নাবালিকা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডকলৈ সৰৱ জাষ্টিচ ফ’ৰাম ফৰ অপ্ৰেছড

≈≈মহিলা-মানৱ অধিকাৰ-শিশু অধিকাৰ সুৰক্ষা আয়োগক স্মাৰকপত্ৰ প্ৰদান#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ মে’: নাবালিকা চুমিলা ৰংহাংপীৰ নৃশংস হত্যাকাণ্ডকলৈ সৰৱ হৈ পৰিছে সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, কাৰ্বি নিমচ ছিংথুৰ আছং, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, অসম মহিলা সংঘ, নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থা, নগাঁও ডিষ্ট্ৰিক কাৰ্বি অৰ্গেনাইজেচন, নগাঁও কাৰ্বি ছাত্ৰ সন্থা, কপিলী কলং লামেট আমেই আৰু সংখ্যা লঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনে গঠিত জাষ্টিচ ফ'ৰাম ফৰ অপ্ৰেছডৰ নেতৃত্ব ৷ ইয়াৰ অংশহিচাপে সংগঠনটোৰ নেতৃবৃন্দই শুকুৰবাৰে অসম ৰাজ্যিক মহিলা আয়োগ, অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগক নাবালিকাগৰাকীৰ হত্যাকাণ্ডৰ উচিৎ তদন্তৰ দাবীত পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ জাষ্টিচ ফ'ৰাম ফৰ অপ্ৰেছডৰ তৰফৰ পৰা প্ৰগতিশীল নাৰী সন্থাৰ হৈ পৰী কুমাৰী বৰুৱা, আয়েফা বেগম, কাৰ্বি নিমচ্ ছিংথুৰ আছংৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপী আৰু কপিলী কলং কাৰ্বি লামেত আমেই বুদ্ধেশ্বৰ তিমুংৰ দ্বাৰা গঠিত সজাতি দলে অসম ৰাজ্যিক মহিলা আয়োগ, অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কাৰ্যালয়ত গৈ ভাগে ভাগে স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত মূলতঃ POCSO ACT 2012 (Section 4) Child and Adalestion Labour Act 2015 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ নং ধাৰাৰ দোষী প্ৰকাশ বৰঠাকুৰ, নয়নমনি বৰঠাকুৰ আৰু ৰীনা বৰঠাকুৰৰ ওপৰত গোচৰ ৰুজু কৰিবৰ বাবে নগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশনা দিবৰ বাবে দাবী জনোৱাৰ লগতে চুমিলা ৰংহাংপী পৰিয়ালক বিছ লাখ টকা ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে । তদুপৰি মহিলা আয়োগক ৰাজ্যৰ প্ৰত্যেকটো আৰক্ষী চকীত সংগ্ৰামী মহিলা সংগঠনৰ প্ৰতিনিধিক লৈ মহিলা কোষ গঠন কৰা আৰু নিৰ্দিষ্ট থানাৰ এলেকাধীন যিসমূহ পৰিয়ালত নাবালিকাৰ পৰা বয়োজেষ্ঠলৈকে বন কৰা মহিলা আছে, সেইসকলৰ নাম পঞ্জীয়ন কৰাৰো দাবী জনায় ৷ ইফালে, সজাতি দলটোয়ে এক বিবৃতিৰ জৰিয়তে অহা ১১ মেত' ৰহাত এজনীয়া আয়োগে যি সাক্ষ্য গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে উক্ত অনুষ্ঠানত জাষ্টিচ ফ'ৰাম ফৰ অপ্ৰেছডৰ অংশীদাৰী সংগঠন সমূহে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰা লগতে ফ'ৰামৰ তৰফৰ পৰা লক্ষীমপুৰ জিলাৰ চাউলধোৱা থানাৰ অন্তৰ্গত থেকেৰাগুৰি গাঁৱৰ নাবালিকা দ্বিপশিখা হত্যাকাণ্ডৰ সন্দৰ্ভতো মানৱ অধিকাৰ আয়োগৰ ওচৰত গোচৰ তৰা হ'ব বুলি জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা