বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই কেৰালা-তামিলনাডুত লকডাউন ঘোষণা, অসমতো?

শেহতীয়াকৈ ২ মেত দেশৰ যি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হল তাৰ ভিতৰত অন্যতম কেৰালা আৰু তামিলনাডু। আজি কোভিদজনিত কাৰণত কেৰালা তামিলনাডুত লকডাউন ঘোষণা কৰা হল। অসমত লকডাউনৰ আশংকা কৰি থকা চামৰ মাজত এতিয়া অসমতো লকডাউন দিয়াৰ শংকা দেখিবলৈ পোৱা গৈছে। আজি মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছতে ড' হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কাইলৈ অনুষ্ঠিত হব লগীয়া শৰ্মা চৰকাৰৰ প্ৰথম কেবিনেটত ঘাইকৈ কোৰোণা সংক্ৰমণৰ বিষয়তো পতা হব। তেনেস্থলত কাইলৈ অসমতো লকডাউনৰ দৰে সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিব নেকি তাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা