পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই
নিউজ ডেস্ক : কোন হব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। এই লৈ চৰ্চা চলি থকাৰ মাজতে পদটোৰ বাবে অন্যতম চৰ্চিত ব্যক্তি ড' হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ খুলিলে। আজি সংবাদ মাধ্যমৰ আগত শৰ্মাই কয় যে সকলো সিদ্ধান্ত সংসদীয় ব’ৰ্ডে ল’ব, শপত গ্ৰহনৰ দিনো দিল্লীতে সিদ্ধান্ত হ’ব বুলি কয় হিমন্তই ।
আনহাতে দুই এদিনৰ ভিতৰতে সকলো সিদ্ধান্ত গ্ৰহন কৰিব সংসদীয় ব’ৰ্ডে ।
এই সন্দৰ্ভত দিল্লীৰ পৰা পৰ্যবেক্ষকো আহিব পাৰে বুলিও জনায় হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্কই বৰ্তমান ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে।
Comments
Post a Comment