ক'ভিড মহামাৰীৰ মাজতেই বান নিয়ন্ত্ৰণৰ বাবে তৎপৰ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল

বৰ্তমান সময়ত জলাশয়, বিল নদীত মাছ ধৰা নিষিদ্ধ—চক্ৰ বিষয়া চন্দন বৰগোহাঁইৰ অভিযান 

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২৮ মেঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাতো কালৰূপী ক'ভিড মহামাৰীৰ ভয়াৱহতা। ভুতৰ ওপৰত দানহ পৰাদি ইয়াৰ  মাজতে আগন্তুক বানক লৈ   ৰঙিয়া বাসীৰ মনত সৃষ্টি হৈছে গভীৰ  শংকাৰ । কিয়নো বিগত বৰ্ষত বানে ভাঙি থৈ যোৱা মথাউৰিৰ উপৰিও  দুৰ্বল মথাউৰি সমূহ সময়মতে মেৰামতি নকৰাৰ বাবেই এইবাৰো বানপানীয়ে ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিছে। অৱশ্যে মুুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰ খনে সম্ভাব্য বান পৰিস্থিতি মোকাবিলা কৰিবলৈ ইতিমধ্যে বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । ৰঙিয়াতো মহকুমাধিপতি স্বপ্নীল পালে ৰঙিয়াৰ বাণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তৎপৰ হৈ উঠিছে। মহকুমাাধিপতি পালৰ নিৰ্দেশ মৰ্মে আজি ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া সৌৰভ বৰকটকীযে বৰলীয়া নৈৰ জয়ন্তীপুৰ পঞ্চায়ত এলেকাৰ মথাউৰিৰ দুৰ্বল অংশবোৰ পৰিদৰ্শন কৰি  ৰাইজৰ পৰা পৰিস্থিতিৰ  বুজ লয়।পৰিদৰ্শন কালত বৰগোহাঁইয়ে কয় যে বৰলীয়া নৈৰ মথাউৰিৰ দুৰ্বল অংশৰ কামবোৰ বিভাগীয় ভাৱে পৰ্যালোচনা কৰি অনতি পলমে মেৰামতি সম্পূৰ্ণ কৰি ৰাইজৰ শংকা দূৰ কৰা হব। কিয়নো ইতিমধ্যে উৰ্ধতম কৰ্তৃপক্ষই বাৰিষাৰ বানৰ আগতে মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ  ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে । তেওঁ এমাহৰ ভিতৰত মথাউৰিৰ সংকটজনক স্থান সমূহ চিনাক্ত কৰি মেৰামতি কৰাৰ নিৰ্দেশ দিছে । লগতে মুখ্যমন্ত্রীয়ে সময়মতে কাম সম্পূৰ্ণ কৰা তথা কামৰ মান ৰক্ষাৰ বাবে এখন খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছে। এইবাৰ নতুন চৰকাৰখনে এইক্ষেত্রত বিশেষ তৎপৰতা অৱলম্বন কৰিছে আৰু কঠোৰ নিৰ্দেশ জাৰি কৰিছে।নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক'ভিড পৰিস্থিতিৰ মাজতো নিজেই বান পৰিস্থিতি নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰিছে। সময় কম যদিও অধিক ক্ষিপ্ৰতাৰে বান নিয়ন্ত্ৰণৰ কাম নকৰিলে এইবাৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে। আনহাতে এপ্ৰিল মাহৰ প্ৰথম ভাগৰ পৰা জুলাই মাহৰ মধ্য লৈকে মাছৰ কণীৰ পৰা পোৱালী জগোৱাৰ সময় হোৱাৰ বাবে মীন বিভাগে এই সময়খিনিত জলাশয়, বিল আৰু নদীত মাছ ধৰা নিষিদ্ধ কৰিছে, কিন্তু  কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে নিষেধাজ্ঞা থকাৰ পিছতো গোপনীয়তা ভাৱে মাছ ধৰি বজাৰত বিক্ৰী কৰি আহিছে।এইক্ষেত্ৰত আজি ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া বৰগোহাঁইয়ে এক গোপন সূত্ৰৰ পম খেদি বৰলীয়া নৈৰ পীতাম্বৰ হাটবজালীত অভিযান চলায়। লগতে নৈপৰীয়া ৰাইজক নদীত জাল পেলাই মাছ ধৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে, অন্যথাই আইনী মতে বিহিত ব্যৱস্থা লোৱাৰ কথা অৱগত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা