কামৰূপ জিলাৰ চাংসাৰিত ৰাইজে খেদি খেদি কাৰায়ত্ত কৰিলে দ্ৰাগছ আসক্ত যুৱকক

পঙ্কজ নাথ, চাংসাৰ, ২৯ মে                        

কামৰূপ জিলাৰ চাংসাৰিত আজি ৰাইজে খেদি খেদি দুই দ্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰে। ইয়াৰ লগতে এখন AS-01-BL-5825 নম্বৰৰ হোণ্ডা ঈয়ন নামৰ গাড়ীখনত দ্ৰাগছৰ ইঞ্চুলেন সহ দুটা কনতেনাৰ জব্দ কৰে ৰাইজে ।
ৰাইজে আটক কৰা ড্ৰাগছ আসক্ত যুৱক দুজনৰ এজন জলাহৰ ৰাজু আলি আৰু আনজন চাংসাৰিৰ ৰুবুল নাথ বুলি জানিব পৰা গৈছে। বহু দিনৰে পৰা ৰাইজৰ মূৰৰ কামোৰণি হৈ থকা এই দুই যুৱকক স্থানীয় দুই সচেতন যুৱক শ্বেখ আব্দুল ফিৰোজ আৰু ৰিয়াজুল হকে স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰে ৷ উল্লেখ্য যে যোৱাকালি নিশাও চাংসাৰিত এখন এম্বুলেঞ্চৰ ভিতৰত দ্ৰাগছৰ কাৰোবাৰ চলি থকা সন্দেহত এই সচেতন দুই যুৱক ফিৰোজ আৰু ৰিয়াজুলে অনুসন্ধান চলাই গাড়ী খনৰ পিছ লৈছিল যদিও এম্বুলেঞ্চ গাড়ীখন পলাই পত্ৰং দিয়ে। স্থানীয় য়ুৱকদ্বয়ে ইয়াৰ ওপৰতো চাংসাৰি থানাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। উক্ত কাৰ্য্যৰ পিছতে চাংসাৰিৰ সচেতন ৰাইজে উদ্যমী যুৱক শ্বেখ আব্দুল ফিৰোজ আৰু ৰিয়াজুল হকৰ দ্ৰাগছৰ বিৰুদ্ধে লোৱা এই পদক্ষেপৰ শলাগ লৈছে। 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা