হৃদয়' অসম সুন্দৰী-২০২১' প্ৰতিযোগিতাৰ আয়োজন

সঞ্জীৱ দাস, বজালী, ৭ মে': মালিক পাব্লিচিং হাউচৰ পৰা প্ৰকাশিত 'হৃদয়' মাহেকীয়া আলোচনীৰ সৌজন্যত  অনলাইন 'হৃদয় অসম সুন্দৰী–২০২১’ প্ৰতিযোগিতা এখনিৰ আয়োজন কৰিছে। 'হৃদয়'ৰ সম্পাদক চফিখুৰ ৰহমানে জনোৱা মতে, এই প্ৰতিযোগিতাখনিৰ নিয়মাৱলী মতে- ১৩ ৰ পৰা ২৫ বছৰৰ ভিতৰৰ বয়সৰ মহিলাই অংশ গ্ৰহণ কৰিব পাৰিব প্ৰতিযোগিতাত। অংশগ্ৰহণৰ বাবে কোনো ভৰ্তি মাচুল দিব নালাগে। মডেলিঙৰ এটি ভিডিঅ’ কৰি ৯১০১০৫৫৪৮৪ ৱাটচ্‌এপ নম্বৰত প্ৰেৰণ কৰাৰ লগতে প্ৰতিযোগীৰ নাম-ঠিকনা লিখি পঠাব লাগিব, যিকোনো পোছাক পৰিধান কৰিব পাৰিব কিন্তু পোছাক মাৰ্জিত হ'ব লাগিব। উল্লেখ্য যে, ভিডিঅ’সমূহ হৃদয়ৰ ইউটিউব চেনেল  MPH Media -ত আপলোড কৰা হ'ব। ২৫ মে' ৰ আগত ভিডিঅ' প্ৰেৰণ কৰিব লাগিব আৰু ভিউৱাৰ্চৰ পৰা পঞ্চাশ শতাংশ আৰু বিচাৰকৰ পঞ্চাশ শতাংশ নম্বৰ লৈ শ্ৰেষ্ঠ সুন্দৰী গৰাকী বাচনি কৰা হ’ব।
সম্পাদকে জনোৱা মতে, বিজয়ী প্ৰতিযোগীক বটাঁ হিচাপে প্ৰমাণ পত্ৰ, কিতাপৰ টোপোলা আগবঢ়াব আৰু 'হৃদয়' সাপ্তাহিক আলোচনীৰ এটা সংখ্যাৰ বেটুপাতত বিজয়ী প্ৰতিযোগী গৰাকীৰ ফটো প্ৰকাশ কৰিব। এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা