কৰোণাতংক : ৰঙিয়াৰ ছেপ্টীত কৰ'ণাৰ আতংকত ছিপ লৈ আত্মহত্যা

প্ৰতিবেদক , ৰঙিয়া ১৫ মেঃ
ৰাজ্য চৰকাৰৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনে ৰাইজক কোভিডক কেন্দ্ৰ কৰি আতংকিত নহৈ সাৱধানতা অৱলম্বন কৰিবলৈ  বাৰংবাৰ আহ্বান জনাই আহিছে। চৰকাৰে কোভিড আক্ৰান্ত সকলক সকলো সময়তে নিৰ্ভয় প্ৰদান কৰাৰ উপৰিও তেওঁলোকৰ বাবে  উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ কথাও বিভিন্ন প্ৰচাৰ মাধ্যমত অহৰহ প্ৰচাৰ কৰি আহিছে। তৎস্বত্তেও  একাংশ কোভিড আক্ৰান্তই অকল মানসিক চিন্তা আৰু আতংকৰ কাৰণে অকল যে স্বাস্থ্যৰ অৱনতি ঘটাইছে সেয়া নহয় অকালতে মৃত্যু মুখত পৰিছে। এনে সময়তে আজি ৰঙিয়াত এগৰাকী কোভিড আক্ৰান্ত লোকে একমাত্ৰ আতংকৰ বাবে আত্মঘাতী হোৱাত ৰঙিয়াত তীব্ৰ চাঞ্চল্য দেখা দিছে। পৰিয়ালৰ সূত্ৰ অনুসৰি ৰঙিয়াৰ চেপ্টি নিবাসী বিবেকানন্দ শৰ্মা আৰু তেওঁৰ পত্নী জ্বৰ কাঁহত ভুগী থকাত  যোৱা বুধবাৰে ৰঙিয়াত ৰেপিড এন্টিজেন টেস্ট কৰাত দুয়োজনৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰে। তেওঁলোকে নিজৰ ঘৰতে আছুতীয়া কৈ থকাৰ ব্যৱস্থা কৰে যদিও শৰ্মাৰ অৱস্থাৰ অৱনতি হোৱাত  তেওঁক পৰিয়ালৰ অন্যান্য সদস্য তথা ওচৰ চুবুৰীয়াই চিকিৎসালয়ত ভৰ্তি হবলৈ পৰামৰ্শ দিয়ে যদিও তেওঁ ৰঙিয়াৰ বাহিৰলৈ যাৱলৈ কেতিয়াও মান্তি নহয়। আনকি কৰোনা একো বেমাৰ  নহয়, তেওঁৰ একো নহয় আদি অবাস্তৱ কথা কৈ মূৰ পলকা মাৰাৰ চেষ্টা কৰে অৱশেষত আজি উপায়ন্তৰ হৈ  পৰিয়ালৰ লোকে শৰ্মাক হাজোৰ কলিতাকুছিৰ কেভিড চেন্টাৰলৈ এম্বুলেঞ্চেৰে লৈ যোৱাৰ সিদ্ধান্ত লয় । সেই সিদ্ধান্ত মৰ্মে শৰ্মাৰ পুত্ৰই এম্বুলেঞ্চক খবৰ দি শৰ্মাক  কাপোৰ পিন্ধিবলৈ  কয় । কিন্তু শৰ্মাই কাপোৰ পিন্ধাৰ পৰিৱৰ্তে আতঙ্কত ঘৰৰ বাৰান্দাতে ছিপ লৈ আত্মহত্যা কৰে । পত্নীয়ে কাপোৰলৈ আহি শৰ্মাক ছিপ লোৱা অৱস্থাত দেখা পাই হুৱাদুৱা লগায়।উল্লেখ্য যোৱা নিশাৰ পৰা  ব্যক্তি গৰাকী সম্পূৰ্ণৰূপে মানসিক ভাৱে ভাঙি পৰাত শনিবাৰে তেওঁৰ  লগতে পত্নীকো কোভিড হাস্পাতাললৈ নিয়াৰ বাবে যোজা কৰাৰ সময়তে তেওঁ ঘৰৰ বাৰান্দাত চিপলৈ আত্মহত্যা কৰে  । ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু  স্বাস্থ্য কৰ্মীৰ দল এটা তেওঁৰ ঘৰত  উপস্থিত হয় ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা