নৱ গঠিত চৰকাৰক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অভিনন্দন জ্ঞাপন

নৱ গঠিত চৰকাৰক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অভিনন্দন জ্ঞাপন 

জনজাতিকৰণৰ লগতে  কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান


কোচ ৰাজবংশী জনগোষ্ঠীৰ দুগৰাকী জনপ্ৰতিনিধিক মন্ত্ৰীত্ব প্ৰদানৰ দাবী

বঙাইগাঁওঃ ১১ মেঃ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত বিজেপি মিত্ৰজোটৰ চৰকাৰখনলৈ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পাৰিষদসকলে অভিনন্দন জনাইছে ৷ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন, কাৰ্যবাহী পাৰিষদ প্ৰদীপ কুমাৰ ৰায় ,অতুল ৰায় ,কৰ্মেশ্বৰ ৰায় , পূৰবী সৰকাৰ , সুধীৰ ৰায় , সদস্যা সবিতা সিংহ, বিক্ৰমজিৎ ৰায় আদিয়ে উপস্থিত থাকি নৱ গঠিত চৰকাৰখনলৈ অভিনন্দন জনাই অনাগত দিনত এই অঞ্চলৰ উন্নয়নৰ প্ৰতি চৰকাৰখনে গুৰুত্ব প্ৰদান কৰাৰ লগতে সমস্যাজৰ্জৰ  কোচ ৰাজবংশীসকলৰ বিভিন্ন দাবীসমূহ শীঘ্ৰে সমাধান কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সংবাদ মেলত কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে কয় যে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া যি জনজাতিকৰণৰ দাবী সেই দাবীৰ প্ৰতি নিশ্চয় নৱ গঠিত চৰকাৰখনে গভীৰভাৱে গুৰুত্ব প্ৰদান কৰিব ৷ ইপিনে ইতিমধ্যে যিহেতু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ ঘোষণা কৰা হৈছে আৰু আমাকলৈ অন্তৰ্বৰ্তীকালীন পৰিষদখন গঠন কৰা হৈছে সেয়ে আমাৰ যিখিনি কাম সেইখিনি আগবঢ়াই লৈ যাম ৷ নতুন চৰকাৰখনলৈ আহ্বান জনাই অধ্যক্ষ হিতেশ্বৰ বৰ্মনে কয় যে আমাক অতিশীঘ্ৰে কেইটামান বিভাগ প্ৰদান কৰিব লাগে ৷ তেওঁ পুনৰ নতুন চৰকাৰখনলৈ শুভেচ্ছা জ্ঞাপন কৰি ভূমিৰ অধিকাৰকে ধৰি ভালেকেইটা বিভাগ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদক দিব লাগে বুলি আহ্বান জনায় ৷ লগতে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীটো পূৰণ কৰিব লাগে বুলি কয় ৷ তেওঁ কেএচিৰ যি দায়িত্ব আমাক অৰ্পণ কৰিছে সেই দায়িত্ব আমি অতি সোনকালে ল'ম বুলি  কৈ শপত গ্ৰহণৰ জৰিয়তে দায়িত্ব লোৱাৰ পিচতে আমি কমতাপুৰ স্বায়ত্বশাসিত অঞ্চলৰ কাম - কাজখিনি আৰম্ভ কৰিম বুলিও উল্লেখ কৰে ৷ ইপিনে কেএচিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকলৰ লগতে ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ পৰা বিধান সভাৰ মজিয়ালৈ নিৰ্বাচিত হৈ অহা বিধায়কসকললৈ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আৰু আক্ৰাছুৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো জাতি- জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক লগত লৈ সম বিকাশ আৰু সম উন্নয়ন তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যি চব কা সাথ চব কা বিকাশ শ্লোগান তাক আগত ৰাখি পৰৱৰ্তী পৰ্যায়ত তেওঁৰ কৰ্ম দক্ষতাৰে সকলো সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে ৷ বৰ্মনে কয় যে আমি আনন্দিত হৈছো যে সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছতে তেওঁ সংবাদ মেলত স্পষ্টভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰা হ'ব বুলি কৈছে ৷ ইতিমধ্যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজািকৰণৰ সমস্যাটোক লৈ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত তেওঁক অধ্যক্ষ হিচপে লৈ গঠন কৰি দিয়া মন্ত্ৰীগোটৰ সৈতে আমি কেইবালানিও আলোচনাত মিলিত হৈছিলো আৰু অসম চৰকাৰে কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ সেই প্ৰস্তাৱ কেইটাৰ ভিতৰতে আমি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলাপ আলোচনা কৰি সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত অচিৰেই এটা সমাধনৰ সূত্ৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ লগতে তেওঁৰ নেতৃত্বতে যিহেতু কেএচি গঠন কৰি দিছে, সেয়ে  আন স্বায়ত্বশাসিত পৰিষদতকৈ কেএচিক শক্তিশালী ৰূপত গঢ়ি তুলি বিকাশ সাধান কৰাৰ ক্ষেত্ৰত বিভিন্ন জাতি - জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক লগত লৈ এই অঞ্চলৰ উন্নয়ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে ৷ সেইদৰে কোচ ৰাজবংশী উন্নয়ন পৰিষদখনত বহুতো সংগ্ৰামী সতীৰ্থ অন্তৰ্ভুক্ত হোৱা নাই বুলি উল্লেখ কৰি জনগোষ্ঠীটোৰ উত্তৰণ আৰু উন্নয়নৰ কাৰণে আক্ৰাছু তথা আন সংগঠনৰ হৈ যিসকলে দীৰ্ঘদিন ধৰি কাম কৰিছে সেই সংগ্ৰামী সত্তাসকলোক লগত লৈ কোচ ৰাজবংশী উন্নয়ন পৰিষদখনক অধিক পুঁজি আৱণ্টন দি শক্তিশালীৰূপত গঢ়ি তুলি জনগোষ্ঠীটোৰ উন্নয়ন আৰু বিকাশ সাধন কৰিব পাৰো তাৰ কাৰণে ইতিমধ্যে আলোচনা - বিলোচনা আৰম্ভ কৰিছো ৷ আমাক যিহেতু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেয়ে তেওঁক অতি সোনকালে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি জনগোষ্ঠীটোক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত মহামাৰী ক'ৰোনাৰ প্ৰসংগত কয় যে যিহেতু বৰ্তমান সময়ত ক'ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু বহু ঠাইত দৈনিক আক্ৰান্তৰ সংখ্যা আৰু ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে সেয়ে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ লগতে সকলোকে ক'ভিডবিধি মানি চলাৰ লগতে এই মহামাৰী প্ৰতিৰোধৰ বাবে চৰকাৰক সহায় - সহযোগ আগবঢ়াবলৈও আহ্বান জনায় ৷ সেইদৰে চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকত জাতীয় সমস্যাসমূহ সমাধানৰ বাবে বাস্তৱসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ  লগতে ক'ৰোনা মহামাৰীৰ প্ৰতিৰোধ তথা ইয়াৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে উল্লেখনীয় সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে কাৰ্যবাহী পাৰিষদ অতুল চন্দ্ৰ ৰায়েও কেএচিৰ তৰফৰ পৰা নৱ গঠিত মিত্ৰজোটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷ লগতে মিত্ৰজোটৰ ৰাজনৈতিক দল বিজেপি ,অগপকে ধৰি অন্যান্য ৰাজনৈতিক দলকো অভিনন্দন জনায় ৷ সংবাদ মেলত অতুল চন্দ্ৰ ৰায়ে নৱ গঠিত চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া যি জনজাতিকৰণৰ সমস্যা সেই সমস্যাৰ সমাধান কৰিব বুলি আশা ব্যক্ত কৰে ৷ লগতে সদ্য গঠিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদানৰ জৰিয়তে অধিক শক্তিশালী কৰি এই অঞ্চলৰ ৰাইজৰ উন্নয়ন সাধনৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সেইদৰে আন এগৰাকী কাৰ্যবাহী পাৰিষদ প্ৰদীপ কুমাৰ ৰায়েও নৱ গঠিত বিজেপি ,অগপ , ইউ পি পিএল মিত্ৰ জোটৰ চৰকাৰখনলৈ কেএচি আৰু আক্ৰাছুৰ তৰফৰ পৰা শুভেচ্ছা জনাই ৰাজ্যখনৰ সমস্যাসমূহ সমাধান কৰিব বুলি আশা ব্যক্ত কৰে ৷ লগতে কয় যে বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমৰ জনসাধাৰণক বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ এই প্ৰতিশ্ৰুতিসমূহৰ মাজত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা , কেএচি গঠন আদি আছিল ৷ ইতিমধ্যে কেএচি ঘোষণা কৰাৰ লগতে পৰিষদো গঠন কৰিলে ৷ কিন্তু পাৰিষদৰ যি কাম কাজ সেয়া আজিলৈ আৰম্ভ হোৱা নাই ৷ সেয়ে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে পাৰিষদসকলৰ শপতগ্ৰহণৰ ব্যৱস্থা কৰি দায়িত্ব হস্তান্তৰ কৰিব লাগে ৷ লগতে অধিক পুঁজি আবণ্টন দিবলৈয়ো অনুৰোধ জনায় ৷ সেইদৰে নিৰ্বাচনৰ পূৰ্বে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেইসমূহ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আখৰে আখৰে পালন কৰিব বুলি আশা প্ৰকাশ কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ কৰিয়ে সংবাদ মেলত প্ৰথমে দহটা কাম কৰিব বুলি কৈ আলফাকো শান্তি আলোচনালৈ আহিবলৈ আহ্বান জনোৱাক কাৰ্যক আদৰণি জনাই কোচ ৰাজবংশী জাতিৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি লোৱা কে এল অ কো শান্তি আলোচনালৈ আমন্ত্ৰণ জনাই কমতাপুৰবাসী ৰাইজৰ আশা- আকাংশা পূৰণ কৰিবলৈ আহ্বান জনায় ৷ তাৰোপৰি ঋণ লোৱা মহিলাসকলক ঋণৰ পৰা মুক্তি দিয়া, আন্দোলনত শ্বহীদ হোৱা জনগোষ্ঠীটোৰ শ্বহীদৰ পৰিয়ালক পাঁচ লাখকৈ আৰ্থিক সাহাৰ্য আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি প্ৰাদন কৰিছিল তাক পূৰণ কৰিবলৈকো আহ্বান জনায় ৷ যিহেতু বিজেপিৰ নেতৃত্বত দ্বিয়বাৰৰ বাবে চৰকাৰ গঠন হৈছে ,সেয়ে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ চৰকাৰখনলৈ আহ্বান জনায় ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা আন এগৰাকী কাৰ্যবাহী পাৰিষদ পূৰবী সৰকাৰেও নৱ গঠিত চৰকাৰখনলৈ কেএচি আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ তৰফৰ পৰা অভিনন্দন জনাই বিজেপি দল তথা চৰকাৰে বিগত ২০১৬ চনৰ পৰা কোচ ৰাজবংশীসকলৰ যিসমূহ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছিল সেই সমস্যাসমূহ সমাধান কৰিব বুলি আশা ব্যক্ত কৰে ৷  ইপিনে সংবাদ মেলত কেএচিৰ তৰফৰ পৰা অসম মন্ত্ৰী সভাত অন্তত কোচ ৰাজবংশী জনগোষ্ঠীৰ দুজন বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ এই সন্দৰ্ভত অধ্যক্ষ হিতেশ্বৰ বৰ্মনে কয় যে ইতিমধ্যে মন্ত্ৰী সভাত প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিক মন্ত্ৰীত্ব প্ৰদানৰ কুচ কাৱাজ চলিছে ,সেয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰো প্ৰতিনিধিক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷



প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা