নগাঁৱৰ তপতজুৰিৰ বামুণী পাহাৰৰ বন্যহস্তীৰ মৰণস্থলী পৰ্যবেক্ষণ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ মে’:  নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰিৰ বামুণী পাহাৰত আশ্চৰ্যজনকভাবে কুৰিটাৰো অধিক বন্যহস্তীৰ কৰুণ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৷ কি কাৰণ এনেদৰে পোৱালীসহ এটা বন্যহস্তীৰ জাকৰ কৰুণ মৃত্যু ঘটিল তাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও বজ্ৰপাতৰ ফলতেই এই ঘটনা সংঘটিত হ’ল বুলি সন্দেহ কৰিছে বন বিভাগৰ লোকে। কালিৰে পৰা পাহাৰৰ ওখ দুৰ্গম ঠাইত বন্যহস্তীৰ জাকটোৰ মৃতদেহৰ সন্ধানত বন বিভাগে অভিযান অব্যাহত ৰাখিছে আৰু ২২ টা হাতীৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে ৷ ইফালে, আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য তাৎক্ষণিকভাবে, শীৰ্ষ বন বিষয়া আৰু স্থানীয় বিধায়ক জিতু গোস্বামীৰ সৈতে তপত জুৰি পাহাৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে উক্ত কৰুণ ঘটনাত অতিকে দুখ প্ৰকাশ কৰি মৃত কেইবাটাও হাতীৰ ওচৰত গৈ ধূপ জ্বলাই সেৱা জনোৱাৰ লগতে পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ মন্ত্ৰীগৰাকীয়ে অতি দুৰ্গম পাহাৰৰ ওপৰত বহু সময় ঘুৰি উদ্ধাৰ অভিযানৰ তদাৰক কৰে ৷ পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰী গৰাকীয়ে এই ঘটনা অঞ্চলটোত বিগত দিনকেইটাত হৈ থকা উপৰ্যুপৰি বজ্ৰপাতৰ ফলতে সংঘটিত হোৱাৰ কিছু আভাষ ইতিমধ্যে লাভ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে । অৱশ্যে মৃত হাতীবোৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু বিশেষজ্ঞ দলৰ পৰ্যবেক্ষণৰ পিছতহে প্ৰকৃত কথা জানিব পৰা যাব বুলি লগতে উল্লেখ কৰি এলেকাটো অতি দুৰ্গম হোৱাৰ বাবে বৰ্তমান ৰাইজৰ সহযোগত মৃত হাতীবোৰৰ সমাধিস্থ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে ৷

Comments

  1. বৰ মৰ্মান্তিক ঘটনা, তদন্ত হব লাগে

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা