষানুষ্ঠানখনৰ মূল তোৰণ ভাগ দান কৰি মহানুভৱতাৰ পৰিচয় দিছিল ৷ তদুপৰি চকলাঘাট শাখা সাহিত্য সভাৰ উপদেষ্টা ,  হাতীচোং কস্তৰবা মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতিৰ লগতে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট ৰাস মন্দিৰ, চকলাঘাট আঞ্চলিক ক্ৰীড়া সন্থাকে ধৰি বিভিন্ন অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ  দায়িত্ব পালন কৰি যোৱা বৰা বিগত কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল ৷ আজি পুৱা তেওঁৰ মৃত্যুৰ পাছত স্থানীয় বিধায়িকা শিৱামনি বৰাৰ লগতে চকলাঘাট অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া সকল তেওঁৰ বাসগৃহত উপস্থিত হৈ ক’ভিড প্ৰট’কল মানি এক শোক সভাযোগে তেওঁৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰাই আঁত ধৰা শোক সভাখনত বিধায়িকা শিৱামনি বৰা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক উৎপল হাজৰিকা, চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষিতেশ্বৰ বৰা, সম্পাদক অনন্ত শইকীয়া, চকলাঘাট শাখা সাহিত্য সভাৰ উপদেষ্টা গম্ভীৰ শইকীয়া, প্ৰাক্তন সম্পাদক ৰঞ্জিত শইকীয়া, নগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি বীৰেন লালুং, দলংঘাট ব্লক মহিলা কংগ্ৰেছ আৰু নিজ হাতীচোং মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট আঞ্চলিক ক্ৰীড়া সন্থা, খাটোৱাল গাঁও নামঘৰ পৰিচালনা সমিতি আদিয়েও শেষ শ্ৰদ্ধা জনায় ৷ ইয়াৰ পাছতে ক’ভিড পৰিস্থিতিৰ বাবে সীমিত সংখ্যক লোকেৰে এটি শোভাযাত্ৰা কৰি তেওঁৰ নশ্বৰদেহ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, চকলাঘাট ৰাস মন্দিৰ, হাতীচোং কস্তৰবা মজলীয়া বালিকা বিদ্যালয় আদিলৈ নি শেষ শ্ৰদ্ধা জনোৱা হয় ৷ বিশিষ্ট ব্যক্তি গৰাকীৰ বিয়োগত সাংসদ গৌৰৱ গগৈ, প্ৰাক্তনমন্ত্ৰী গৌতম বৰা, অগপ নেত্ৰী মামনি বৰা, হাতীচোং কস্তৰবা মজলীয়াৰ প্ৰধান শিক্ষক কনক বৰা, সাংবাদিক সুৰক্ষা মঞ্চৰ সাংগঠনিক সম্পাদক জয়ন্ত মুদৈ, বেবেজীয়া আৰু জাজৰি প্ৰেছ ক্লাৱ, সামাজিক অনুষ্ঠান "বৰগছ", অসম যোগ সংস্থা, শ্বাইন'ছ প্লেয়াৰ্ছ, ক্ৰিয়েশ্বন ক্লাৱ, হাতীচোং পঢ়ুৱৈ চ’ৰাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ  এজন পুত্ৰ, বোৱাৰী, দুই কন্যা, জোঁৱাই, দুই ভাতৃ, নাতি-নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা