বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন খেলুৱৈ, শিল্পী, সুদক্ষ অভিযন্তা নিৰ্মল কুমাৰ নাথৰ মৃত্যু#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ মে’: বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন খেলুৱৈ, অভিনেতা, প্ৰযোজক, প্ৰৱীন শিল্পী তথা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা নিৰ্মল কুমাৰ নাথৰ বৃহস্পতিবাৰে মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮ বছৰ ৷ বাক্সা জিলাৰ বাঘমাৰা বজাৰৰ মাজৰ মাখাত জন্মগ্ৰহণ কৰিলেও কৰ্মসূত্ৰে গুৱাহাটী মহানগৰৰ চান্দমাৰীৰ স্থায়ী বাসিন্দা হৈ পৰা নাথৰ ফুটবল, ক্ৰিকেট আৰু ভলীবলৰ এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে সকলোৰে মাজত পৰিচয় থকাৰ বিপৰীতে সাংস্কৃতিক ক্ষেত্ৰখনতো তেওঁৰ আধিপত্য আছিল। তেওঁ 'ৰ’দ' আৰু 'ৰ’দ হৈ আহা নামি তুমি' নামৰ অসমীয়া কথাছবিত অভিনয় কৰাৰ লগতে অসমীয়া শ্ৰব্য কেছেট 'মেঘালী' প্ৰযোজনা কৰিছিল ৷ চাকৰিৰ সমান্তৰালকৈ সমাজসেৱাটো নিজকে নিয়োজিত কৰি অহা নাথে চান্দমাৰী স্পৰ্টচ ক্লাৱৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে পূৱ গুৱাহাটী বিহু সন্মিলনকে ধৰি কেইবাটাও ক্ৰীড়া,সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত আছিল ৷ সকলোৰে মাজত 'নৱ' উপনামেৰে পৰিচিত বহু গুণধাৰী নাথৰ এনে অকাল মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, বৃদ্ধ পিতৃ-মাতৃ, দুটি ল’ৰা-ছোৱালীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা