মৈৰাবাৰী পেট্ৰ'ল পাম্প শুভাৰম্ভ

মৈৰাবাৰী বাসীৰ বাবে সুখৰ।  মৈৰাবাৰী মৰিগাঁও সংযোগী  গড়কাপ্তানী পথৰ কাষত *SAMI HP FILLING STATION MOIRABARI* নামৰ পেট্ৰ'ল পাম্প শুভাৰম্ভ কৰে। মৈৰাবাৰী বাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আজি মুকলি হল। বহু দিন ধৰি পেট্ৰ'ল, ডিজেলৰ বাবে মৈৰাবাৰীবাসীয়ে বহু দুৰলৈ যাব লগা হৈছিল কিন্তু আজি হিন্দুস্থান পেট্ৰলিয়ামে মৈৰাবাৰী পেট্ৰ'ল পাম্প মুকলি কৰি মৈৰাবাৰী বাসীক সকাহ দিয়ে। এই পেট্ৰল পাম্প  শুভাৰম্ভ ফিতা কাটি শুভাৰম্ভ  কৰে মৈৰাবাৰীৰ বিশিষ্ট সমাজ সেৱক, সাংবাদিক তথা ধিং সমষ্টিৰ যুৱ নেতা মেহবুব মুক্তাৰে । শুভাৰম্ভত উপস্থিত থাকে উত্তৰ পূৰ্বাঞ্চলৰ হিন্দুস্থান পেট্ৰলিয়ামৰ ৰিজ' নেল মেনেজাৰ শুৰ্ভ চক্ৰৱতী আৰু এৰিয়াৰ মেনেজাৰ ৰাহুল চাংমাই আৰু পেট্ৰল পাম্পৰ সত্বাধিকাৰ নেকিব হুছেইন। শুভাৰম্ভত গ্ৰাহক সকলক উপহাৰ হিচাপে ২০০ টকাৰ পেট্ৰল ভৰালে দি আছে এখন কৈ লটাৰী কুপন। উক্ত লটাৰীৰ বিজয়ীক দিয়া হব প্ৰথম পুৰস্কাৰ মবাইল হেনছেট আৰু ২য় পুৰস্কাৰ হিচাপে গেছ চৌকা। আনহাতে ৫০০ টকা ডিজেল ভৰালে দি থকা হৈছে এখন কৈ কুপন। আৰু এই কুপনত পুৰস্কাৰ হিচাপে আছে *LED TV* ।

*মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা