মাতৃ দিৱস উপলক্ষে ’সেৱা’ৰ উদ্যোগত বঙাইগাঁও মানসিক চিকিৎসালয়ৰ মহিলা ৰোগীক সম্বৰ্দ্ধনা

বঙাইগাঁওঃ ৯ মেঃ মাতৃ দিৱস উপলক্ষে আজি 
বঙাইগাঁও মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা একৈশ গৰাকী মানসিকভাৱে অসুস্থ মহিলা ৰোগীক 'সেৱা' নামৰ এটা এন জি অৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত বঙাইগাঁও মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থক মানসিকভাৱে অসুস্থ মহিলা সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা তথা ইয়াৰ প্ৰতিৰোধৰ প্ৰতি  লক্ষ্য ৰাখি তেওঁলোকৰ মাজত  মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰে ৷ এই অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যকৰী সভাপতি চিত্তৰঞ্জন সিংহ, সাধাৰণ সম্পাদক প্ৰশান্ত ৰায়ৰ লগতে সদস্য সুজিৎ কুমাৰ ৰায় , উত্তম ৰায় আৰু তৰালী উপাধ্যায় উপস্থিত থাকে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা