ৰঙিয়াত ৪৭ খন বিছনাযুক্ত কোভিড চিকিৎসা কেন্দ্র, অক্সিজেন প্লেণ্টৰ ব্যৱস্থা—মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ৰঙিয়াত  ৪৭ খন বিছনাযুক্ত কোভিড চিকিৎসা কেন্দ্র, অক্সিজেন প্লেণ্টৰ ব্যৱস্থা—মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

কোভিডৰ ব্যৱস্থা সন্দৰ্ভত উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু মহকুমাধিপতি স্বপ্নীল পালক মন্ত্ৰীৰ ভূয়সী প্ৰশংসা

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ১৮ মেঃ
ৰঙিয়াত অচিৰেই ৪৭ খন বিচনাযুক্ত আই চি ইউ, কমলপুৰত ৭০ খন  বিছনাযুক্ত  কোভিড চিকিৎসা কেন্দ্র আৰু ৰঙিয়াত  কিছুদিনৰ ভিতৰতেই এটা অক্সিজেন প্লাণ্টৰ সুবিধা উপলদ্ধ কৰা  হব। এই ঘোষণা ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। সমগ্ৰ কামৰূপ জিলাতে কৰোণা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী  ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ নিৰ্দেশ মৰ্মে আজি কোভিড পৰিস্থিতি সন্দৰ্ভত বুজ লবলৈ ৰঙিয়াত উপস্থিত হোৱা উদ্যোগ বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এনেদৰে ঘোষনা কৰে। তেওঁ কামৰূপ জিলাত কোভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু মহকুমাধিপতি স্বপ্নীল পালে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ভূয়সী প্ৰশংসা কৰে। কোভিড আক্ৰান্ত সকলক সেৱা আগবঢ়াবলৈ ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে গঠন কৰি দিয়া ৰেপিড ৰেছপন্স টিম আৰু অক্সিজেন চিলিণ্ডাৰ সহ আছুতীয়াকৈ ৰখা বিছনাৰ কথাও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।লগতে মন্ত্ৰী গৰাকীয়ে ৰঙিয়া মহকুমাৰ স্বাস্থ্য ব্যৱস্থা সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে কামৰূপ জিলা প্ৰশাসন  কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ  সাজু । মন্ত্ৰী গৰাকীয়ে ৰাইজক শংকিত নহবলৈ আহ্বান জনায়। উল্লেখ্য কামৰূপ জিলাৰ দায়িত্বত থকা অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰঙিয়াৰ মহকুমাধিপতি কাৰ্য্যালয়ত উপস্থিত হৈ এক পৰ্যালোচনা সভাত মিলিত হয়। আজিৰ পৰ্যালোচনা সভাত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা,কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পাল, মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা, স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালক ডাঃ গুনীন শৰ্মা, মহকুমা চিকিৎসা বিষয়া ডাঃ জোনাকী ডেকা, ডাঃ নৱনীতা বৰা, ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য সহ অন্যান্য উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে । সভাত কেভিড প্ৰতিৰোধৰ বাবে জিলা আৰু মহকুমা প্ৰশাসনৰ তৰফৰপৰা  গ্ৰহণ কৰা বিভিন্ন ধৰণৰ  ব্যৱস্থা সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰা হয়। সভাত উপায়ুক্ত কৈলাস কাৰ্তিক আৰু মহকুমাধিপতি স্বপ্নীল পালে ৰঙিয়াৰ ক'ভিড পৰিস্থিতিৰ ওপৰত বিস্তৃত ব‍্যাখ‍্যা দাঙি ধৰে। ৰঙিয়া মহকুমাত কোভিডৰ প্ৰতিষেধকৰ নাটনি হোৱা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, বিগত দিনতকৈ আৰু বেছি পৰিমাণৰ ভেকচিন ৰঙিয়া মহকুমাৰ ৰাইজে লাভ কৰিব। লগতে প্ৰত্যেকজন লোকে প্ৰতিষেধক পাব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ সকলোকে  চিন্তামুক্ত হৈ থাকিবলৈ অনুৰোধ জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা