ফণীভূষণ চৌধুৰীৰ লগতে আন এজন কোচ ৰাজবংশী বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাৱী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

গুৱাহাটী : আজি এক প্ৰেছ বিবৃতিযোগে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে বিধায়ক ফনিভূষণ চৌধুৰীক মন্ত্ৰীসভাত স্থান দিয়াৰ লগতে আন এগৰাকী কোচ ৰাজবংশী নেতাকো স্থান দিয়াৰ বাবে দাৱী জনায়। কোঁচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ স্বপ্নক অতিশীঘ্ৰে নতুন চৰকাৰে বাস্তৱত ৰূপ দিব বুলিও আশাবাদী সংগঠনটোৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশী। আনপিনে আজি মহাপ্ৰয়ান ঘটা ৰাজ্যৰ জনপ্ৰিয় সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাইলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোক প্ৰকাশ কৰে সংগঠনটোৱে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা